DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰে পুনৰ মিত্ৰতা : পূৰ্বে সম্ভাষণ জনোৱা নেতাই এইবাৰ ধিক্কাৰ দিলে অগপক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 13, 2019 9:00 pm
Jiten Akhil
402
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰি অসমবাসী ৰাইজ তথা বিধেয়ক বিৰোধী আন্দোলন কৰা জাতীয় দল-সংগঠনৰ হিয়াৰ আপোন হৈ পৰা অসম গণ পৰিষদে পুনৰ বিজেপিৰে মিত্ৰতা কৰাক কেন্দ্ৰ কৰি সকলোৱে একেমুখে গৰিহনা দিছে।

বিজেপিৰে মিত্ৰতা ত্যাগ কৰাৰ পাছত দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত এক বৃহৎ সাফল্য দেখুৱাব পাৰিব বুলি সকলোৱে বিশ্বাস ৰাখিছিল যদিও সকলোকে বিশ্বাসঘাতকতা কৰি পুনৰ বিজেপিৰ সৈতে চামিল হ’ল অসম গণ পৰিষদ।

অগপ-বিজেপিৰ পুনৰ মিত্ৰতাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে আলোচনাপন্থী আলফা নেতা জীতেন দত্ত। তেওঁ অগপ দলটোক নিৰ্লজ্জ আখ্যা দিয়াৰ উপৰিও কঠোৰ ভাষাৰে সমালোচনা কৰে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত আলোচনা পন্থী আলফা নেতা জনে কয়, “অসম গণ পৰিষদ এটা নিৰ্লজ্জ দল। অসমৰ ৰাইজক চৰম প্ৰতাৰণা কৰিলে অগপই। নিজৰ ক্ষমতাৰ লোভত বলীয়ান হৈ জাতিক চৰম প্ৰতাৰণা কৰিলে।‘’

তদুপৰি, অসমৰ জনগণক আহ্বান জনাই দত্তই কয়, “অগপক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰক।  এটা নতুন আঞ্চলিক শক্তিক নতুন ৰূপত গঢ় দিবৰ বাবে আহ্বান জনাইছোঁ।”

আনহাতে, অগপ-বিজেপিৰ মিত্ৰতা প্ৰসংগটোক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

আজি গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতাজনে অসম গণ পৰিষদক ‘বিশ্বাসঘাতক দল’ আখ্যা দিয়ে।

তেওঁ আৰু কয়, ‘’অগপৰ নিজস্বতা থকা আদৰ্শবাদী নেতাই বিজেপি গমনত বাধা দিয়ক, অন্যথা অগপ দলৰ পৰা আঁতৰি আহক।‘’

তদুপৰি, কৃষক নেতাজনে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কিছুদিন পূৰ্বে সংবাদমাধ্যমৰ আগত কৰা মন্তব্যৰ কথা সোঁৱৰাই দি কয়, ‘’ৰঞ্জিত দাসে কৈছিল মিত্ৰতা হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰিব লাগিব। অগপ নেতৃত্বই সমৰ্থন কৰিম বুলি তেওঁলোকৰ আগত লিখি দিলে নেকি?’’

আনহাতে, অগপই মুছলমান বিদেশীক আদৰিব খুজিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল। বিদেশী অনা দলৰ সৈতে কিয় চামিল হ’ল মুখ্য মন্ত্ৰীয়ে উত্তৰ দিয়ক বুলিও সংবাদমেলত মন্তব্য কৰে অখিল গগৈয়ে।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে অসম গণ পৰিষদৰ নেতৃত্বক ‘বিজেপিৰ ভৃত্য’ বুলি আখ্যা দিয়ে।

তেওঁ আৰু কয়, ‘’আগন্তুক লোকসভা নিৰ্বাচনত জনসাধাৰণে অগপক নিষিদ্ধ কৰিব লাগে। বিদেশী আনিব খোজা বিজেপিৰে অসম গণ পৰিষদৰ মিত্ৰতা কেতিয়াও গ্ৰহণযোগ্য নহয়।‘’

তাৎৰ্পয্যপূৰ্ণভাৱে, বিজেপিয়ে অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলটোক নিঃশেষ কৰিবৰ বাবে মিত্ৰতা কৰিছে বুলি তেওঁ কয়।

মন কৰিবলগীয়া যে, বিজেপিৰ সংগ ত্যাগ কৰাৰ পাছত আকোঁৱালি লোৱা অগপৰ বিৰুদ্ধে বিজেপিৰে পুনৰ মিত্ৰতাৰ পাছত এনেদৰেই সৰব হৈ পৰিছে বিভিন্ন দল-সংগঠন।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd