• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বায়ত্তশাসিত জিলা সমষ্টিত এ এছ ডি চিৰ হলিৰাম তেৰাং, বিজেপিৰ হৰেন সিং বে’

তিনিকোণীয়া যুঁজত 'বড়োক পাহাৰীয়া জনজাতিৰ মৰ্য্যাদা' হ’ব মূল ইচ্ছ্যু

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 17, 2019 8:27 pm
Haliram Terang

এ এছ ডি চিৰ সভাপতি হলিৰাম তেৰাং। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ বতাহ বলাৰ লগে লগে ক্ৰমাত অকৰ্ষণীয় হ’বলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ৰাজনীতি। ৰাজ্যখনৰ ১৪টা লোকসভা সমষ্টিৰ সমান্তৰালকৈ স্বায়ত্তশাসিত জিলা সমষ্টিটোতো আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ।

আজি সমষ্টিটোত দলীয় প্ৰাৰ্থী ঘোষণা কৰে পাহাৰীয়া জিলা দুখনৰ স্থানীয় ৰাজনৈতিক দল অট’ন’মাছ ষ্টেইট ডিমাণ্ড কমিটী চমুকৈ এ এছ ডি চিয়ে। সভাপতি তথা প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দলটোৱে। দেওবাৰে ডিফুত এখন সংবাদমেলযোগে এ এছ ডি চিৰ সাধাৰণ সম্পাদক জৎচন বে’ই এই কথা ঘোষণা কৰে।

Apply Now

ইপিনে সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে হৰেন সিং বে’ক। কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা তুলিৰাম ৰংহাঙৰ নামো উচ্চাৰিত হৈছিল যদিও শেষ পৰ্য্যন্ত হৰেন সিং বে’ই পায় টিকট।

বৰ্তমান সমষ্টিটো দখলত ৰখা কংগ্ৰেছে এতিয়াও ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম। বীৰেন সিং ইংতি সমষ্টিটোৰ পৰা সাংসদ হৈ আছে যদিও শেহতীয়া বছৰকেইটাত তেওঁৰ জনসমৰ্থন তেনেই হ্ৰাস পোৱাত বিকল্পৰ চিন্তা কৰিছে কংগ্ৰেছ নেতৃত্বই।

মন কৰিব লগীয়া যে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি থকা সংসদীয় সমষ্টিটোৰ দুখনকৈ স্বায়ত্তশাসিত পৰিষদ আৰু আটাইকেইটা বিধান সভা সমষ্টিয়েই বৰ্তমান বিজেপিৰ দখলত। গতিকে সমষ্টিটোক লৈ বিজেপি খুবেই বেছি আশাবাদী।

কিন্তু পাহাৰীয়া স্বায়ত্তশাসিত জিলা সমষ্টিটোত স্থানীয় দল এ এছ ডি চিৰ যথেষ্ট প্ৰভাৱ আছে। সমান্তৰালকৈ এ এছ ডি চিক সমৰ্থন দিছে কাৰ্বি ছাত্ৰ সংস্থা আৰু কাৰ্বি নিমচ’ চিংথুৰ আচং-এ।

লগতে সমষ্টিটোৰ মূলতঃ কাৰ্বি আংলং জিলাত বসবাস কৰা বড়ো সকলক পাহাৰীয়া অনুসূচিত জনজাতিৰ মৰ্য্যাদা দিয়াৰ বিৰোধিতা কৰে অধিকাংশ কাৰ্বি লোকেই।

কিন্তু বিজেপি চৰকাৰলৈ আহিলে তেওঁলোকক পাহাৰীয়া অনুসূচিত জনজাতিৰ মৰ্য্যাদা দিয়া হ’ব বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। ইয়াৰ বিপৰীতে বিজেপিৰ এই স্থিতিৰ বিৰোধিতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব এ এছ ডি চি। স্থানীয় দলটোৱে লগতে নাগৰিকত্ব সংশধনী বিধেয়কৰ বিৰোধিতাকো নিৰ্বাচনী এজেণ্ডাত ৰাখিব বুলি প্ৰকাশ কৰিছে।

পাহাৰীয়া জিলা দুখনৰ ৰাজনৈতিক দলটোৱে ইতিমধ্যেই ৰিজ’নেল ডেমক্ৰেটিক এলায়েন্স (আৰ ডি এ)ত যোগ দিছে। গতিকে এ এছ ডি চিৰ হৈ আৰ ডি এৰ অংশীদাৰ আন দুই দল ক্ৰমে লিবাৰেল ডেমক্ৰেটিক পাৰ্টি (এল ডি পি) আৰু অসম সংগ্ৰামী মঞ্চয়ো সমষ্টিটোত প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে।

এই পৰিপ্ৰেক্ষিতত সমষ্টিটোত তিনিকোণীয়া যুঁজ আকৰ্ষণীয় ৰূপত দেখা যাব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd