• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমক কেন্দ্ৰৰ বঞ্চনা : গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰক কিয় কৰা নহ’ল ২৪ ঘণ্টীয়া অসমীয়া চেনেল?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 12:59 pm
Dlw4adUVAAAtL6x

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত প্ৰচাৰিত এটি অনুষ্ঠান। ফটো : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ দিন প্ৰচাৰ ভাৰতীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। অসমতকৈ পাছত স্থাপন হোৱা অৰুণাচল প্ৰদেশৰ ইটানগৰ দূৰদৰ্শন কেন্দ্ৰক নতুনকৈ ‘ডি ডি অৰুণপ্ৰভা’ নামকৰণেৰে ২৪ ঘণ্টীয়া চেনেললৈ উন্নীতকৰণ কৰা হ’ল। ইয়াৰ বিপৰীতে, অসমৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰক ২৪ ঘণ্টীয়া অসমীয়া চেনেলৰ মৰ্যাদা দিয়া নহ’ল।

১৯৮২ চনতেই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ স্থাপন হোৱাৰ বিপৰীতে ইটানগৰ দূৰদৰ্শন কেন্দ্ৰটো ১৯৯৫ চনতহে স্থাপন হৈছিল। অথচ ইটানগৰ দূৰদৰ্শন কেন্দ্ৰক অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ডি ডি অৰুণপ্ৰভা’ নামেৰে ২৪ ঘণ্টীয়া চেনেল হিচাপে মুকলি কৰে। ইয়াকে লৈ অসমত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ডি ডি অৰুণপ্ৰভাত ২৪ ঘণ্টা ধৰি অৰুণাচলৰ স্থানীয় অনুষ্ঠান প্ৰচাৰ আৰম্ভ হোৱাৰ বিপৰীতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত এতিয়াও দৈনিক মাত্ৰ চাৰি ঘন্টা ত্ৰিশ মিনিটৰ  স্থানীয় তথা অসমীয়া অনুষ্ঠান প্ৰচাৰ হয়। বাকী সময়ত উত্তৰ-পূবৰ বিভিন্ন অনুষ্ঠান সম্প্ৰচাৰ হৈ থাকে।

আনহাতে,  ডি ডি ওড়িষা, ডি ডি গুজৰাট, ডি ডি বিহাৰ, ডি ডি কাশ্মীৰ, ডি ডি পঞ্জাৱ আদি আঞ্চলিক ২৪ ঘণ্টীয়া চেনেলে বিভিন্ন ৰাজ্যত অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। এইক্ষেত্ৰত কেন্দ্ৰই অসমক বঞ্চনা কৰাৰ কাৰণ কি বুলিও বিভিন্নজনে প্ৰশ্ন তুলিছে।

অসমৰ প্ৰতি সততে দায়বদ্ধতাৰ কথা ঘোষণ কৰি অহা কেন্দ্ৰৰ বিজেপি চৰকাৰখনে অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ কথা কৈ আহিলেও বাস্তৱত যেন তাৰ প্ৰতিফলন ঘটা নাই।

উল্লেখযোগ্য যে, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰটো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো দূৰদৰ্শন কেন্দ্ৰ। উত্তৰ-পূবৰ এই প্ৰথমটো দূৰদৰ্শন কেন্দ্ৰকে ২৪ ঘণ্টীয়া চেনেললৈ উন্নীত কৰিব নোৱাৰা চৰকাৰখনে ইটানগৰ কেন্দ্ৰক ২৪ ঘণ্টীয়া চেনেল কৰাৰ পাছত স্বাভাৱিকতেই অসমৰ প্ৰতি মোদী চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ত প্ৰশ্নৰ অৱতাৰণা হৈছে।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশত ২৪ ঘণ্টীয়া চেনেল কৰাৰ পাছত অসমক বাদ দি বাকী উত্তৰ-পূবৰ আনকেইটা দূৰদৰ্শন কেন্দ্ৰ ক্ৰমে শ্বিলং, কোহিমা, ইম্ফল, আইজল, আগৰতলা আৰু গেংটক কেন্দ্ৰকো ২৪ ঘণ্টীয়া চেনেললৈ ৰূপান্তৰিত কৰিব পৰা আন্তঃগাঁথনি ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে।

তদুপৰি, উক্ত কেন্দ্ৰকেইটাত সুকীয়া উপগ্ৰহ ট্ৰান্সপণ্ডাৰ আৱণ্টিত হৈছে। এতিয়া যিকোনো মুহূৰ্ততে কেন্দ্ৰকেইটাক ২৪ ঘণ্টীয়া চেনেললৈ পৰিৱৰ্তন কৰিব পৰা যাব। ইয়াৰ বিপৰীতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ তেনে কোনো আন্তঃগাঁথনি নাই।

ইপিনে, পি পি চি নৰ্থ-ইষ্টৰ অধীনস্থ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰটো ডি ডি নৰ্থ-ইষ্ট নামৰ ২৪ ঘণ্টীয়া উপগ্ৰহ চেনেলটোৰ অন্তৰ্গত আৰু ই গুৱাহাটী দূৰদৰ্শনক মাত্ৰ চাৰি ঘন্টা ৩০ মিনিট সময়হে দিয়ে। এই সময়খিনিৰ ভিতৰতে অসমৰ কৃষ্টি-সংস্কৃতি, ভাষা তথা প্ৰতিভা বিকাশৰ সময় উলিয়াবলগীয়া হয়।

কেন্দ্ৰৰ এনে বঞ্চনাত ক্ষোভ প্ৰকাশ কৰি সংশ্লিষ্ট বিভিন্ন পক্ষই অতি শীঘ্ৰেই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰক এটা ২৪ ঘন্টীয়া চেনেল কৰাৰ দাবী উত্থাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd