• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী শাসনলৈ অহাৰ পাছত উত্তৰ-পূবত নোহোৱা হ’ল আন্দোলন, বোমা-গুলিৰ শব্দ : অমিত শ্বাহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 17, 2019 9:30 pm
17-02-19 Guwahati- State BJP office Foundation Stone Amit Shah (15)

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি কিছু দিন পূৰ্বলৈকে সমগ্ৰ উত্তৰ-পূব আন্দোলন-প্ৰতিবাদেৰে উত্তাল হৈ আছিল। প্ৰায় দুবছৰ ধৰি উত্তৰ-পূবৰ ভাষা সংস্কৃতি তথা অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত উত্তৰ-পূববাসীয়ে আন্দোলন প্ৰতিবাদ কৰি আছিল।

জাতি ৰক্ষাৰ স্বাৰ্থত গুৱাহাটীত অসমীয়া যুৱকে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ইম্ফলত উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছিল কেইবাজনেও।

Apply Now

তাৰ পাছতো গুৱাহাটীত আহি অমিত শ্বাহৰ ঘোষণা ‘‘মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আন্দোলন নাইকিয়া হ’ল। আগতে পথ অৱৰোধ হৈছিল, ধৰ্ণা হৈছিল এতিয়া উত্তৰ-পূবত সেইবোৰ দেখিবলৈ পোৱা নাযায়।‘

নিজৰ বক্তব্যৰ মাজতে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ এই অদ্ভুত মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে। কিয়নো তেওঁ ভাষণত উল্লেখ কৰা ‘ধৰ্ণা, পথ অৱৰোধ’ এই দুটা উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি সঘনাই সংঘটিত হৈছিল।

তাৎপয্যপূৰ্ণভাৱে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাক কেন্দ্ৰ কৰি উত্তৰ-পূৱবাসীয়ে সাময়িক সকাহ লাভ কৰাৰ সময়তে অমিত শ্বাহে অসমৰ দুখনকৈ জনসভাত ‘বিজেপি চৰকাৰ শাসনলৈ আহিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’ব’ বুলি ঘোষণা কৰাৰ পাছতেই পুনৰ এই বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূব উত্তাল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

তদুপৰি, জাতিধ্বংসী বিধেয়কক কেন্দ্ৰ কৰি মিত্ৰ দল অগপই বিজেপিৰ মিত্ৰতা ত্যাগ কৰিলেও কৰ্মৰ জৰিয়তে উত্তৰ-পূবক নৰেন্দ্ৰ মোদীয়ে অতি শান্তিপূৰ্ণভাৱে আগুৱাই নিছে বুলি দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ।

‘নাগৰিকত্ব সংশোধনী বিধেয়কক বাদ দি উত্তৰ-পূবৰ উন্নয়ন কল্পনা কৰিব নোৱাৰি তথা একেবাৰেই সম্ভৱ নহয়। ২০১৯ চনত লোকসভা আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ আসন লৈ বিজেপি চৰকাৰে এই বিধেয়কখন গৃহীত কৰিবই।‘ ব্ৰহ্মপুত্ৰ উপত্যকাত বিধেয়কক লৈ চলা ব্যাপক গণ আন্দোলনক ভেঙুচালি কৰি এই মন্তব্য ৰাষ্ট্ৰীয় সভাপতি শ্বাহৰ।

ইপিনে, ভাষণৰ প্ৰত্যেকটো শাৰীতে বিজেপি চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰি সভাপতিগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। আনকি উত্তৰ-পূবৰ বাবে নৰেন্দ্ৰ মোদীৰ অৱদান যথেষ্ট বুলি দাবী কৰে শ্বাহে।

এই অৱদানৰ ভিতৰত সন্ত্ৰাসবাদ মুক্ত উত্তৰ-পূব অন্যতম বুলিও দাবী শ্বাহৰ।

‘পাঁচ বছৰৰ আগলৈকে উত্তৰ-পূবত গুলি ফুটিছিল, আই ই ডি বিস্ফোৰণ হৈছিল আৰু চাৰিওফালে সন্ত্ৰাসবাদীয়ে অশান্তিকৰ পৰিবেশৰ সৃষ্টি কৰিছিল। মোদী শাসনলৈ অহাৰ পাছত সমগ্ৰ উত্তৰ-পূবৰ পৰা বোমা-বিস্ফোৰণ, গুলিচালনাৰ ঘটনা সংঘটিত নোহোৱা হ’ল। আজি উত্তৰ-পূব শান্তিৰ মাধ্যমেৰে উন্নয়নৰ জখলাৰে বগাই গৈ আছে,‘-এই দাবী শ্বাহৰ।

শ্বাহৰ মতে দেশক শান্তি শৃংখলা আৰু সুৰক্ষা প্ৰদান কৰাটোৱেই ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম লক্ষ্য।

বিৰোধী দল-সংগঠনে মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা সন্ত্ৰাসবাদৰ প্ৰকোপ বৃদ্ধি পোৱা আৰু অসমৰ যুৱকসকল আলফালৈ যোৱা ইত্যাদি কাৰ্য্যসমূহ বেছিকৈ হ’বলৈ ধৰা বুলি দাবী কৰাৰ সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ এই মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd