ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত অসমে ছত্তীশগড়ক পৰাস্ত কৰি দ্বিতীয় বিজয় সাব্যস্ত কৰিছে। দেওবাৰে অসমে অধিনায়ক অমিত সিনহা আৰু শিৱশংকৰ ৰয়ৰ অৰ্ধশতৰাণেৰে পাঁচ উইকেটত পৰাস্ত কৰে ছত্তীশগড়ক।
প্ৰথমে বেট ধৰি ছত্তীশগড়ে নিৰ্ধাৰিত ২০ অভাৰত অধিনায়ক হৰপ্ৰীত সিঙৰ দুৰ্দান্ত ৯২ ৰাণৰ সহায়ত দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৯৪ ৰাণ। অসমৰ হৈ আবু নাছিম আহমেদ আৰু মুখতাৰ হুছেইনে এটাকৈ উইকেট দখল কৰে।
১৯৫ ৰাণৰ লক্ষ্য আগত ৰাখি খেলিবলৈ আৰম্ভ কৰি অসমে প্ৰাৰম্ভিক অৱস্থাত ৯ ৰাণত তিনিটা উইকেট হেৰুৱাই বিপদত পৰে। তাৰ পিছত অধিনায়ক অমিত সিনহা আৰু শিৱশংকৰ ৰয়ে দায়িত্বশীলভাবে খেলি দলক জয়ৰ লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূ্ৰ্ণ বৰঙণি যোগায়।
শিৱশংকৰ ৰয়ে ৩৫ টা বলত দুটা ছয় আৰু ছটা চাৰিৰে ৫২ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে চাৰিটা ছয় আৰু সাতটা চাৰিৰে ৭৭ ৰাণ কৰি অপৰাজিত হৈ থাকে অধিনায়ক অমিত সিনহা।
অসমে বৰ্তমানলৈ প্ৰতিযোগিতাখনত তিনিখন খেলৰ দুখনত জয় আৰু এখনত পৰাজয়েৰে মুঠ আঠ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপ ‘ডি’ৰ চতুৰ্থ স্থানত আছে।