• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ মিলন পৰ্ব; কাইলৈ বিজেপি কাৰ্যালয়ত চাহ খাবলৈ যাব অগপ নেতৃত্ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2019 8:37 pm
অগপৰ মুখ্য কাৰ্যালয়ত আজি আলোচনাত বহে দল দুটাৰ নেতৃত্ব। ফটো : নৰ্থ-ইষ্ট নাও

অগপৰ মুখ্য কাৰ্যালয়ত আজি আলোচনাত বহে দল দুটাৰ নেতৃত্ব। ফটো : নৰ্থ-ইষ্ট নাও

422
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ মিত্ৰতালৈ অহাৰ পিছত আজি পোন প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদ আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্ব একেলগে বৈঠকত মিলিত হ’ল। অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক।

এই উদ্দেশ্যে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মহেন্দ্ৰ সিং আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভুষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া আদি উপস্থিত থকা উক্ত বৈঠকত দল দুটাই লোকসভা নিৰ্বাচনকলৈ আলোচনাত বহে।

অগপ কাৰ্যালয়ত প্ৰৱেশ কৰিয়ে দলটোৰ তথ্য ও প্ৰচাৰ বিভাগৰ সম্পাদক মনোজ শইকীয়াৰ আগত মন্ত্ৰী হিমন্তই কয়, ‘বহু দিনৰ পিছত আহিছোঁ’! প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কেইবছৰ মান পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ব্যংগ কৰি অগপ কাৰ্যালয় এসময়ত বিবাহভৱন হ’ব বুলি টিপ্পনি মাৰিছিল।

অৱশ্যে আজিৰ আলোচনাৰ অন্তত বাক চতুৰ মন্ত্ৰীজনে পূৰ্বৰ সুৰ সলাই অগপ নেতৃত্বক বিজেপি কাৰ্যালয়লৈ নিমন্ত্ৰন জনায়। তেওঁ কয়, ‘কাইলৈ পুৱা অগপ নেতৃত্ব চাহ একাপ খাবলৈ বিজেপি কাৰ্যালয় যাব। তাতে দুয়োটা দলৰ নেতৃত্বই যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰিব।’

আনহাতে আলোচনাৰ অন্তত অতি নিৰ্লজ্জ ভাবে অতুল বৰাই কয়, ‘মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে সকলোৰে মাজত। সময়ত সকলো ঠিক হৈ যাব’।

আজিৰ সভাত আগন্তুক নিৰ্বাচনত দল দুটাই কেনেদৰে অৱতীৰ্ণ হ’ব সেই সম্পৰ্কেও আলোচনা হৈছিল বুলি উল্লেখ কৰি বৰাই লগতে কয়, ‘অসমৰ জনসাধাৰণে বুজি পাইছে আমি কিয় আহিলোঁ মিত্ৰতালৈ। কংগ্রেছক যিকোনো প্ৰকাৰে পৰাস্ত কৰিব লাগিব সেয়েহে আমি মিত্ৰতাত আহিছোঁ।’

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd