• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ কেন্দুগুৰিত ৰাজমন্ত্ৰী কনচেং দিৱস আৰম্ভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 21, 2019 2:25 pm
IMG-20190121-WA0013
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত ঐতিহাসিক গোহাঁই গাঁৱত  সদৌ অসম বৰপাত্ৰ গোহাঁই বংশাৱলী আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে  উদযাপন কৰা হৈছে ৰাজমন্ত্ৰী কনচেং দিৱস। কনচেং দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বুৰঞ্জী  সন্মিলন আৰু কুইজ প্ৰতিযোগিতা উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক এনামুদ্দিন আহমেদে।  উদ্ধোধনী ভাষণত তেওঁ ছাত্ৰ-ছাত্ৰী সকলক ইতিহাস অধ্যয়ণত ব্ৰতী হ’বলৈ আহ্বান জনায়।

বিশিষ্ট সাংবাদিকগৰাকীয়ে তেওঁৰ ভাষণত কয়,  ‘‘কনচেং বৰপাত্ৰ গোহাঁই এগৰাকী নিভাঁজ অসমীয়া বীৰ আছিল।  দেশ আৰু জাতিৰ বাবে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। মোগলৰ সপ্তমটো  আক্ৰমণত তেওঁ বংগৰ নৱাব খচল খাঁৰ সেনাপতি তুৰ্ব্বকক হত্যা কৰিছিল। কিন্তু এই গৰাকী বীৰৰ মৈদাম ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ তথা ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ কোনেও সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাটো অতি দুৰ্ভাগ্য বিষয় বুলি ব্যক্ত কৰে সাংবাদিক এনামুদ্দিন আহমেদে।

Apply Now

বৰপাত্ৰ বংশাৱলীয়ে বীৰ গৰাকীক শ্ৰদ্ধা জনাই যোৱা চাৰিটা বছৰে কনচেং দিৱস উদযাপন কৰাৰ লগতে নিজা উদ্যোগত মৈদাম সংৰক্ষণ কৰি অহাত তেওঁ সন্তুষ্টি লাভ কৰিছে বুলি মন্তব্য কৰে। আহোম স্বৰ্গদেউ  সকলৰ ধৰ্ম নিৰপেক্ষতাৰ সাম্প্ৰতিক সময়ত একাংশ ৰাজনৈতিক নেতাই ক্ষমতা লাভৰ নগ্ন  যুঁজত সম্পূৰ্ণ ৰূপে অৱজ্ঞা কৰি বিভিন্ন জনগোষ্ঠীয় আৰু ধৰ্মালম্বী লোকৰ মাজত সংঘৰ্ষ লগাবলৈ উঠি পৰি লগাৰ কথা দোহাৰি ছাত্ৰ-ছাত্ৰী আৰু সমাজ সচেতন ব্যক্তিসকলক এই ক্ষেত্ৰত সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

আহোম স্বৰ্গদেউসকলে প্ৰতিটো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকক আতি আন্তৰিকতাৰে আকোঁৱালি লোৱাৰ বাবেই জাতীয় দুৰ্যোগৰ সময়ত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোক ঐক্যবদ্ধ হৈছিল। আহোম আৰু মোগলৰ মাজত হোৱা যুঁজত বাঘ হাজৰিকাকে ধৰি বহুতো মুছলমান বীৰ লাচিতৰ সেনাপতিত্বত যুঁজত নামিছিল। কিন্তু আজি ক্ষমতা লাভৰ নগ্ন যুঁজত অৱৰ্তীণ হোৱা একাংশ তৰল মগজুৰ লোকে দেশ আৰু জাতিৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু থকা বিভিন্ন ধৰ্মালম্বী লোকক তুচ্চ তাচ্চিল্য কৰা বিষয়টো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

প্ৰণৱ বৰপাত্ৰ গোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে বৰপাত্ৰ গোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জীতেন বৰপাত্ৰ গোহাঁইয়ে। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ প্ৰণতি বৰপাত্ৰ গোহাঁই,  বীৰেণ চাংমাই, মাণিক চেতিয়া, জীৱেশ্বৰ বৰপাত্ৰ গোহাঁই, ফুলবৰ দিহিঙ্গীয়া, প্ৰফুল্ল বৰপাত্ৰ গোহাঁইকে ধৰি বহু কেইগৰাকী গণ্য-মাণ্য ব্যক্তি।

কনচেং বৰপাত্ৰ গোহাঁইৰ মৈদামত বন্তি প্ৰজ্বলন কৰে সদৌ অসম বৰপাত্ৰ গোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰফুল্ল বৰপাত্ৰ গোহাঁয়ে। বৰ অসম নিৰ্মাণত ৰাজমন্ত্ৰী কনচেং বৰপাত্ৰ গোহাঁইৰ ভুমিকা সম্পৰ্কত অনুষ্ঠিত আলোচনা চক্ৰত  ড০ দিব্যজ্যোতি ৰাজখোৱা, জিলা সাহিত্য সভাৰ সভাপতি দিলীপ বুঢ়াগোঁহাই, পবিত্ৰ বৰা,  ড০ সৌমাৰজ্যোতি মহন্ত আদিকে ধৰি বহুটো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd