উচ্চ শিক্ষিত নাগৰিকেৰে ভৰি থকা হাই প্ৰফাইল গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ এটা বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। প্ৰাৰ্থী হিচাপে নিজৰ শপতনামাত ওজাই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি উল্লেখ কৰিছে যদিও তেওঁৰ সেই অৰ্হতা ‘প্ৰকৃত’ নহয় বুলি অভিযোগ উঠিছে।
প্ৰাৰ্থীগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰত সৰ্বোচ্চ শিক্ষাগত অৰ্হতাৰ ঠাইত Higher Secondary from Krishna Kanta Handiqui State Open University in 2011 বুলি উল্লেখ কৰিছে।
কিন্তু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ হিতেশ ডেকাই জানিবলৈ দিছে যে বিশ্ববিদ্যালয়খনত উচ্চতৰ মাধ্যমিক বুলিব পৰা কোনো পাঠ্যক্ৰম নাই।
“মুক্ত বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম নাথাকে। আমাৰ Bachelor Preparatory Programme (বি পি পি) বুলিহে এটা পাঠ্যক্ৰম আছিল, যিটো সফলতাৰে সম্পূৰ্ণ কৰিলে শিক্ষাৰ্থীগৰাকীয়ে স্নাতক পৰ্যায়ত নামভৰ্তি কৰিব পাৰে”। উপাচাৰ্য্য ড০ হিতেশ ডেকাই নৰ্থ-ইষ্ট নাওক কয়।
উল্লেখ্য যে কুইন ওজাই ২০১১ চনত মুক্ত বিশ্ববিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল বুলি শপতনামাত উল্লেখ কৰিছে যদিও উপাচাৰ্য্যৰ ভাষ্যৰ পৰা বুজিব পাৰি, প্ৰকৃততে সেই পাঠ্যক্ৰমটো উচ্চতৰ মাধ্যমিক নাছিল। দৰাচলতে বিশ্ববিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম নায়েই।
ইয়াৰোপৰি সেই সময়ত বি পি পি পাঠ্যক্ৰমটো মাত্ৰ ছমহীয়া আছিল। উপাচাৰ্য্যই জনোৱা মতে, ২০১৭-১৮ চনৰ পৰা বন্ধ হৈ পৰা এই পাঠ্যক্ৰমটো পোনতে ছমহীয়া আছিল যদিও তাৰ পাছত দুবছৰীয়া কৰা হৈছিল।
বিজেপিৰ প্ৰাৰ্থী ওজাই অধ্যয়ন কৰা বুলি দাবী কৰা বিশ্ববিদ্যালয়খনৰ এই ভাষ্য সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত বিজেপি প্ৰাৰ্থীগৰাকীয়ে শিক্ষাগত অৰ্হতাৰ বিভ্ৰান্তিকৰ তথ্যৰে নিৰ্বাচন আয়োগক আভুৱা-ভাঁৰা বুলি অভিযোগ উত্থাপন হৈছে।
এইটোও প্ৰসংগক্ৰমে ক’ব পাৰি যে প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ পূৰ্বৰ দল অসম গণ পৰিষদৰ পৰা ২০১১ চনৰ বিধানসভা নিৰ্বাচনত পূব গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰোঁতে মনোনয়ন পত্ৰত শিক্ষাগত অৰ্হতা Matriculation (SEBA) in 1968 বুলি উল্লেখ কৰিছিল।
ওজাৰ এই সন্দেহজনক শিক্ষাগত অৰ্হতাৰ কথা প্ৰচাৰ হোৱাৰ পিছত ছ’চিয়েল মিডিয়া য়ুজাৰে বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীক দলটোৰ ৰাষ্ট্ৰীয় নেত্ৰী স্মৃতি ইৰাণীৰ সৈতে ৰিজোৱা দেখা গৈছে, যিগৰাকীয়ে পূৰ্বে মনোনয়ন পত্ৰত নিজকে স্নাতক বুলি ঘোষণা কৰিছিল যদিও এইবাৰ সৰ্বোচ্চ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক বুলি ঘোষণা কৰিছে।
ইৰাণীয়ে ২০০৪ চনত লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰত নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক বুলি উল্লেখ কৰিছিল আৰু পিছত ২০১১ চনত ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে দিয়া মনোনয়ন পত্ৰত সৰ্বোচ্চ শিক্ষাগত অৰ্হতা B. Com Part-1 বুলি উল্লেখ কৰিছিল।
দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত কেন্দ্ৰীয় টেক্সটাইল মন্ত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ জালিয়াতি সম্পৰ্কীয় এটা গোচৰত নিৰ্বাচন আয়োগৰ এজন বিষয়াই ইৰাণীৰ পূৰ্বৰ তথ্যবোৰৰ সন্ধান পোৱা নাই বুলি জানিবলৈ দি দেশবাসীক আচৰিত কৰিছিল।
ইপিনে ইৰাণীয়ে অধ্যয়ন কৰা বুলি দাবী কৰা দিল্লী বিশ্ববিদ্যালয়েও আদালতক ইৰাণীয়ে বি এ পঢ়াৰ তথ্য বিচাৰি পোৱা নাই বুলি জনাইছিল।
পিছত আদালতে গোচৰটো সময়তকৈ বহুত পিছত (১১ বছৰ) দাখিল কৰা বাবে মন্ত্ৰীগৰাকীক তলব নকৰাকৈ ইয়াক বন্ধ কৰাৰ সিদ্ধান্ত লয়।