• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰম অনিশ্চয়তাৰে চলি আছে গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম

মাত্ৰ এক শতাংশ লোককহে পানী খুৱাব পশ্চিম গুৱাহাটী প্ৰকল্পই

ভৱেশ মেধি by ভৱেশ মেধি
January 22, 2019 5:59 pm
Water-Supply-in guwahati750x536

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে যোৱা ৮-৯ বছৰৰ ধৰি চলি থকা চাৰিটা পানী যোগান প্ৰকল্পৰ এতিয়াও বহু কাম বাকী থকাৰ সময়তে ‘পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প’ৰ জৰিয়তে অহা মাৰ্চত গুৱাহাটীৰ একাংশ এলেকাত নামমাত্ৰ পানী যোগান ধৰাৰ প্ৰস্তুতি চলিছে।

গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় পৰিষদৰ এক উচ্চস্তৰী সূত্ৰই জনোৱা মতে শেহতীয়া পৰিকল্পনা অনুসৰি ‘পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প’ই পশ্চিম গুৱাহাটী আৰু কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাতহে নামমাত্ৰ পানী যোগান ধৰিব।

Apply Now

তদুপৰি এই পানী ৰাইজে কেনেদৰে পাব আৰু পানীৰ দৰ কিমান হ’ব সেয়া এতিয়াও খোৱাপানী আৰু অনাময় পৰিষদে নিশ্চিত কৰিব পৰা নাই। আনহাতে যোগান ধৰিবলগীয়া খোৱাপানীৰ গুণগত মানৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। এতিয়ালৈকে খোৱাপানীৰ পৰিশোধনৰ বাবে কোনো ব্যৱস্থা নাই। আনকি পৰীক্ষাগাৰৰ নিবিদাকে আহ্বান কৰা হোৱা নাই।

কেন্দ্ৰীয় জনস্বাস্থ্য আৰু পৰিৱেশ কাৰিকৰী সংস্থা চমুকৈ চি পি এইচ ই ই অ’ৰ নিৰ্দেশাৱলী মতে, পৰীক্ষাগাৰটোত আইৰণ, বালি আদিৰ পৰিশোধনৰ ব্যৱস্থা থাকিব যদিও আৰ্ছেনিক আৰু জৈৱিক পদাৰ্থৰ পৰিশোধনৰ ব্যৱস্থা নাথাকিব। এনেক্ষেত্ৰত পানী যোগান প্ৰকল্পটোৰে যোগান ধৰিবলগীয়া এইধৰণৰ খোৱাপানী জনস্বাস্থ্যৰ বাবে কিমান নিৰাপদ হ’ব তাত নিশ্চয় সন্দেহৰ অৱকাশ থাকিব।

এই সন্দৰ্ভত নগৰ পানী যোগান আৰু পয়ঃপ্ৰণালী পৰিষদৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা সত্যব্ৰত শৰ্মাই কয় যে পানী যোগান প্ৰকল্পটোৰ পানীৰ পৰিশোধনৰ পৰীক্ষাগাৰটোত আৰ্ছেনিক আৰু জৈৱিক পদাৰ্থৰ উপস্থিতিৰ পৰীক্ষা কৰা ব্যৱস্থা থকাটো অতি জৰুৰী। কিছু বছৰ পূৰ্বে এটা পৰীক্ষাত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পানীত আৰ্ছেনিৰ উপস্থিতি পোৱা গৈছিল।

আনহাতে নাম প্ৰকাশত অনিচ্ছুক পৰিষদৰ এটা সূত্ৰই জনাই যে অহা মাৰ্চৰ ভিতৰত প্ৰকল্পটোৰ জৰিয়তে পশ্চিম গুৱাহাটীৰ পাণ্ডুৰ চাৰিটা এলেকাৰ ৫ হাজাৰ মানুহক, কেন্দ্ৰীয় গুৱাহাটীৰ অমিয়নগৰ, চানমাৰি, শিলপুখুৰী আৰু কন্বাচল চাৰিটা এলেকাৰ ৩হাজাৰ মানুহক খোৱা পানী যোগান ধৰা হ’ব।

উল্লেখযোগ্য যে ২০০৯ চনতে কাম আৰম্ভ কৰা প্ৰকল্পটোৰে গুৱাহাটীৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ৫ লাখ ৮০ হাজাৰ মানুহক পানী যোগান ধৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও এতিয়া মাত্ৰ ৫ হাজাৰ মানুহকহে অৰ্থ্যাৎ এক শতাংশ লোককহে পানী যোগান ধৰা হ’ব। কাৰণ ২০১৩ চনতে স্থাপন কৰা মাধৱদেৱ নগৰ, গণেশপাৰা, বৰঝাৰ, জালুকবাৰী, মিৰ্জাপুৰৰ জলাধাৰৰ বহু কাম এতিয়াও অসম্পূৰ্ণ হৈয়ে আছে।

মাত্ৰ কামাখ্যা পাহাৰৰ জলাধাৰটোৰ কামহে সম্পূৰ্ণ হৈছে। ইয়াৰ জৰিয়তেই পশ্চিম গুৱাহাটী আৰু কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত নামমাত্ৰ পানী যোগান ধৰা হ’ব।

ইপিনে চাৰিটা পানী যোগান প্ৰকল্পৰ তিনিটা প্ৰকল্প কেন্দ্ৰীয়, পূব আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ কাম ব্যাপক অনিয়ম, দুৰ্নীতি আৰু লেহেমীয়া গতিৰে চলি আছে। যাৰ বাবে প্ৰকল্প তিনিটাৰ কাম সম্পূৰ্ণ হোৱাক লৈ চৰম অনিশ্চয়তাই দেখা দিছে। প্ৰকল্পকেইটাৰ পাইপ বহুওৱা, জলাধাৰ নিৰ্মাণ কৰা, জলাধাৰৰ লগত পানীৰ পাইপ সংযোগ কৰা, নদীৰপৰা পানী উত্তোলন কৰি মজুত ৰখা, ইনটেক নিৰ্মাণ কৰা, বিদ্যুৎ সংযোগ কৰা আদি বহু কাম আধৰুৱা হৈ পৰি আছে।

কেন্দ্ৰীয় আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প দুটাৰ পানীৰ পাইপ বহুওৱাৰ কাম যোৱা ছমাহ ধৰি বন্ধ হৈ আছে। জাপানৰ জাইকা নামৰ বিত্তীয় প্ৰতিষ্ঠানৰপৰা ঋণ লৈ এই প্ৰকল্প দুটাৰ কাম কৰা হৈছিল।

যোৱা ২০০৯ চনৰ ৩১ মাৰ্চত প্ৰকল্প দুটাৰ সন্দৰ্ভত ভাৰত চৰকাৰ আৰু জাইকাৰ মাজত ঋণ চুক্তি সম্পাদন হৈছিল।  জানিব পৰা মতে ঋণ চুক্তিৰ ম্যাদ অহা জুনত শেষ হোৱাৰ পিছত জাইকাই প্ৰকল্প দুটাৰ বাবে নিৰ্দ্ধাৰিত বাকী থকা ঋণ দিয়া বন্ধ কৰিব। ফলত এতিয়া কেন্দ্ৰীয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটী প্ৰকল্প দুটাৰ কামত গভীৰ অনিশ্চয়তাই দেখা দিছে।

যোৱা বছৰ ২৩ ফেব্ৰুৱাৰীতে দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটী প্ৰকল্প দুটাৰ পানীৰ পাইপ বহুওৱাৰ দায়িত্বত থকা হায়দৰাবাদৰ কোম্পানী আই ভি চি আৰ এলক হায়দৰাবাদস্থিত নেচনেল কোম্পানী ল ট্ৰিবিউনেল চমুকৈ এন চি এল টিয়ে দেউলীয়া ঘোষণা কৰাৰ পিছৰপৰা প্ৰকল্প দুটাৰ পানীৰ পাইপ বহুওৱাৰ কাম বন্ধ হৈ আছে।

প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ৯৫০ কিলোমিটাৰ পথত কোম্পানীটোক পানীৰ পাইপ বহুওৱাৰ বাবে ৮০০ কোটি টকা মোকলাই দিছিল। কোম্পানীটোৱে পানীৰ পাইপ বহুওৱাৰ কাম ৬৫ শতাংশ সম্পূৰ্ণ কৰি দেউলীয়া ঘোষণা হোৱাৰ পিছত কোম্পানীটোৱে বাকী থকা কাম বাদ দি উধাও হৈছে।

ইপিনে, এছিয়ান ডেভেলপমেণ্ট বেংকৰপৰা ঋণ লৈ ২০১১ চনতে কাম আৰম্ভ কৰা দক্ষিণ-পূব গুৱাহাটীৰ পানীৰ পাইপ বহুওৱাৰ কাম বন্ধ হৈ থকাৰ লগতে নিৰ্দ্ধাৰিত কেইবাটাও জলাধাৰৰ নিৰ্মাণৰ কামো বন্ধ হৈ আছে। তথ্য মতে প্ৰকল্পটোৰ কাম এতিয়ালৈ ২০ শতাংশহে হৈছে। এনেদৰে  বছৰ বছৰ ধৰি চৰম অনিয়ম আৰু অৱহেলাৰে গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম চলি আছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd