• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰে পুনৰ মিত্ৰতা : পূৰ্বে সম্ভাষণ জনোৱা নেতাই এইবাৰ ধিক্কাৰ দিলে অগপক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 13, 2019 9:00 pm
Jiten Akhil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰি অসমবাসী ৰাইজ তথা বিধেয়ক বিৰোধী আন্দোলন কৰা জাতীয় দল-সংগঠনৰ হিয়াৰ আপোন হৈ পৰা অসম গণ পৰিষদে পুনৰ বিজেপিৰে মিত্ৰতা কৰাক কেন্দ্ৰ কৰি সকলোৱে একেমুখে গৰিহনা দিছে।

বিজেপিৰে মিত্ৰতা ত্যাগ কৰাৰ পাছত দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত এক বৃহৎ সাফল্য দেখুৱাব পাৰিব বুলি সকলোৱে বিশ্বাস ৰাখিছিল যদিও সকলোকে বিশ্বাসঘাতকতা কৰি পুনৰ বিজেপিৰ সৈতে চামিল হ’ল অসম গণ পৰিষদ।

Apply Now

অগপ-বিজেপিৰ পুনৰ মিত্ৰতাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে আলোচনাপন্থী আলফা নেতা জীতেন দত্ত। তেওঁ অগপ দলটোক নিৰ্লজ্জ আখ্যা দিয়াৰ উপৰিও কঠোৰ ভাষাৰে সমালোচনা কৰে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত আলোচনা পন্থী আলফা নেতা জনে কয়, “অসম গণ পৰিষদ এটা নিৰ্লজ্জ দল। অসমৰ ৰাইজক চৰম প্ৰতাৰণা কৰিলে অগপই। নিজৰ ক্ষমতাৰ লোভত বলীয়ান হৈ জাতিক চৰম প্ৰতাৰণা কৰিলে।‘’

তদুপৰি, অসমৰ জনগণক আহ্বান জনাই দত্তই কয়, “অগপক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰক।  এটা নতুন আঞ্চলিক শক্তিক নতুন ৰূপত গঢ় দিবৰ বাবে আহ্বান জনাইছোঁ।”

আনহাতে, অগপ-বিজেপিৰ মিত্ৰতা প্ৰসংগটোক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

আজি গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতাজনে অসম গণ পৰিষদক ‘বিশ্বাসঘাতক দল’ আখ্যা দিয়ে।

তেওঁ আৰু কয়, ‘’অগপৰ নিজস্বতা থকা আদৰ্শবাদী নেতাই বিজেপি গমনত বাধা দিয়ক, অন্যথা অগপ দলৰ পৰা আঁতৰি আহক।‘’

তদুপৰি, কৃষক নেতাজনে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কিছুদিন পূৰ্বে সংবাদমাধ্যমৰ আগত কৰা মন্তব্যৰ কথা সোঁৱৰাই দি কয়, ‘’ৰঞ্জিত দাসে কৈছিল মিত্ৰতা হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰিব লাগিব। অগপ নেতৃত্বই সমৰ্থন কৰিম বুলি তেওঁলোকৰ আগত লিখি দিলে নেকি?’’

আনহাতে, অগপই মুছলমান বিদেশীক আদৰিব খুজিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল। বিদেশী অনা দলৰ সৈতে কিয় চামিল হ’ল মুখ্য মন্ত্ৰীয়ে উত্তৰ দিয়ক বুলিও সংবাদমেলত মন্তব্য কৰে অখিল গগৈয়ে।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে অসম গণ পৰিষদৰ নেতৃত্বক ‘বিজেপিৰ ভৃত্য’ বুলি আখ্যা দিয়ে।

তেওঁ আৰু কয়, ‘’আগন্তুক লোকসভা নিৰ্বাচনত জনসাধাৰণে অগপক নিষিদ্ধ কৰিব লাগে। বিদেশী আনিব খোজা বিজেপিৰে অসম গণ পৰিষদৰ মিত্ৰতা কেতিয়াও গ্ৰহণযোগ্য নহয়।‘’

তাৎৰ্পয্যপূৰ্ণভাৱে, বিজেপিয়ে অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলটোক নিঃশেষ কৰিবৰ বাবে মিত্ৰতা কৰিছে বুলি তেওঁ কয়।

মন কৰিবলগীয়া যে, বিজেপিৰ সংগ ত্যাগ কৰাৰ পাছত আকোঁৱালি লোৱা অগপৰ বিৰুদ্ধে বিজেপিৰে পুনৰ মিত্ৰতাৰ পাছত এনেদৰেই সৰব হৈ পৰিছে বিভিন্ন দল-সংগঠন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd