নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত এইবাৰ পদ্মশ্ৰী সন্মান উভতাই দিব মণিপুৰৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাই। আজি ইম্ফলত চলচ্চিত্ৰ পৰিচালক গৰাকীয়ে তেওঁৰ এই সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ উত্তৰ-পূবৰ লগতে মণিপুৰতো বিভিন্ন দল-সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিছে। যোৱা ৩০ জানুৱাৰিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যখনৰ একাংশ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে নতুন দিল্লীৰ সংসদৰ ভি ভি আই পি নিৰাপত্তা বেষ্টনিৰ সন্মুখত নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিমূৰ্তি দাহ কৰিছিল।
‘ইমাগি নিংথেম’, ‘ইশ্বানৌ’, ‘লামজা পৰশুৰাম’ আদিৰ দৰে কেইবাখনো উল্লেখযোগ্য ছবিৰে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অৰিবাম শ্যাম শৰ্মাক ২০০৬ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।
তেওঁৰ ১৯৯০ চনত নিৰ্মিত ইশ্বানৌ ছবিখন বিশ্বৰ প্ৰসিদ্ধ কাঁ চলচ্চিত্ৰ মহোৎসৱত Un Certain Regard শাখাত প্ৰদৰ্শন হৈছিল।
১৯৩৬ চনত জন্মগ্ৰহণ কৰা ৮২ বছৰীয়া চলচ্চিত্ৰ তথা সংগীত পৰিচালক গৰাকীক মণিপুৰী চিনেমাৰ পিতৃপুৰুষ হিচাপে গন্য কৰা হয়।