• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ পুৰণি ৰেকৰ্ড বজালে মুখ্য মন্ত্ৰীয়ে, ”বিধেয়কক লৈ শংকিত হোৱাৰ কাৰণ নাই”

মিটু খাটনিয়াৰ   by মিটু খাটনিয়াৰ  
January 29, 2019 7:16 pm
DSC02032
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি আজি মাজুলীৰ পৱিত্ৰ ভূমিৰ পৰা দ্ব্যৰ্থহীন ভাষাৰে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ কমলাবাৰীত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মঙ্গলবাৰে মুখ্য অতিথি হিচাপে অংগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে অসমৰ খিলঞ্জীয়া জনসাধাৰণ, ভূমিপুত্ৰসকলৰ স্বাৰ্থ আৰু অধিকাৰ সম্পূৰ্ণ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যবাসীক পুণৰবাৰ আশ্বস্ত কৰে।

বিৰোধী দল আৰু বিভিন্ন অপশক্তিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অপপ্ৰচাৰ আৰু মিছা কথাৰে ৰাজ্যবাসীৰ মাজত ভয়-শংকাৰ সৃষ্টি কৰিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে অপপ্ৰচাৰত বিভ্ৰান্ত নহ’বলৈ ৰাইজক আহ্বান জনায়। মুখ্যমন্ত্ৰী সোণোৱালে কয়, ‘নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ অপপ্ৰচাৰ চলিছে। আমাৰ মাটি সম্পূৰ্ণৰূপে বিদেশীৰ কবললৈ যাব, আমাৰ ভাষা-সংস্কৃতি-সাহিত্য বিচ্ছিন্ন হৈ যাব বুলি মিছা কথাৰে ৰাইজক শংকিত কৰি তুলিব বিচাৰিছে।

Apply Now

সেইবোৰ কথা মুঠেই সঁচা নহয়। অসমৰ বুকুত আমি থকালৈকে এই কথা আমি হ’বলৈ নিদিও। অসমখন ইমান দুৰ্বল নহয়। যিখন সমাজত-ৰাজ্যত বীৰ লাচিত বৰফুকন আৰু চিলাৰায়ৰ জন্ম হৈছিল, সেইখন ৰাজ্যক, সেইখন সমাজক পৃথিৱীৰ কোনোৱেই গ্ৰাস কৰিব নোৱাৰে।’  অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কোনো কামেই তেওঁৰ লগতে ৰাজ্য চৰকাৰখনেও কেতিয়াও নকৰে বুলি স্পষ্ট কৰি দিয়ে মুখ্য মন্ত্ৰীগৰাকীয়ে।

ৰাইজক সম্বোধি তেওঁ কয়, “এইখন অসমৰ চৰকাৰ, অসমীয়া ৰাইজৰ চৰকাৰ। এইখন চৰকাৰে সকলো মুহূৰ্ততে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কাম কৰি আছে আৰু ভৱিষ্যতেও  দৃঢ়তাৰে কৰি যাব। এইক্ষেত্ৰত ৰাইজ অলপো শংকিত হ’ব নালাগে।  আমাৰ চৰকাৰৰ মূল নীতিয়েই হৈছে যে আগন্তুক দিনত যাতে অসমৰ থলুৱা লোকৰ হাতত ভূমিৰ অধিকাৰ থাকে, সেয়া নিশ্চিত কৰা। আমাৰ ভাষা-সংস্কৃতি, ৰীতি-নীতি আৰু সভ্যতা-স্বাভিমান যাতে সকলো সময়তে ৰক্ষা পৰে, সেয়া আমি নিশ্চিত কৰাৰ ব্যৱস্থা লৈছো।’

জনসাধাৰণক অপপ্ৰচাৰেৰে বিভ্ৰান্ত কৰিবলৈ অপচেষ্টা চলোৱা শক্তিসমূহৰ বিষয়ে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল বিবৃতিৰ যোগেদি কোনো কথাকে বাস্তৱায়িত কৰিব নোৱাৰি। ইয়াৰ বাবে সাংবিধানিক বিধি-ব্যৱস্থাৰ মাজেৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন বুলি দোহাৰি এইক্ষেত্ৰত ৰাজ্য চৰকাৰখনে বলিষ্ঠ পদক্ষেপ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে শেহতীয়াকৈ তেওঁক বিভিন্ন পক্ষই কৰা সমালোচনাক লৈ তেওঁৰ কোনো আক্ষেপ নাই বুলিও প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ সমালোচক আৰু অপপ্ৰচাৰকাৰীসকলক উদ্দেশ্যি নিজৰ ভাষণত স্পষ্ট কৰি দিয়ে যে কোনো শক্তিকে অসমৰ উন্নয়নৰ যাত্ৰাক ৰোধ কৰিবলৈ দিয়া নহ’ব। নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে নতুনকৈ এজনো বিদেশী অসমলৈ আহিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে। খিলঞ্জীয়াৰ হাতত অসমৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰে মাজুলীসহ ৰাজ্যত এতিয়ালৈকে জৰীপ নোহোৱাকৈ থকা অঞ্চলসমূহত শীঘ্ৰে ভূমিৰ জৰীপ কৰি ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ হাতত ভূমিৰ অধিকাৰ প্ৰদানৰ ঐতিহাসিক ব্যৱস্থা লোৱা বুলি সভাত ঘোষণা কৰে মুখ্য মন্ত্ৰীয়ে।

ৰাজ্যৰ শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, টিংখঙৰ বিধায়ক বিমল বৰা, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, সদৌ অসম গাঁওৰক্ষী সংগঠনৰ মুখ্য পৰিচালক তথা আৰক্ষী উপ মহাপৰিদৰ্শক দিগন্ত বৰা, সংগঠনৰ মুখ্য উপদেষ্টা অঞ্জন বৰা, মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰয়ো অংশগ্ৰহণ কৰা এই মুকলি সভাতে মুখ্যমন্ত্ৰী সোণোৱালে জেংৰাইমুখ আৰু কমলাবাৰীত ক্ৰমে ১০ কোটি আৰু ৬.৫ কোটি টকা ব্যয়েৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা দুটা ক্ৰীড়া প্ৰকল্প আৰু ৰঙাচাহীত ১৪.০৮ কোটি টকাৰে স্থাপন কৰিবলৈ লোৱা ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এটাৰ প্ৰতীকী আধাৰশিলাও স্থাপন কৰে।

এই সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁওৰক্ষী বাহিনীৰ শ্বহীদ পৰিয়াল এটাক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ লগতে গাঁও সুৰক্ষাৰ ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা গাঁওৰক্ষী বাহিনীৰ ৬৫গৰাকী সদস্যক সম্বৰ্ধনা জনায়। সাংসদ প্ৰদান বৰুৱাই উদ্বোধন কৰা মুকলি সভাখনত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে।

মিটু খাটনিয়াৰ  

মিটু খাটনিয়াৰ  

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd