• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাখ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে অসমীয়াই দায়ী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2019 8:26 pm
article-vijnwlcwax-1454937891-750x375

অসমৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ আন্দোলন চলি থকাৰ সময়তে অসমত লাখ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে অসমীয়াকে দায়ী সাৱ্যস্ত কৰিছে ‘স্বৰাজ্য’নামৰ দেশৰ এখন ‘ৰাইট উইং’ আলোচনীয়ে।

‘’অসমত যি পৰিস্থিতি হৈছে অসমীয়াসকলেই তাৰ প্ৰাথমিক দায়িত্ব গ্ৰহণ কৰিব লাগিব। তাৰ পাছত শুদ্ধ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নতুন দিল্লীক দোষ দি তথা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পিনে চাই থাকিলে কোনো লাভ নহ’ব,’’-  আলোচনীখনত জয়দীপ মজুমদাৰ নামৰ স্তম্ভলেখকগৰাকীয়ে অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰবাবে অসমীয়া লোকক এইদৰে জগৰীয়া কৰিছে।

Apply Now

মূলত: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপনত ব্যৰ্থ হোৱাৰ পাছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিধেয়ক বিৰোধীসকলৰ মাজত যি উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে তাক অৰ্থহীন বুলি ব্যাখ্যা কৰি তেওঁ অঞ্চলটোৰ খিলঞ্জীয়া লোকসকল অৱশেষত নিজৰ ভূমিতে অসহায় সংখ্যালঘুত পৰিণত হ’ব বুলি দাবী কৰে।

অসমৰ খিলঞ্জীয়া লোকসকলৰ মাজত বিশেষকৈ শংকাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি মজুমদাৰে ৰাজ্যখনৰ বৃহৎ অংশত তেওঁলোক ইতিমধ্যেই সংখ্যলঘুত পৰিণত হোৱা বুলিও দাবী কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে, বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনে অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰা বুলি উল্লেখ কৰি তেওঁ ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ৩৮ শতাংশ বাংলাদেশী মূলৰ মুছলমান বুলিও লেখাটোত সদৰী কৰিছে।

তদুপৰি তেওঁ অসমত মুছলমান সম্প্ৰদায়টো ক্ষিপ্ৰ বিকশিত সম্প্ৰদায় বুলি উল্লেখ কৰি এই শতিকাৰ মাজভাগতে অসম মুছলমান প্ৰধান ৰাজ্য হৈ পৰিব বুলিও ভৱিষ্যদ্বাণী কৰিছে আৰু এই মুছলমানসকলৰ বেছিভাগেই বাংলাদেশী মূলৰ হোৱাই নহয়, লগতে দৰিদ্ৰ আৰু গোড়া বুলিও অভিহিত কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যতো, বিশেষকৈ নাগালেণ্ড, মেঘালয় আৰু মণিপুৰতো অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ কথা উল্লেখ কৰা স্তম্ভলেখকগৰাকীয়ে অসমৰ বৰ্তমান পৰিস্থিতি আটাইতকৈ বিপদজনক বুলি অভিহিত কৰিছে। ১৯০১ চনত ৰাজ্যখনত ইয়াৰ জনসংখ্যাৰ ১৪ শতাংশ মুছলমান আছিল বুলি লিখাৰ লগতে তেওঁ পাছত ব্ৰিটিছৰ উপৰি চাৰ চৈয়দ চাদুল্লাৰ দৰে মুছলমান ৰাজনৈতিক নেতাই পূৰ্ব বংগৰ পৰা প্ৰব্ৰজনৰ দ্বাৰা অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰাত উৎসাহ যোগোৱা বুলি স্পষ্ট কৰি উল্লেখ কৰিছে।

লেখক মজুমদাৰে পূৰ্ববংগৰ (এতিয়া বাংলাদেশ) গঠন হোৱাৰ পাছৰে পৰা ক্ৰমে হিন্দুৰ লগতে বেছিভাগ মুছলমান লোকৰ অনুপ্ৰৱেশ ঘটা বুলি উল্লেখ কৰাৰ লগতে নামনি অসম আৰু বৰাক উপত্যকাৰ বৃহৎ অংশ মুছলমান সংখ্যগৰিষ্ঠ হৈ পৰা বুলি উনুকিয়াই দিছে।

তেওঁ লিখিছে :   Today, nine of Assam’s 33 districts have turned into Muslim-majority ones. The Hindu population in these districts as well as Muslim-majority pockets in other districts of the state has started registering a negative growth and that is cause for great worry and alarm. It is estimated that by 2025, half of Assam’s districts will become Muslim-majority ones, and most of these Muslims will be of Bangladeshi-origin or the progeny of the illegal Muslim migrants.

স্তম্ভলেখক মজুমদাৰে লিখিছে যে অসমৰ (লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ) খিলঞ্জীয়া জনসাধাৰণে দীৰ্ঘদিন ধৰি অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। খিলঞ্জীয়া অসমীয়াৰ এনে আন্দোলনৰ লক্ষ্য হৈছে কেন্দ্ৰীয় চৰকাৰ। অবাধ অনুপ্ৰৱেশে ৰাজ্যখনৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰ লগতে ইয়াৰ সম্পদসমূহৰ ওপৰতো সৃষ্টি কৰা ভাবুকিৰ বাবে নতুন দিল্লীকে (কেন্দ্ৰীয় চৰকাৰক) জগৰীয়া কৰা হয়।

swarajya-300x184

তেওঁ লিখিছে যে ছয় বছৰীয়া অসম আন্দোলনো কেন্দ্ৰৰ বিৰুদ্ধে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা আৰু অনুপ্ৰৱেশকাৰীক বহিস্কাৰ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কৰা হৈছিল। তেতিয়াৰে পৰা খিলঞ্জীয়া অসমীয়াই অসমত লাখ লাখ বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে সৃষ্টি কৰা সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰকে দোষাৰোপ কৰি আহিছে।

লেখক মজুমদাৰে অৱশেষত অসমীয়াসকলক কিছু কঠিন তথা অস্বস্তিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময় আহিছে বুলি সোঁৱৰাই দিছে। বাংলাদেশী প্ৰব্ৰজনৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহকে প্ৰধানকৈ জগৰীয়া কৰি মজুমদাৰে লিখিছে যে ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বাবে ভোট বেংকৰ খাতিৰত তেওঁলোক অনুপ্ৰৱেশক উৎসাহ যোগাইছিল।

লেখক গৰাকীয়ে লগতে লিখিছে যে কংগ্ৰেছ নেতাসকলো অসমীয়াই আছিল। অসমৰ খিলঞ্জীয়া জনসাধাৰণে ৰাজ্যখনৰ জনগাঁথনিৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে পূৰ্বৰ শাসকসকলকে দায়বদ্ধ কৰা প্ৰয়োজন।

মজুমদাৰে বাংলাদেশী মুছলমানৰ অবৈধ অনুপ্ৰৱেশকাৰীক অসমীয়া ৰাজনীতিকসকলেই সুবিধা কৰি দিছিল বুলিও লিখিছে। অসমীয়া বিষয়াসকলে ৰেছন কাৰ্ড আৰু নাগৰিকত্বৰ নথি প্ৰদান কৰিছিল। অসমীয়া বিষয়া, কেৰাণী আৰু পিয়নসকলে মিলি তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে এই কাম কৰিছিল।

‘স্বৰাজ্য’ৰ স্তম্ভলেখক গৰাকীয়ে অসমত নিৰ্মাণ কাৰ্যৰ শ্ৰমিককে ধৰি, ভূমিহীন কৃষক, ৰিক্সাচালক আদি বেছিভাগেই বাংলাদেশী প্ৰব্ৰজনকাৰী বুলি উল্লেখ কৰি অসমীয়াই তেওঁলোকক পৃষ্ঠপোষকতা আগবঢ়াই অহা বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু একেসময়তে অসমীয়াই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বাবে কেন্দ্ৰকে দায়ী কৰি আহিছে।

মজুমদাৰে লিখিছে যে অসমীয়া মানুহে দেশৰ আন অংশৰ লোকৰ তুলনাত সস্তা দৰত বাংলাদেশী শ্ৰমিক নিযুক্ত কৰি আহিছে। ইয়াৰ বাবেই হিন্দীভাষী শ্ৰমিকৰ স্থান লৈছে বাংলাদেশী শ্ৰমিকে। তেওঁ লিখিছে যে অসমীয়াসকলৰ পৃষ্ঠপোষকতাৰ বাবেই বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত আধিপত্য চলাব পাৰিছে।

উল্লেখযোগ্য যে ‘স্বৰাজ্য’এখন মাহেকীয়া আলোচনী। ১৯৫৬ চনত স্বতন্ত্ৰ পাৰ্টিৰ প্ৰতিষ্ঠাপক চি ৰাজাগোপালাচাৰীৰ পৃষ্ঠপোষকতাত খাছা ছুব্বা ৰাওৱে এখন সাপ্তাহিক আলোচনী হিচাপে আৰম্ভ কৰিছিল।

সেই সময়ত ৰাজাগোপালাচাৰিয়ে নিয়মিত ‘ডিয়েৰ ৰিডাৰ’ শীৰ্ষক স্তম্ভ লিখাৰ উপৰি মিনো মাছানি, আৰ ভেংকটৰমণ, আৰ কে লক্ষ্মণে এই আলোচনীখনত নিয়মীয়াকৈ বৰঙণি আগবঢ়াইছিল। ১৯৭২ চনত গোপালাচাৰিৰ মৃত্যুৰ পাছত লাহে আলোচনীখন অৱনমিত হৈ ১৯৮০ চনত বন্ধ হৈ পৰে।

উক্ত ‘স্বৰাজ্য’ আলোচনীখন সন্দীপন দেবক ‘এডিটৰিয়েল ডাইৰেক্টৰ’ হিচাপে লৈ ২০১৪ চনত এখন মাহেকীয়া আলোচনী আৰু অনলাইন দৈনিক হিচাপে পুনৰ প্ৰকাশ পায়। ২০১৫ চনৰ জানুৱাৰি মাহত আলোচনীখনৰ প্ৰথম সংখ্যটো প্ৰকাশ পায়। বৰ্তমান ‘স্বৰাজ্য’ৰ ‘এডিটৰিয়েল ডাইৰেক্টৰছ’ হিচাপে আছে আৰ জগন্নাথন আৰু সন্দীপন দেব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd