• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্দেহৰ আৱৰ্তত শিক্ষাগত অৰ্হতা : ‘অসমৰ স্মৃতি ইৰাণী’ হ’বগৈ নেকি বিজেপি প্ৰাৰ্থী কুইন ওজা?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 3:43 pm
Queen Oja

এখন নিৰ্বাচনী সভাত বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থী কুইন ওজা (বাওঁফালৰ পৰা দ্বিতীয়গৰাকী)। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চ শিক্ষিত নাগৰিকেৰে ভৰি থকা হাই প্ৰফাইল গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ এটা বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। প্ৰাৰ্থী হিচাপে নিজৰ শপতনামাত ওজাই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি উল্লেখ কৰিছে যদিও তেওঁৰ সেই অৰ্হতা ‘প্ৰকৃত’ নহয় বুলি অভিযোগ উঠিছে।

প্ৰাৰ্থীগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰত সৰ্বোচ্চ শিক্ষাগত অৰ্হতাৰ ঠাইত Higher Secondary from Krishna Kanta Handiqui State Open University in 2011 বুলি উল্লেখ কৰিছে।

Apply Now

কিন্তু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ হিতেশ ডেকাই জানিবলৈ দিছে যে বিশ্ববিদ্যালয়খনত উচ্চতৰ মাধ্যমিক বুলিব পৰা কোনো পাঠ্যক্ৰম নাই।

“মুক্ত বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম নাথাকে। আমাৰ Bachelor Preparatory Programme (বি পি পি) বুলিহে এটা পাঠ্যক্ৰম আছিল, যিটো সফলতাৰে সম্পূৰ্ণ কৰিলে শিক্ষাৰ্থীগৰাকীয়ে স্নাতক পৰ্যায়ত নামভৰ্তি কৰিব পাৰে”। উপাচাৰ্য্য ড০ হিতেশ ডেকাই নৰ্থ-ইষ্ট নাওক কয়।

উল্লেখ্য যে কুইন ওজাই ২০১১ চনত মুক্ত বিশ্ববিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল বুলি শপতনামাত উল্লেখ কৰিছে যদিও উপাচাৰ্য্যৰ ভাষ্যৰ পৰা বুজিব পাৰি, প্ৰকৃততে সেই পাঠ্যক্ৰমটো উচ্চতৰ মাধ্যমিক নাছিল। দৰাচলতে বিশ্ববিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম নায়েই।

ইয়াৰোপৰি সেই সময়ত বি পি পি পাঠ্যক্ৰমটো মাত্ৰ ছমহীয়া আছিল। উপাচাৰ্য্যই জনোৱা মতে, ২০১৭-১৮ চনৰ পৰা বন্ধ হৈ পৰা এই পাঠ্যক্ৰমটো পোনতে ছমহীয়া আছিল যদিও তাৰ পাছত দুবছৰীয়া কৰা হৈছিল।

বিজেপিৰ প্ৰাৰ্থী ওজাই অধ্যয়ন কৰা বুলি দাবী কৰা বিশ্ববিদ্যালয়খনৰ এই ভাষ্য সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত বিজেপি প্ৰাৰ্থীগৰাকীয়ে শিক্ষাগত অৰ্হতাৰ বিভ্ৰান্তিকৰ তথ্যৰে নিৰ্বাচন আয়োগক আভুৱা-ভাঁৰা বুলি অভিযোগ উত্থাপন হৈছে।

এইটোও প্ৰসংগক্ৰমে ক’ব পাৰি যে প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ পূৰ্বৰ দল অসম গণ পৰিষদৰ পৰা ২০১১ চনৰ বিধানসভা নিৰ্বাচনত পূব গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰোঁতে মনোনয়ন পত্ৰত শিক্ষাগত অৰ্হতা Matriculation (SEBA) in 1968 বুলি উল্লেখ কৰিছিল।

ওজাৰ এই সন্দেহজনক শিক্ষাগত অৰ্হতাৰ কথা প্ৰচাৰ হোৱাৰ পিছত ছ’চিয়েল মিডিয়া য়ুজাৰে বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীক দলটোৰ ৰাষ্ট্ৰীয় নেত্ৰী স্মৃতি ইৰাণীৰ সৈতে ৰিজোৱা দেখা গৈছে, যিগৰাকীয়ে পূৰ্বে মনোনয়ন পত্ৰত নিজকে স্নাতক বুলি ঘোষণা কৰিছিল যদিও এইবাৰ সৰ্বোচ্চ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক বুলি ঘোষণা কৰিছে।

ইৰাণীয়ে ২০০৪ চনত লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰত নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক বুলি উল্লেখ কৰিছিল আৰু পিছত ২০১১ চনত ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে দিয়া মনোনয়ন পত্ৰত সৰ্বোচ্চ শিক্ষাগত অৰ্হতা B. Com Part-1 বুলি উল্লেখ কৰিছিল।

দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত কেন্দ্ৰীয় টেক্সটাইল মন্ত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ জালিয়াতি সম্পৰ্কীয় এটা গোচৰত নিৰ্বাচন আয়োগৰ এজন বিষয়াই ইৰাণীৰ পূৰ্বৰ তথ্যবোৰৰ সন্ধান পোৱা নাই বুলি জানিবলৈ দি দেশবাসীক আচৰিত কৰিছিল।

ইপিনে ইৰাণীয়ে অধ্যয়ন কৰা বুলি দাবী কৰা দিল্লী বিশ্ববিদ্যালয়েও আদালতক ইৰাণীয়ে বি এ পঢ়াৰ তথ্য বিচাৰি পোৱা নাই বুলি জনাইছিল।

পিছত আদালতে গোচৰটো সময়তকৈ বহুত পিছত (১১ বছৰ) দাখিল কৰা বাবে মন্ত্ৰীগৰাকীক তলব নকৰাকৈ ইয়াক বন্ধ কৰাৰ সিদ্ধান্ত লয়।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd