• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 17, 2018 4:14 pm
শংকৰদেৱ সংঘ
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাপক তথা শ্ৰেণী বৈষম্যহীন সমাজ গঢ়োতা যুগনায়ক শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামাংকিত ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ’ৰ বৰপেটা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন বৰপেটাত ২৭ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ সভাপতি-সম্পাদক ক্ৰমে বীৰেন্দ্ৰ নাথ পাঠক, অশোক দাস আৰু বৰপেটা আঞ্চলিক শাখাৰ সভাপতি-সম্পাদক ঘনকান্ত দাস আৰু লাচিত ডেকাই জনায় যে, বৰপেটা চহৰৰ মৰানদীৰ পাৰত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা বাৰ্ষিক অধিৱেশনত সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।

Apply Now

কাৰ্যসূচী অনুসৰি, ২৭ জানুৱাৰীৰ পুৱা ৭ বজাত অস্থায়ী নামঘৰত গুৰুআসন প্ৰতিষ্ঠাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ পিচতে নাম-প্ৰসংগ, সেৱা বাহিনীৰ নাম পঞ্জীয়ন আৰু শিশু, আই-মাতৃৰ নাম পঞ্জীয়ন অনুষ্ঠিত হ’ব। পুৱা ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ সভাপতি বীৰেন্দ্ৰ নাথ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হ’ব কাৰ্যনিৰ্বাহক সভা।

আবেলি ২ বজাত অনিমা বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত হ’ব শিশা-আইমাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদ। সাধাৰণ পৰিষদ উদ্বোধন কৰিব কেন্দ্ৰীয় সদস্যা ক্ষীৰদাপ্ৰভা দাসে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব শিশু-আইমাতৃ কল্যাণ সমিতিৰ উপদেষ্টা গীতা পাঠকে। আবেলি ৩ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ পিচতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ’ব। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ বাবুল চন্দ্ৰ দাসে।

সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’ব জিলা সেৱা বাহিনীৰ সাধাৰণ পৰিষদ। একেদৰে ২৭ জানুৱাৰীৰ পুৱা নাম-প্ৰসংগ, পতাকা উত্তোলনৰ পিচতে পুৱা ৯-৩০ বজাত অনুষ্ঠিত হ’ব ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ প্ৰাক্তন সম্পাদক কমলকৃষ্ণ দাসে। ইয়াৰ পিচতে বীৰেন্দ্ৰ নাথ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হ’ব ধৰ্মালোচনা সভা। শ্ৰীমন্ত সংঘৰ দীনেশ পাটগিৰীয়ে উদ্বোধন কৰিবলগা ধৰ্মালোচনা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে।

ধৰ্মালোচনা সভাত বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু শৰণ সদস্য অক্ষয় উজীৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। একেদৰে ভৱানীপুৰ গোপাল আতা আঞ্চলিক শাখাৰ বেদান্ত কুমাৰ দাস আৰু মানাহ আঞ্চলিক শাখাৰ সোনমণি দাসে শিশু বক্তা হিচাপে ধৰ্মালোচনা সভাত অংশগ্ৰহণ কৰিব। এই সভাত সুজাতা দাস আৰু জোনালী সূত্ৰধাৰে যুৱ বক্তা হিচাপে অংশগ্ৰহণ কৰাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম শক্তি পৰিবহন আৰু সংবহন কোম্পানীৰ প্ৰবন্ধক গোপেশ চন্দ্ৰ ঠাকুৰীয়াই।

ধৰ্মালোচনা সভাৰ পিচত বন্তি প্ৰজ্বলনেৰে অধিৱেশনৰ সামৰণি পৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ বাৰ্ষিক অধিৱেশনত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে বৰপেটা জিলা শাখাই।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd