দীৰ্ঘ দিনৰ অসুস্থতাৰ পাছত যোৱা নিশা ২০ জানুৱাৰি দেওবাৰৰ নিশা ত্ৰিপুৰাৰ জ্যেষ্ঠ জনজাতীয় নেতা নাগেন্দ্ৰ জামাতিয়াৰ পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ।
১৯৮৮-১৯৯৩ ত্ৰিপুৰা উপজাতি যুব সমিতি,(Tripura Upajati Juba Samity চমুকৈ TUJS) আৰু কংগ্ৰেছৰ মৰ্চা চৰকাৰৰ আমোলত কৃষি আৰু উদ্যানশস্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত নাগেন্দ্ৰ জামাতিয়াই তেওঁৰ পত্নী পবিত্ৰ ৰাণী জামাতিয়া আৰু দুগৰাকী সন্তান এৰি যায়। জামাতিয়াৰ কন্যা হামাৰিয়ে নতুন দিল্লীস্থিত এখন ইংৰাজী বাতৰি কাকতত কৰ্মৰত এগৰাকী সাংবাদিক।
আজি সোমবাৰে জনজাতীয় নেতাগৰাকীৰ নশ্বৰ দেহ ত্ৰিপুৰা বিধানসভা আৰু তাৰ পাছত ইণ্ডিজেনাছ নেশ্যনেলিষ্ট পাৰ্টী অব ত্ৰিপুৰাৰ (Indigenous Nationalist Party of Tripura চমুকৈ INPT) কাৰ্যালয়লৈ লৈ যোৱা হয়। উল্লেখ্য যে জামাতিয়া ত্ৰিপুৰা উপজাতি যুব সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক আছিল।
ত্ৰিপুৰা উপজাতি যুব সমিতি, ত্ৰিপুৰা নেশ্যনেল ভল্যুনণ্টিয়াৰছ (Tripura National Volunteers চমুকৈ TNV), আৰু কেইটামান জনজাতীয় দলে সংগঠিত হৈ ইণ্ডিজেনাছ নেশ্যনেলিষ্ট পাৰ্টী অব ত্ৰিপুৰা গঠন কৰিছিল। ইয়াৰ উপ সভাপতি আছিল জামাতিয়া। ১৯৭৮ৰ পৰা জামাতিয়া ত্ৰিপুৰা বিধানসভালৈ ৫ বাৰ নিৰ্বাচিত হৈছিল।