• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত কংগ্ৰেছক ডুবাবলৈ টঙালি এ আই ইউ ডি এফৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 20, 2019 9:59 pm
Loksabha election: AIUDF to play major role in Assam's Kaliabor

এ আই ইউ দি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতিত এতিয়া গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে। তেনে সময়ত ৰাজ্যখনৰ ১৪টা সমষ্টিৰ ভিতৰত এইবাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাজনীতি অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনাই দেখা দিছে।

কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থীৰূপে তৰুণ গগৈৰ পুত্ৰ তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ নিশ্চিত হৈছে। সমষ্টিটোত অগপ-বিজেপি মিত্ৰজোঁটে এতিয়ালৈ প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও বুধবাৰে অগপত যোগদান কৰা সদ্য পদত্যাগী আছু নেতা মণিমাধৱ মহন্ত প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত।

Apply Now

তেনে এক সন্ধিক্ষণত কংগ্ৰেছক এইবাৰ বদৰুদ্দিন আজমল বাহিনীয়ে বিপাঙত পেলোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে। পূৰ্বতে ‘হু ইজ বদৰ?’ বুলি কোৱা তৰুণ গগৈ এতিয়া নৰম হৈছে যদিও গগৈৰ ওপৰত খং যেন পাহৰিব পৰা নাই বদৰুদ্দিন আজমলে। সেয়ে কলিয়াবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে এ আই য়ু ডি এফে কিছু শক্তিশালী প্ৰাৰ্থী থিয় কৰাব পাৰে।

কলিয়াবৰত এ আই য়ু ডি এফৰ প্ৰাৰ্থী হ’ব পাৰে ধিঙৰ বিধায়ক আমিনুল ইছলাম। ইছলামৰ ধিঙৰ উপৰিও সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘু অঞ্চলত আছে শক্তিশালী স্থিতি। ফলত কলিয়াবৰত এ আই য়ু ডি এফে জিকিব নোৱাৰিলেও পানী ঘোলা কৰাতো নিশ্চিত। ইয়ে ক্ষতি কৰিব কংগ্ৰেছৰ।

গতিকে এতিয়া গৌৰৱৰ ভাগ্য নিৰ্ভৰ কৰিব এ আই য়ু ডি এফৰ ওপৰত। সমষ্টিটোত কংগ্ৰেছৰ সৈতে ভিতৰুৱা বুজাবুজি কৰি এ আই য়ু ডি এফে দুৰ্বল প্ৰাৰ্থী থিয় কৰাব বুলিও এক চৰ্চা চলি আছে। কিন্তু আমিনুল ইছলামক প্ৰাৰ্থিত্ব দিলে সেই চৰ্চা অমূলক হোৱাৰ সম্ভাৱনা আছে।

আমিনুল ইছলাম যদি প্ৰাৰ্থী হয় ধৰ্মীয় সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টিকেইটাত কংগ্ৰেছৰ ভোট বহু পৰিমাণে হ্ৰাস পাব।

কলিয়াবৰ সমষ্টিটো ১৯৯৮ চনৰ পৰাই একেৰাহে তৰুণ গগৈৰ পৰিয়ালৰ হাততেই আছে। গগৈ পৰিয়াৰ লগতে কংগ্ৰেছৰ এটা শক্তিশালী ভেটি থকাৰ বিপৰীতে প্ৰাক্তন আছু নেতা হিচাপে মণিমাধৱ মহন্তৰো আছে শক্তিশালী স্থিতি। গতিকে গৌৰৱ গগৈৰ সৈতে মণিমাধৱ মহন্তৰ নিৰ্বাচনী যুঁজ অতি প্ৰবল হ’ব পাৰে।

কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত ৪টা বিধানসভা সমষ্টি কংগ্ৰেছৰ দখলত আছে, ৫টা অগপ-বিজেপিৰ আৰু এটা সমষ্টি আছে এ আই য়ু ডি এফৰ দখলত। এ আই য়ু ডি এফৰ দখলত থকা ধিং সমষ্টিৰ বাহিৰেও ৰূপহীহাট, বটদ্ৰৱা আৰু চামগুৰিত আছে দলটোৰ শক্তিশালী স্থিতি।

গতিকে যদি বিধানসভাত সততে সৰৱ আৰু দলৰ মজিয়াতো যথেষ্ট গুৰুত্ব থকা আমিনুল ইছলাম দলটোৰ প্ৰাৰ্থী হয় এই চাৰিওটা সমষ্টিৰ ভোট বিভাজন হোৱাটো নিশ্চিত। এই বিভাজনে বিপদত পেলাব পাৰে গৌৰৱ গগৈক।

২২ মাৰ্চত এ আই য়ু ডি এফৰ নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব বুলি বুধবাৰে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে। এই বৈঠকতে চূড়ান্ত হ’ব এ আই য়ু ডি এফৰ প্ৰাৰ্থী তালিকা।

অৱশ্যে কলিয়াবৰ সমষ্টিত বিধায়ক আমিনুল ইছলামৰ উপৰিও চৰ্চাত আছে দলটোৰ যুৱ নেতা জিশান আলীৰ নামো। গতিকে বদৰুদ্দিন আজমল বাহিনী এইবাৰ তৰুণ গগৈৰ প্ৰতি কিমান সদয় হয় সেয়া সময়তহে দেখা যাব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd