• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমানবন্দৰ থকাৰ পাছতো অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত হেলিপেড কিয়?

খানাপাৰাৰ খেলপথাৰখনক সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 26, 2019 12:13 pm
Khanapara

খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ বতৰত হেলিকপ্তাৰেৰে ৰাজ্যত প্ৰচাৰ অভিযানৰ বাবে সাজু হৈছে কেইবাটাও ৰাজনৈতিক দল। একোটা দলে ভাড়ালৈ লৈছে এখনৰ পৰা চাৰিখনলৈকে হেলিকপ্তাৰ।

দুটাকৈ প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছে ভাড়ালৈ লোৱা হেলিকপ্তাৰসমূহ ৰখোৱাৰ বাবে স্থান নিৰ্ধাৰণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৱাহাটীৰ খানাপাৰা চৌহদ অৰ্থাৎ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ। দল দুটাৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

Apply Now

কিন্তু গুৱাহাটীত এটা আন্তৰ্জাতিক বিমান বন্দৰ থকাৰ পাছতো এখন বিশ্ববিদ্যালয়ৰ খেলপথাৰক খেলৰ সলনি হেলিকপ্তাৰ অৱতৰণৰ স্থান হিচাপে ব্যৱহাৰ কৰিবলগীয়া হ’ল কিয়?

ৰাজ্যিক বিজেপিৰ সূত্ৰই আমাক জানিবলৈ দিয়া মতে, এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দলটোৱে চাৰিখন হেলিকপ্তাৰ ভাড়ালৈ লৈছে। একেদৰে প্ৰদেশ কংগ্ৰেছে দুখন হেলিকপ্তাৰ ভাড়ালৈ লোৱা কথা আমাৰ আগত প্ৰকাশ কৰিছে। অৱশ্যে কংগ্ৰেছে ভাড়ালৈ লোৱা হেলিকপ্তাৰ এতিয়ালৈ আহি পোৱা নাই।

নিৰ্বাচনৰ আগৰ এই সময়ছোৱাত বিভিন্ন সময়ত অসম কৃষি বিশ্ববিদ্যালয় তথা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় কৰ্তৃপক্ষই হেলিপেড সজাবলৈ এৰি দিয়া এই খেলপথাৰখনত উঠা-নমা কৰিব ৰাজনৈতিক দলৰ হেলিকপ্তাৰ। এই খেলপথাৰৰ পৰাই উৰা মাৰিব বা ইয়াৰ জৰিয়তেই আগমন ঘটিব বহু হাইপ্ৰফাইল নেতাৰ। তেনে এক পৰিৱেশত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী খেলিব ক’ত?

যিহেতু হেলিকপ্তাৰ অৱতৰণ আৰু ৰাজনৈতিক নেতাসকলৰ আহ-যাহ চলি থকিব এই খেলপথাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া হোৱাটোও স্বাভাৱিক। তেনে সময়ত খেলপথাৰখনত ক্ৰীড়াৰ পৰিৱেশ থাকিবনে?

ইপিনে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই খেলপথাৰখনত হেলিকপ্তাৰ অৱতৰণৰ বাবে এদিনৰ ভাড়া নিৰ্ধাৰণ কৰিছে ৬০ হাজাৰ টকা। এই কথা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক তথা ক্ৰীড়া প্ৰকল্পটোৰ তত্ত্বাৱধায়ক ৰঞ্জিত নেওগে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে।

“পূৰ্বতে খেলপথাৰৰ ভাড়া দৈনিক দহ হাজাৰ আছিল। কিন্তু যোৱা ৩১ ডিচেম্বৰত ইয়াৰ সংশোধন ঘটাই দৈনিক ৬০ হাজাৰ টকালৈ এই নিৰিখ বৃদ্ধি কৰা হৈছে। সেই অনুসৰি হেলিকপ্তাৰ অৱতৰণৰ বাবেও ৰাজনৈতিক দলসমূহে এদিনত ৬০ হাজাৰকৈ টকা আদায় দিব লাগিব”, ড০ ৰঞ্জিত নেওগে কয়।

তেওঁ লগতে ৰাজনৈতিক দলসমূহে এই ভাড়া কিছু হ্ৰাস কৰাৰ বাবে অনুৰোধ জনোৱাৰ সম্ভাৱনা ব্যক্ত কৰি তেনেক্ষেত্ৰত কৰ্তৃপক্ষই আলোচনা মৰ্মে সিদ্ধান্ত ল’ব বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে, এসময়ৰ গুৱাহাটীৰ এখন অতি উৎকৃষ্ট খেলপথাৰ হিচাপে পৰিগণিত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখনৰ এতিয়াৰ দুৰৱস্থাৰ বিষয়ে নৰ্থ-ইষ্ট নাও-এ বহুকেইটা বাতৰি পূৰ্বে প্ৰকাশ কৰিছে। বিগত কেইবাবছৰ ধৰি বিভিন্ন অনুষ্ঠান, সভা-সমিতি আৰু হেলিকপ্তাৰ অৱতৰণৰ স্থান হিচাপে ব্যৱহাৰৰ ফলত এই খেলপথাৰত এতিয়া নাইকীয়া হৈ পৰিছে ক্ৰীড়াৰ পৰিবেশ।

কেইবাবছৰ ধৰি খেলৰ লগত সম্পৰ্ক নথকা কাৰ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ এৰি দি এসময়ৰ এই উৎকৃষ্ট খেলপথাৰখনক এতিয়া সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। কিন্তু ভাড়াৰ বাবত বছৰি লাখ লাখ টকা সংগ্ৰহ কৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নলয় খেলপথাৰখনৰ উন্নয়নৰ কোনো ব্যৱস্থা।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd