• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

নাগৰিকত্ব বিধেয়ক বাতিল নকৰিলে দল ত্যাগৰ হুংকাৰ মিজোৰাম বিজেপিৰ সভাপতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2019 7:03 am
Mizoram BJP President
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে কঠোৰতম স্থিতি লৈ অহা মিজোৰামৰ নাগৰিকৰ পদাংক অনুকৰণ কৰি মিজোৰাম বিজেপিৰ সভাপতিয়ে ৰাষ্ট্ৰীয় নেতৃত্বক চৰম সকীয়নি দিছে। নিজৰ ৰাজ্যৰ আৰু উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰশ্নই সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দি মিজোৰাম বিজেপিৰ সভাপতি জন ভি লুনা (John V Hluna)ই বিধেয়কখন বাতিল কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বক হেঁচা দি কয় যে ইয়াৰ অন্যথাই তেওঁ দলৰ পৰা ওলাই আহিবলৈ বাধ্য হ’ব।

”বিজেপিৰ ৰাজ্যিক গোটটো গঠন কৰা হৈছিল মিজোৰামবাসীৰ উন্নয়ন আৰু ঐক্যৰ কথা চিন্তা কৰি। যদিহে ই (বিধেয়কখন) মিজোৰামবাসীৰ বাবে ক্ষতিকৰ, তেন্তে আমি কেনেকৈ ইয়াত থাকিম?’, লুনাই সংবাদ মাধ্যমৰ আগত কয়।

Apply Now

ইপিনে লুনাই গীৰ্জাৰ অপৰিসীম প্ৰভাৱ থকা ৰাজ্যখনৰ গীৰ্জাসমূহক নাগৰিকত্ব বিধেয়ক যাতে ৰাজ্যসভাত গৃহীত নহয়, তাৰ বাবে প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছে। ৫ ফেব্ৰুৱাৰিত এখন সংবাদমেলৰ সময়ত ৰাজ্যিক সভাপতিজনে এই আহ্বান দিয়ে।

ৰাজ্যিক সভাপতিজনে লগতে ৰাজ্যখনৰ নাগৰিক আৰু দল-সংগঠনৰ প্ৰতিবাদলৈ সমৰ্থন আগ বঢ়াই কয়, ”বেচৰকাৰী দল-সংগঠন আৰু ৰাজনৈতিক দল সমূহৰ লগতে গীৰ্জাবোৰে বিধেয়কখন সংসদত গৃহীত নকৰিবলৈ যি দাবী জনাই আহিছে, তাত মিজোৰাম বিজেপিৰ পূৰ্ণ সমৰ্থন আছে।’

অৱশ্যে নিজৰ বক্তব্যৰ মাজত স্ববিৰোধ সৃষ্টি কৰি লুনাই বিধেয়কখনে মিজোৰামৰ বিশেষ ক্ষতি নকৰে বুলিও কয়। বিধেয়কখনে ৰাজ্যখনত সামান্যহে প্ৰভাৱ পেলাব। ই ঘাইকৈ বাংলাদেশ, আফগানিস্তান, পাকিস্তানত ধৰ্মীয় নিপীড়নৰ বলি হোৱা হিন্দু, খ্ৰীষ্টান, জৈন, পাৰ্চী আৰু শিখসকলকহে নাগৰিকত্ব দিব বুলি তেওঁ দাবী কৰে।

‘মিজোৰামত ঘাইকৈ বাংলাদেশৰ পৰা বৌদ্ধ চাকমাসকল আহি ঠাই ল’ব পাৰে বুলি  ভয় আছে। কি্নতু যিমান দূৰ জানো চাকমাসকল তাত নিপীড়নৰ বলি হোৱা নাই’, নিজৰ ব্যক্তব্যৰ সপক্ষে এই যুক্তি দাঙি ধৰে লুনাই। এই সম্পৰ্কত এটা অপপ্ৰচাৰ চলোৱা হৈছে বুলিও তেওঁ অভিযোগ কৰে।

উল্লেখযোগ্য যে ৰাজ্যিক সভাপতিজনে পূৰ্বে প্ৰধান মন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অন্যান্য নেতাসকলক বিধেয়কখন বাতিল কৰিবলৈ অনুৰোধ লৈ লগ কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় নেতৃত্বক এইটোও কৈছিল যে যদিহে বিধেয়কখন বাতিল কৰাটো সম্ভৱ নহয়, তেন্তে উত্তৰ-পূবক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখক।

ইপিনে মিজোৰামৰ শাসকীয় দল তথা বিজেপিৰ মিত্ৰ এম এন এফেও ইতিমধ্যে বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি কেন্দ্ৰক জনাই দিছিল।

মিজো সাধাৰণ নাগৰিক আৰু দল-সংগঠনেও অভূতপূৰ্ব ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিধেয়কখনৰ বিৰুদ্ধে। লাখ লাখ মিজো নাগৰিকে Hello China, Bye Bye India লিখা প্লেকাৰ্ড লৈ উলিওৱা প্ৰতিবাদী সমদলে মনোযোগ কাঢ়িছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd