• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলিয়াবৰত কংগ্ৰেছক ডুবাবলৈ টঙালি এ আই ইউ ডি এফৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 20, 2019 9:59 pm
Loksabha election: AIUDF to play major role in Assam's Kaliabor

এ আই ইউ দি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। ফাইল ছবি।

759
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতিত এতিয়া গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে। তেনে সময়ত ৰাজ্যখনৰ ১৪টা সমষ্টিৰ ভিতৰত এইবাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাজনীতি অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনাই দেখা দিছে।

কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থীৰূপে তৰুণ গগৈৰ পুত্ৰ তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ নিশ্চিত হৈছে। সমষ্টিটোত অগপ-বিজেপি মিত্ৰজোঁটে এতিয়ালৈ প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও বুধবাৰে অগপত যোগদান কৰা সদ্য পদত্যাগী আছু নেতা মণিমাধৱ মহন্ত প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত।

তেনে এক সন্ধিক্ষণত কংগ্ৰেছক এইবাৰ বদৰুদ্দিন আজমল বাহিনীয়ে বিপাঙত পেলোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে। পূৰ্বতে ‘হু ইজ বদৰ?’ বুলি কোৱা তৰুণ গগৈ এতিয়া নৰম হৈছে যদিও গগৈৰ ওপৰত খং যেন পাহৰিব পৰা নাই বদৰুদ্দিন আজমলে। সেয়ে কলিয়াবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে এ আই য়ু ডি এফে কিছু শক্তিশালী প্ৰাৰ্থী থিয় কৰাব পাৰে।

কলিয়াবৰত এ আই য়ু ডি এফৰ প্ৰাৰ্থী হ’ব পাৰে ধিঙৰ বিধায়ক আমিনুল ইছলাম। ইছলামৰ ধিঙৰ উপৰিও সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘু অঞ্চলত আছে শক্তিশালী স্থিতি। ফলত কলিয়াবৰত এ আই য়ু ডি এফে জিকিব নোৱাৰিলেও পানী ঘোলা কৰাতো নিশ্চিত। ইয়ে ক্ষতি কৰিব কংগ্ৰেছৰ।

গতিকে এতিয়া গৌৰৱৰ ভাগ্য নিৰ্ভৰ কৰিব এ আই য়ু ডি এফৰ ওপৰত। সমষ্টিটোত কংগ্ৰেছৰ সৈতে ভিতৰুৱা বুজাবুজি কৰি এ আই য়ু ডি এফে দুৰ্বল প্ৰাৰ্থী থিয় কৰাব বুলিও এক চৰ্চা চলি আছে। কিন্তু আমিনুল ইছলামক প্ৰাৰ্থিত্ব দিলে সেই চৰ্চা অমূলক হোৱাৰ সম্ভাৱনা আছে।

আমিনুল ইছলাম যদি প্ৰাৰ্থী হয় ধৰ্মীয় সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টিকেইটাত কংগ্ৰেছৰ ভোট বহু পৰিমাণে হ্ৰাস পাব।

কলিয়াবৰ সমষ্টিটো ১৯৯৮ চনৰ পৰাই একেৰাহে তৰুণ গগৈৰ পৰিয়ালৰ হাততেই আছে। গগৈ পৰিয়াৰ লগতে কংগ্ৰেছৰ এটা শক্তিশালী ভেটি থকাৰ বিপৰীতে প্ৰাক্তন আছু নেতা হিচাপে মণিমাধৱ মহন্তৰো আছে শক্তিশালী স্থিতি। গতিকে গৌৰৱ গগৈৰ সৈতে মণিমাধৱ মহন্তৰ নিৰ্বাচনী যুঁজ অতি প্ৰবল হ’ব পাৰে।

কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত ৪টা বিধানসভা সমষ্টি কংগ্ৰেছৰ দখলত আছে, ৫টা অগপ-বিজেপিৰ আৰু এটা সমষ্টি আছে এ আই য়ু ডি এফৰ দখলত। এ আই য়ু ডি এফৰ দখলত থকা ধিং সমষ্টিৰ বাহিৰেও ৰূপহীহাট, বটদ্ৰৱা আৰু চামগুৰিত আছে দলটোৰ শক্তিশালী স্থিতি।

গতিকে যদি বিধানসভাত সততে সৰৱ আৰু দলৰ মজিয়াতো যথেষ্ট গুৰুত্ব থকা আমিনুল ইছলাম দলটোৰ প্ৰাৰ্থী হয় এই চাৰিওটা সমষ্টিৰ ভোট বিভাজন হোৱাটো নিশ্চিত। এই বিভাজনে বিপদত পেলাব পাৰে গৌৰৱ গগৈক।

২২ মাৰ্চত এ আই য়ু ডি এফৰ নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব বুলি বুধবাৰে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে। এই বৈঠকতে চূড়ান্ত হ’ব এ আই য়ু ডি এফৰ প্ৰাৰ্থী তালিকা।

অৱশ্যে কলিয়াবৰ সমষ্টিত বিধায়ক আমিনুল ইছলামৰ উপৰিও চৰ্চাত আছে দলটোৰ যুৱ নেতা জিশান আলীৰ নামো। গতিকে বদৰুদ্দিন আজমল বাহিনী এইবাৰ তৰুণ গগৈৰ প্ৰতি কিমান সদয় হয় সেয়া সময়তহে দেখা যাব।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd