মৰিগাঁও জিলাৰ মায়ঙত গঁড়ৰ আক্ৰমণত এগৰাকী বনকৰ্মীৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে বুঢ়া মায়ং পাহাৰত এই ঘটনা সংঘটিত হয়।
পবিতৰাৰ পৰা ওলাই অহা এটা গঁড়ক ওভতাই পঠিওৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয়। গঁড়টোৰ আক্ৰমণত নাৰায়ন কোঁৱৰ নামৰ বনকৰ্মীজন গুৰুতৰভাৱে আহত হয়।
আহত বনকৰ্মী নাৰায়ন কোঁৱৰক চিকিৎসাৰ বাবে হাস্পাতাললৈ নিয়াৰ পথতে তেওঁ মৃত্যু হয়। গঁড়টোৰ আক্ৰমণত নিহত হোৱা নাৰায়ন কোঁৱৰ বয়স আছিল ২৮ বছৰ।
পবিতৰাৰ গাতে লাগি থকা মায়ঙকে ধৰি দাঁতি কাষৰীয়া অঞ্চলসমূহলৈ অভয়াৰণ্যখনৰ পৰা গঁড় ওলাই আহি বিচৰণ কৰে। বনকৰ্মীসকলে গঁড়সমূহৰ সুৰক্ষাৰ বাবে অভয়াৰণ্যখনৰ ভিতৰলৈ খেদি পঠায় যাতে ই চোৰাং চিকাৰীৰ কবলত নপৰে।
বিগত সময়ত এইদৰে ওলাই অহা কেইবাটাও গঁড় চোৰা চিকাৰীয়ে হত্যা কৰি ইয়াৰ খড়্গ লৈ উধাও হোৱাৰ ঘটনা সংঘটিত হৈছিল।