ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতি অসমে আজি কোকৰাঝাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰৰ শিশু উদ্যানৰ সন্মুখত আজি ৰাতিপুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত হয়। ধৰ্মঘটত অংশগ্ৰহণ কৰি ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ বৰগয়াৰীয়ে কোচ-ৰাজবংশী, টাই-আহোম, মৰাণ, মটক, চুতীয়া আৰু আদিবাসী এই ছয় জনগোষ্ঠীক জনজাতি মৰ্য্যাদা প্ৰদানৰ সদায় বিৰোধিতা কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে।
প্ৰস্তাৱিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণে বৰ্তমানৰ অনুসূচীত জনজাতিসমূহৰ ভাষা, সংস্কৃতি, পৰিচয় আৰু অস্তিত্বক ধ্বংস কৰিব বুলি ট্ৰাইবেল সংঘই মন্তব্য কৰিছে।
তদুপৰি অনুসূচীত জনজাতিৰ ১২১৫৫ টা বেকলগ পদ পূৰণ কৰা, ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰা, ফৰেষ্ট ডুৱেলাৰ আইন-২০০৬ কাৰ্যকৰী কৰিবলৈও দাবী উত্থাপন কৰিছে ট্ৰাইবেল সংঘই।
গোৱালপাৰাটো প্ৰতিবাদ ট্ৰাইবেল সংঘৰ
বাৰ হাজাৰ বেকলগ পূৰণ কৰা, ২০০৬ চনৰ বন অধিকাৰ আইন কাৰ্যকৰী কৰা আৰু ট্ৰাইবেল বেল্ট ব্লকৰপৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত বুধবাৰে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে ৰূপায়ন কৰে ট্ৰাইবেল সংঘই।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত এই দাবীসমূহ শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ গোৱালপাৰা জিলা ট্ৰাইবেল সংঘই এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গোৱালপাৰাৰ পৰা , প্ৰাগ।