কাইলৈ, অৰ্থাৎ ১৮ এপ্ৰিলত ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত ৫টা সমষ্টিত ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব ৫০ গৰাকী প্ৰাৰ্থীৰ। ইয়াৰে ৩গৰাকী মহিলা, ১৯জন নিৰ্দলীয় প্ৰাৰ্থী।
নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টিকেইটা হ’ল নগাওঁ, স্বায়ত্তশাসিত জিলা, শিলচৰ, কৰিমগঞ্জ আৰু মঙলদৈ।
কাইলৈ ভোটগ্ৰহণ হ’ব লগীয়া সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে বৰ্তমানো আদালতত চলি আছে বিভিন্ন অপৰাধৰ গোচৰ। প্ৰাৰ্থীকেইগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ সময়ত দাখিল কৰা শপতনামাত স্পষ্টকৈ উল্লেখ কৰা আছে তেওঁলোকৰ গোচৰবোৰৰ বিষয়ে।
এই ক্ষেত্ৰত কেওগৰাকীৰ ভিতৰত আগত আছে ডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’।
হৰেন সিং বেৰ বিৰুদ্ধে আছে দুটাকৈ গুৰুতৰ অপৰাধমূলক গোচৰ। ডিফু আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৬৫/৩৪/৩৬৮/৩৬৪/১২০(বি)১২১/১২২/১২৩ নং ধাৰাত ৪৩/৯৭ ত গোচৰ ৰুজু হৈছিল।
একেটা বৰ্ষতে ডিফু আৰক্ষী থানাতে বে’ৰ আনটো গোচৰো ৰুজু হৈছিল। ভাৰতীয় দণ্ডবিধিৰি ৪৪৮/৩৬৪(এ)/৩৪/১২০(বি)/১২০(এ)/১২২/১২৩/৩৬৮/৩০২(১-০ আৰ্মচ এক্ট) নং ধাৰাত ১৯৩/৯৭ ত ৰুজু হৈছিল গোচৰ।
বিজেপিৰ প্ৰাৰ্থী বে’ৰ বিৰুদ্ধে হত্যা, অপহৰণ, ধন দাবী, ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, ৰাষ্ট্ৰদোহ ইত্যাদি গোচৰত বৰ্তমানো অভিযুক্ত।
ইপিনে চিলাপথাৰৰ আছুৰ কাৰ্য্যালয় লণ্ডভণ্ড কাণ্ডত ঘটনাটোৰ মূল নায়ক সুবোধ বিশ্বাসৰ সংগী সহদেব দাসৰ বিৰুদ্ধেও আছে অপৰাধমূলক গোচৰ। তেওঁৰ বিৰুদ্ধে আছে বে-আইনীভাৱে সংগঠিত হোৱা, বিনা অনুমতিত আনৰ সম্পত্তিত প্ৰৱেশ, হত্যাৰ ভাবুকি আৰু সম্পত্তি ধ্বংসৰ গোচৰ। বৰ্তমানো ধেমাজি ছেছন আদালতত গোচৰটো চলি আছে।
দাস ১০ নং নগাওঁ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী।
ইয়াৰোপৰি, ১ নং কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নকল নথি-পত্ৰ ব্যৱহাৰকাৰী তথা জালিয়াতিৰ অভিযোগত অভিযুক্ত। তেওঁৰ বিৰুদ্ধে চলিত বৰ্ষতে ভাৰতীয় দণ্ডিবিধিৰ ১৯৬/৩৭০/৩৭১ নং ধাৰাত ৯২/১৯ নম্বৰত কাটলিচেৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছিল। বৰ্তমানো তেওঁৰ বিৰুদ্ধে গোচৰ প্ৰক্ৰিয়া শেষ হোৱা নাই।
শিলচৰ সমষ্টিৰ সাংসদ তথা বৰ্তমানৰ প্ৰাৰ্থী সুস্মিতা দেবৰ বিৰুদ্ধেও ৩০৩/২০১০ নম্বৰত শিলচৰৰ আৰ. দেব দণ্ডাধীশত পৰিবেশ সুৰক্ষা আইন ১৯৮৬ আৰু পৌৰসভাৰ কঠিন জাৱৰৰ তথ্য যোগানত অৱজ্ঞা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। বৰ্তমানো এই গোচৰ চলি আছে।
আনহাতে, দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হ’ব লগীয়া সমষ্টিকেইটাৰ প্ৰাৰ্থীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ২৬ গৰাকী। বাকী ২৪ গৰাকী প্ৰাৰ্থী স্নাতক ডিগ্ৰীতকৈ কম শিক্ষাগত অৰ্হতাযুক্ত প্ৰাৰ্থী।
দুটাকৈ প্ৰধান ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপিৰ পাঁচোটা সমষ্টিৰে প্ৰাৰ্থীসকলৰ ভিতৰত ভুৱনেশ্বৰ কলিতা (কংগ্ৰেছ, মঙ্গলদৈ), সুস্মিতা দেব (কংগ্ৰেছ, শিলচৰ), প্ৰদ্যুত বৰদলৈ (কংগ্ৰেছ, নগাওঁ), ৰাজদ্বীপ ৰয় (শিলচৰ, বিজেপি), বীৰেনছিং ইংতি(ডিফু, কংগ্ৰেছ) স্নাতকোত্তৰ ডিগ্ৰীধাৰী।
মন কৰিবলগীয়া যে, মুঠ ৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছৰ ৪ গৰাকী প্ৰাৰ্থীৰ বিপৰীতে বিজেপিৰ এগৰাকী প্ৰাৰ্থীহে স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ৫০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৪ গৰাকী প্ৰাৰ্থীয়েই স্নাতক ডিগ্ৰীধাৰী নহয়।