• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ ‘নিমন্ত্ৰণ বাতিল’ বাতৰিৰ স্পষ্টীকৰণ মৰিগাওঁ অধিৱেশনৰ আদৰণি সমিতিৰ

“সংঘত কোনো ধৰণৰ মেৰুবিভাজন নাই”, অনাহক বিতৰ্ক নকৰিবলৈ সকলোকে আহ্বান আদৰণি সমিতিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 14, 2019 7:21 pm
pm-modi-at-85th-annual-conference-of-srimanta-sankaradeva-sangha-in-assam

সংঘৰ ৮৫ সংখ্যক শিৱসাগৰ অধিৱেশনত প্ৰধান মন্ত্ৰী মোদী। সৌজন্য-- narendramodi.in

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক মৰিগাওঁ অধিৱেশনলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণ বাতিলক কেন্দ্ৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘত মেৰু বিভাজন হৈছে বুলি এটা বৈদ্যুতিন সংবাদ মাধ্যমে পৰিৱেশন কৰা বাতৰি সন্দৰ্ভত আজি আদৰণি সমিতিয়ে স্পষ্টীকৰণ দিছে।

১৪ জানুৱাৰিত এই সন্দৰ্ভত মৰিগাঁৱত এখন সংবাদমেল অনুষ্ঠিত কৰি ৮৮ সংখ্যক অধিৱেশনৰ আদৰণি সমিতিয়ে বিষয়টো স্পষ্ট কৰে।

Apply Now

সংবাদমেলত আদৰণি সমিতিৰ সভাপতি ডাঃ পুনিৰাম পাতৰ আৰু সম্পাদক বাবুল বৰাই ‘সংঘত কোনো ধৰণৰ মেৰুবিভাজন নাই’ বুলি স্পষ্ট কৰি দিয়ে।

“প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ বাতিল সম্পৰ্কত নৱনিৰ্বাচিত পদাধিকাৰে কৰা মন্তব্যৰ সৈতে আদৰণি সমিতিও একমত”, সংবাদমেলত আদৰণি সমিতিৰ সভাপতি ডাঃ পুনিৰাম পাতৰে কয়।

উল্লেখযোগ্য যে ১৩ জানুৱাৰিত ব্যক্তিগত খণ্ডৰ সংবাদগোষ্ঠীটোৱে পৰিৱেশন কৰা এই সম্পৰ্কীয় সংবাদত মোদীৰ নিমন্ত্ৰণ বাতিলক কেন্দ্ৰ কৰি সংঘত সংঘাত হোৱা বুলি উল্লেখ কৰিছিল। এই বিষয়টোত নৱ নিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈ আৰু আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাৰ মাজত মতবিৰোধ হোৱা বুলি উল্লেখ কৰিছিল।

“এনে ধৰণৰ বাতৰিয়ে সংঘৰ শুভাকাংক্ষী আৰু জাতীয় দল-সংগঠনৰ লগত অনাহকত সংঘাত সৃষ্টি কৰিব পাৰে” আদৰণি সমিতিয়ে খেদ প্ৰকাশ কৰি কয়।

উল্লেখ্য যে, অহা ৬ ফেব্ৰুৱাৰিৰ পৰা ৯ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনাইছিল যদিও সেই নিমন্ত্ৰণ সংঘই বাতিল কৰিছে। শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মোদী চৰকাৰে লোৱা ‘অসমৰ ৰাইজৰ বিৰোধী’ পদক্ষেপৰ বাবেই তেওঁৰ নিমন্ত্ৰণ বাতিলৰ দৰে সিদ্ধান্ত লোৱা বুলি নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছিল।

কিন্তু এই বাতৰিটোত কিছু কিছু সংবাদগোষ্ঠীয়ে আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাৰ পূৰ্বৰ এটা মন্তব্যক টানি আনি দুয়োজনৰ মাজত সংঘাত থকা বুলি উল্লেখ কৰিছিল। লগতে সংঘতে মোদীক সমৰ্থন কৰা-নকৰাক লৈ মেৰু বিভাজন হোৱা বুলি সংবাদ পৰিৱেশন কৰিছিল, যিটোৰ বাবে আজি আদৰণি সমিতিয়ে সংবাদমেল দি ‘পদাধিকাৰৰ মতেই আমাৰ মত’ বুলি স্পষ্ট কৰিব লগীয়া হয়। সংবাদমেলত আদৰণি সমিতিৰ সভাপতি-সম্পাদকে এনে বাতৰিৰ দ্বাৰা প্ৰৰোচিত হৈ অধিবেশনৰ আদৰণি সমিতিক ভুল নুবুজিবলৈও ৰাইজলৈ আহ্বান জনায় লগতে সকলো দল-সংগঠন, সংবাদ মাধ্যম আৰু ব্যক্তি বিশেষৰ সহযোগিতা কামনা কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নৱনিৰ্বাচিত পদাধিকাৰ গগৈয়ে ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় অসমৰ ৰাইজৰ লগত থাকিব লাগিব’ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি অসমৰ ৰাইজে ‘বেয়া পোৱা’ কাম নকৰাৰ সিদ্ধান্ত লোৱা বুলি কৈছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd