নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি আজি মাজুলীৰ পৱিত্ৰ ভূমিৰ পৰা দ্ব্যৰ্থহীন ভাষাৰে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ কমলাবাৰীত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মঙ্গলবাৰে মুখ্য অতিথি হিচাপে অংগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে অসমৰ খিলঞ্জীয়া জনসাধাৰণ, ভূমিপুত্ৰসকলৰ স্বাৰ্থ আৰু অধিকাৰ সম্পূৰ্ণ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যবাসীক পুণৰবাৰ আশ্বস্ত কৰে।
বিৰোধী দল আৰু বিভিন্ন অপশক্তিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অপপ্ৰচাৰ আৰু মিছা কথাৰে ৰাজ্যবাসীৰ মাজত ভয়-শংকাৰ সৃষ্টি কৰিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে অপপ্ৰচাৰত বিভ্ৰান্ত নহ’বলৈ ৰাইজক আহ্বান জনায়। মুখ্যমন্ত্ৰী সোণোৱালে কয়, ‘নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ অপপ্ৰচাৰ চলিছে। আমাৰ মাটি সম্পূৰ্ণৰূপে বিদেশীৰ কবললৈ যাব, আমাৰ ভাষা-সংস্কৃতি-সাহিত্য বিচ্ছিন্ন হৈ যাব বুলি মিছা কথাৰে ৰাইজক শংকিত কৰি তুলিব বিচাৰিছে।
সেইবোৰ কথা মুঠেই সঁচা নহয়। অসমৰ বুকুত আমি থকালৈকে এই কথা আমি হ’বলৈ নিদিও। অসমখন ইমান দুৰ্বল নহয়। যিখন সমাজত-ৰাজ্যত বীৰ লাচিত বৰফুকন আৰু চিলাৰায়ৰ জন্ম হৈছিল, সেইখন ৰাজ্যক, সেইখন সমাজক পৃথিৱীৰ কোনোৱেই গ্ৰাস কৰিব নোৱাৰে।’ অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কোনো কামেই তেওঁৰ লগতে ৰাজ্য চৰকাৰখনেও কেতিয়াও নকৰে বুলি স্পষ্ট কৰি দিয়ে মুখ্য মন্ত্ৰীগৰাকীয়ে।
ৰাইজক সম্বোধি তেওঁ কয়, “এইখন অসমৰ চৰকাৰ, অসমীয়া ৰাইজৰ চৰকাৰ। এইখন চৰকাৰে সকলো মুহূৰ্ততে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কাম কৰি আছে আৰু ভৱিষ্যতেও দৃঢ়তাৰে কৰি যাব। এইক্ষেত্ৰত ৰাইজ অলপো শংকিত হ’ব নালাগে। আমাৰ চৰকাৰৰ মূল নীতিয়েই হৈছে যে আগন্তুক দিনত যাতে অসমৰ থলুৱা লোকৰ হাতত ভূমিৰ অধিকাৰ থাকে, সেয়া নিশ্চিত কৰা। আমাৰ ভাষা-সংস্কৃতি, ৰীতি-নীতি আৰু সভ্যতা-স্বাভিমান যাতে সকলো সময়তে ৰক্ষা পৰে, সেয়া আমি নিশ্চিত কৰাৰ ব্যৱস্থা লৈছো।’
জনসাধাৰণক অপপ্ৰচাৰেৰে বিভ্ৰান্ত কৰিবলৈ অপচেষ্টা চলোৱা শক্তিসমূহৰ বিষয়ে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল বিবৃতিৰ যোগেদি কোনো কথাকে বাস্তৱায়িত কৰিব নোৱাৰি। ইয়াৰ বাবে সাংবিধানিক বিধি-ব্যৱস্থাৰ মাজেৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন বুলি দোহাৰি এইক্ষেত্ৰত ৰাজ্য চৰকাৰখনে বলিষ্ঠ পদক্ষেপ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
মুখ্য মন্ত্ৰী সোণোৱালে শেহতীয়াকৈ তেওঁক বিভিন্ন পক্ষই কৰা সমালোচনাক লৈ তেওঁৰ কোনো আক্ষেপ নাই বুলিও প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ সমালোচক আৰু অপপ্ৰচাৰকাৰীসকলক উদ্দেশ্যি নিজৰ ভাষণত স্পষ্ট কৰি দিয়ে যে কোনো শক্তিকে অসমৰ উন্নয়নৰ যাত্ৰাক ৰোধ কৰিবলৈ দিয়া নহ’ব। নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে নতুনকৈ এজনো বিদেশী অসমলৈ আহিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে। খিলঞ্জীয়াৰ হাতত অসমৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰে মাজুলীসহ ৰাজ্যত এতিয়ালৈকে জৰীপ নোহোৱাকৈ থকা অঞ্চলসমূহত শীঘ্ৰে ভূমিৰ জৰীপ কৰি ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ হাতত ভূমিৰ অধিকাৰ প্ৰদানৰ ঐতিহাসিক ব্যৱস্থা লোৱা বুলি সভাত ঘোষণা কৰে মুখ্য মন্ত্ৰীয়ে।
ৰাজ্যৰ শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, টিংখঙৰ বিধায়ক বিমল বৰা, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, সদৌ অসম গাঁওৰক্ষী সংগঠনৰ মুখ্য পৰিচালক তথা আৰক্ষী উপ মহাপৰিদৰ্শক দিগন্ত বৰা, সংগঠনৰ মুখ্য উপদেষ্টা অঞ্জন বৰা, মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰয়ো অংশগ্ৰহণ কৰা এই মুকলি সভাতে মুখ্যমন্ত্ৰী সোণোৱালে জেংৰাইমুখ আৰু কমলাবাৰীত ক্ৰমে ১০ কোটি আৰু ৬.৫ কোটি টকা ব্যয়েৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা দুটা ক্ৰীড়া প্ৰকল্প আৰু ৰঙাচাহীত ১৪.০৮ কোটি টকাৰে স্থাপন কৰিবলৈ লোৱা ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এটাৰ প্ৰতীকী আধাৰশিলাও স্থাপন কৰে।
এই সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁওৰক্ষী বাহিনীৰ শ্বহীদ পৰিয়াল এটাক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ লগতে গাঁও সুৰক্ষাৰ ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা গাঁওৰক্ষী বাহিনীৰ ৬৫গৰাকী সদস্যক সম্বৰ্ধনা জনায়। সাংসদ প্ৰদান বৰুৱাই উদ্বোধন কৰা মুকলি সভাখনত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে।