ভাৰতৰ নিৰ্বাচনী আয়োগে দেওবাৰে ঘোষণা কৰা মুঠ ৭টা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।
ৰঙালী বিহুৰ সময়তে অনুষ্ঠিত হ’বলগীয়া তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম পৰ্যায়ত অহা ১১ এপ্ৰিলত তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত অনুষ্ঠিত হ’ব।
সেইদৰে দ্বিতীয় পৰ্যায়ত অহা ১৮ এপ্ৰিলত কৰিমগঞ্জ, শিলচৰ, স্বায়ত্তশাসিত সমষ্টি, মঙলদৈ আৰু নগাওঁত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
আনহাতে, অহা ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
আজি ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত সংবাদমেলত দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰে।
অসমত ৰাজনৈতিক দলবোৰে নিৰ্বাচনৰ প্ৰস্তুতি চলাই আছে যদি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে এতিয়া অধিক তৎপৰতা প্ৰদৰ্শনৰ বাবে সাজু হৈছে। সেইদৰে দলবোৰে শীঘ্ৰেই সমষ্টিসমূহৰ বিপৰীতে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ আশা কৰা হৈছে।
আগন্তুক ৰঙালী বিহুৰ সময়তে অসমৰ ৰাইজে এইবাৰ নিৰ্বাচনৰ বাবে ব্যস্ত হ’বলগীয়া হোৱাত বিহুৰ আনন্দ ম্লান পৰিব নে বৃদ্ধি পাব সেয়া এপ্ৰিলৰ প্ৰথম ভাগতে স্পষ্ট হৈ পৰিব।