‘ৰাজ্যৰ বিভিন্ন চহৰ-নগৰত চি এন জি (Compressed Natural Gas) ষ্টেশ্যন নিৰ্মাণ কৰা হ’ব, নতুনকৈ এই ষ্টেশ্যনসমূহ নিৰ্মাণ কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে।’ এই কথা গণেশগুৰিৰ নেডফি হাউচত আয়োজিত এক সংবাদমেলযোগে ঘোষণা কৰে অসম পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে।
ইতিমধ্যে দিল্লী অথবা ত্ৰিপুৰাত এই ষ্টেশ্যন গঢ় লৈ উঠিছে যদিও অসম পৰিবহণ নিগমৰ অধ্যক্ষগৰাকীৰ এই ঘোষণাই ডিজেল চালিত বাহনৰ গৰাকীলৈ কঢ়িয়াই আনিছে এক সু-খবৰ। যিহেতু ডিজেল চালিত বাহনৰ গৰাকীয়ে ডিজেলৰ তুলনাত কম মূল্যত লাভ কৰিব চি এন জি।
উক্ত সংবাদমেলতে চি এন জি গেছৰ মূল্য ডিজেলতকৈ বহুখিনি কম বুলি সদৰী কৰি অধ্যক্ষই কয় ‘প্ৰতি পি.জি. চি এন জি গেছৰ মূল্য ৪৪ টকা হোৱাৰ বিপৰীতে হাই স্পীড ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ৬৬.৫৬ টকা।’
ইয়াৰোপৰি ডিজেলৰ তুলনাত চি এন জি ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ বহু পৰিমাণে কমিব বুলিও তেওঁ সংবাদমেলত কয়।
ইতিমধ্যে আসাম গেছ কোম্পানীৰ সৈতে টাই আপ কৰি যুটীয়াভাৱে ডিব্ৰুগড়ত এটা চি এন জি ষ্টেশ্যনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি সদৰী কৰি তেওঁ কয় যে এমাহৰ ভিতৰতে ৰাইজৰ সেৱাৰ বাবে ইয়াক মুকলি কৰি দিয়া হ’ব।
তাৰ পৰৱৰ্তী পৰ্য্যায়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চহৰ নগৰত মাটি নিৰ্বাচন কৰি তাতো ষ্টেশ্যন নিৰ্মাণ কৰা হ’ব বুলি তেওঁ সংবাদমেলত জনায়।
‘পৰ্য্যায়ক্ৰমে ৰাজ্যত চি এন জি ষ্টেশ্যনৰ সংখ্যা বৃদ্ধি কৰা হ’ব।‘ অধ্যক্ষগৰাকীয়ে এই আশ্বাস দিয়ে।
আনহাতে ৰাজ্যৰ জ্ঞানজ্যোতি ধৰ্মজ্যোতি আঁচনিৰ বাবে পূৰ্বৰ বাজেটত ডেৰ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও এইবাৰ বাজেট ৩ কোটি টকা ধায্য কৰা হৈছে বুলি দাবী কৰে।
ইয়াৰোপৰি পূৰ্বতে এই আঁচনিৰ জৰিয়তে ৫০ শতাংশ ৰেহাই দিয়া হৈছিল যদিও ইয়াৰ পৰিমাণ বৃদ্ধি কৰি ৭৫ শতাংশ কৰা হৈছে বুলি তেওঁ কয়।
লগতে উপৰোক্ত আঁচনি দুখনৰ অধীনত অসম পৰিবহন নিগমৰ বাছসমূহত ভ্ৰমণ ৰেহাইৰ পৰিমাণ পূৰ্বৰ তুলনাত কিছু বৃদ্ধি কৰা হৈছে বুলি দাবী কৰি ভট্টৰায়ে কয় যে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ বাবে ৮০ শতাংশ ৰেহাই(পূৰ্বতে আছিল ৫০ শতাংশ), ছাত্ৰৰ বাবে ৩০ শতাংশ, ছাত্ৰীৰ বাবে ৩৫ শতাংশ, বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ৪০ শতাংশ, স্বাধীনতা সংগ্ৰামী সকল আৰু শাৰিৰীকভাৱে অক্ষম সকলৰ বাবে বিনামূলীয়া কৰা হৈছে।‘
আনহাতে, ৰাজ্যৰ পৰিবহণ বিভাগত সংযোজন হ’ব ১ হাজাৰ নতুন বাছ। প্ৰথম পৰ্য্যায়ত ৫০০ খন বাছ ক্ৰয় কৰাৰ বাবে ৫০ কোটি টকা প্ৰস্তাব লোৱা হৈছে।
এই বাছসমূহ ক্ৰয়ৰ ধনৰ ২৫ শতাংশ ৰাজ্য চৰকাৰে নিজৰ ফালৰ পৰা দিব। লগতে বাকী ৭৫ শতাংশ ধনৰ বাবে পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল বা তেওঁলোকৰ পৰিয়ালৰ লোক, নিবনুৱা উদ্যমী যুৱক আৰু ষ্টাৰ্ট আপ গ্ৰুপক লগত লৈ হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে।
তদুপৰি, হিতাধিকাৰী নিৰ্বাচন কৰিবৰ বাবে নিৰ্বাচনী কমিটি গঠন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
ইয়াৰোপৰি বাছ আস্থানসমূহৰ উন্নীতকৰণৰ বাবেও ইতিমধ্যে বাজেটত ধন ধাৰ্য কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।