• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিল্পী দিৱসত ‘সংকল্পৰ দিন’-এৰে বিধেয়ক বিৰোধী আন্দোলন আৰম্ভ কৰিব জুবিন গাৰ্গে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 15, 2019 8:39 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত চলি থকা প্ৰতিবাদৰ সমান্তৰালভাৱে ৰাইজৰ লগত সহযোগ কৰি বিধেয়কখন বাতিল কৰিবলৈ বিজেপি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছিল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। কিন্তু জুবিনৰ অনুৰোধক কোনো ভ্ৰূক্ষেপেই নকৰিলে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থকা বিজেপিয়ে। সেয়ে শিল্পী সমাজক লৈ প্ৰতিবাদ কৰিব জুবিনে।

অহা ১৭ জানুৱাৰীত তেজপুৰৰ কলেজিয়েট খেলপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাৱীত অনুষ্ঠিত হ’ব ‘সংকল্পৰ দিন’ অনুষ্ঠান।

Apply Now

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ অন্যতম কৰ্মস্থলী তেজপুৰত ‘শিল্পী দিৱসত শিল্পীৰ প্ৰতিবাদ’ সাব্যস্ত কৰাৰ বাবে জুবিন গাৰ্গৰ আহ্বানত কলাগুৰু আৰ্ট ফাউণ্ডেশ্যনে এই উদ্যোগ হাতত লৈছে।

উক্ত দিনা বিয়লি ৩-৩০ মিনিটৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে বিধেয়ক বাতিলৰ দাবীৰ লগতে ভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় বৰ্তাই ৰখাৰো প্ৰচেষ্টা লোৱা বুলি শিল্পীগৰাকীয়ে চ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে।

এই অনুষ্ঠানত নৱপ্ৰজন্মৰ ভালেকেইগৰাকী শিল্পীৰ লগতে জুবিন গাৰ্গৰ বহুসংখ্যক অনুৰাগীয়ে অংশ ল’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে জুবিন গাৰ্গে শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। লগতে তেওঁ ৭ দিনৰ ভিতৰত এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছিল।

কিন্তু এই ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ নীৰৱ ভূমিকাৰ পাছত জুবিন গাৰ্গে যোৱা ১৩ জানুৱাৰীত টুইটাৰযোগে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে। তেওঁ আনকি ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰৰ বাবে গোৱা গানৰ বাবত লোৱা মাননিও ওভতাই দিব বুলি টুইটটোত ঘোষণা কৰে।

ইয়াৰ পূৰ্বেও জুবিন গাৰ্গে কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চৰ পৰাই বিধেয়কখনৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাইজক প্ৰতিবাদ কৰি যাবলৈ আহ্বান জনাইছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd