• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭০ টা সংগঠনে উঠাই ল’লে ২৭ জানুৱাৰিৰ পথ অৱৰোধ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 26, 2019 6:47 am
Bandh cancel by 70 organisations.docx photo

গুৱাহাটীত ৭০ টা সংগঠনৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টা সংগঠনে। উক্ত কাৰ্য্যসূচীৰ অংশ হিচাপে ২৭ জানুৱাৰিৰ দিনটোত ৰাজপথ, পথ আৰু ৰেইলপথ অৱৰোধৰ কাৰ্য্যসূচী ঘোষণা কৰিছিল জাতীয় সংগঠনসমূহে।

কিন্তু ২৭ জানুৱাৰিৰ দিনা ৭০ টা সংগঠনে বাতিল কৰিছে তেওঁলোকৰ প্ৰতিবাদৰ কাৰ্য্যসূচী। এই কথা ঘোষণা কৰে ৭০ টা জাতীয় সংগঠনৰ আহ্বায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

Apply Now

’৭০ টা সংগঠনে ঘোষণা কৰা ৰাজপথ, পথ আৰু ৰেইলপথ কাৰ্য্যসূচী বাতিল কৰা হৈছে। কালি জৰুৰীভাৱে ৭০ সংগঠনৰ নেতৃবৰ্গ আলোচনাত মিলিত হৈ এই সিদ্ধান্ত লোৱা হৈছে।‘ এই কথা সংবাদমেলযোগে সদৰী কৰে অখিল গগৈয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, উক্ত দিনটোত মেডিকেল, উচ্চ ন্যায়ালয় তথা অন্য কেইবাটাও বিভাগৰ প্ৰৱেশ পৰীক্ষা আছে।

সেই কথা লক্ষ্য ৰাখি উক্ত দিনটোত ৰাজপথ অৱৰোধ আৰু ৰেইলপথ অৱৰোধ কাৰ্য্যসূচী বাতিল কৰা বুলি সংবাদমেলযোগে সদৰী কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ কয়, ‘’বিভিন্ন ব্যক্তিৰ পৰা ফোনযোগে আমি জানিব পাৰিছো, সেই দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ প্ৰৱেশ পৰীক্ষা আছে। মানুহৰ অপকাৰ কৰিবলৈ কেতিয়াও আমি আন্দোলন কৰা নাই।‘’

তদুপৰি, প্ৰশিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সেই ‘অৱৰোধ কাৰ্য্যসূচী’ উঠাই লোৱা বুলি জানিবলৈ দিয়ে গগৈয়ে।

অৱশ্যে উক্ত দিনটোত তিনিচুকীয়াৰ পানীতোলাত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব ৭০ টাকৈ জাতীয় সংগঠনে। এই কথা জানিবলৈ দি কৃষক নেতা অখিল গগৈয়ে কয়, ‘’উক্ত দিনটোত মটক, চুতীয়া, আহোম, মৰাণ, চাহ জনজাতিকে ধৰি অন্যান্য বহুকেইটা জাতীয় সংগঠনে মিলি বৃহৎ সমাবেশৰ আয়োজন কৰা হৈছে।‘’

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সম্পূৰ্ণৰূপে বাতিল কৰা তথা ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উক্ত ‘বিশাল সমাবেশ’ অনুষ্ঠিত হ’ব বুলি গগৈয়ে সংবাদমেলত সদৰী কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত ২৮ জানুৱাৰিৰ পুৱা ১০ বজাৰ পৰা ২৯ জানুৱাৰিলৈ ৭০টা সংগঠনে দিচপুৰ লাষ্টগেইটত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব। ২৮ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কাৰ্যসূচী হাতত লোৱাৰ কথাও ৭০টা সংগঠনৰ নেতৃবৰ্গই সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd