হিন্দু বাংলাদেশীক পুনৰ সংস্থাপন দিবলৈ গৈ বিজেপি চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছু নেতত্বই। লখিমপুৰত অনুষ্ঠিত আছুৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠানত পোনপোটীয়াকৈ এই অভিযোগ আছু নেতৃত্বৰ।
উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ লালুকত আছুৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন কৰা হয়। কেন্দ্ৰীয় শিল্পী দিৱসৰ মূল কাৰ্যসূচীত অংশ লৈ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমীয়া জাতিৰ আজিৰ সংকটময় পৰিস্থিতিত জ্যোতি প্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীত সমূহৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে। অসমীয়াই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰিব লগা যুঁজৰ প্ৰতিটো খোজতে একোজন জ্যোতি প্ৰসাদৰ প্ৰয়োজন বুলিও তেওঁ দোহাৰে।
তদুপৰি, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত জ্যোতি প্ৰসাদৰ অৱদানৰ প্ৰতি স্বীকৃতিস্বৰূপে আজিলৈকে জ্যোতি প্ৰসাদৰ নামত এটি চলচিত্ৰ বঁটা প্ৰৱৰ্তন নকৰাত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আক্ষেপ প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰক বিষয়টোত গুৰুত্ব প্ৰদান কৰি এই বঁটা প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়।
আনহাতে, ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা আছুৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ বৃহস্পতিবাৰে অন্তিম দিনা পুৱাৰ সন্থাৰ পতাকা উত্তোলন কৰে আছুৰ কেন্দ্ৰীয় সভাপতি দীপাংক কুমাৰ নাথে আৰু শ্বহীদ তৰ্পণ কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।এই অনুষ্ঠানতে মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি তিনিওগৰাকী নেতাই বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব নি:শেষ কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
বৃহস্পতিবাৰে শিল্পী দিৱসৰ এই কাৰ্যসূচীত আছুৱে জ্যোতি প্ৰসাদ আগৰৱালাৰ জীয়াৰী জয়শ্ৰী চলিহাক বিশেষভাৱে সম্বৰ্ধনা জনায়। মুখ্য অতিথি হিচাপে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ উপৰি বিশিষ্ট অতিথি হিচাপে সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি কেশৱ নেওগ, আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক যোচেফ মিঞ্জ, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভূঞা, ওম প্ৰকাশ দীনোদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰেশ দত্ত, বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমূল্য হাজৰিকাই অংশগ্ৰহণ কৰে।