• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাঙলৰ সমৰ্থনতহে অসমত পদুম ফুল ফুলিছে : হিমন্ত বিশ্ব শৰ্মা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 20, 2019 10:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নাঙলৰ সমৰ্থনতহে অসমত পদুম ফুল ফুলিছে । অসমত যে পদুম ফুল ফুলিল সেইয়া নাঙলৰ সমৰ্থনৰ বাবেহে সম্ভৱ হৈছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সমৰ্থনতহে অসমত বিজেপি চৰকাৰ গঠন কৰিব পৰা গৈছে।’ এই ভাষ্য ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাবলৈ আহি তামুলপুৰৰ কুমাৰীকাটাত আজি মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

Apply Now

কেইবা সহস্ৰাধিক লোকৰ সমাগাম হোৱা বিশাল সভাখনত শৰ্মাই সাংসদ নৱ কুমাৰ শৰণীয়াক অনাবড়ো লোকৰ ঠিকাদাৰ বুলিও কটাক্ষ কৰি কয়, ‘বিগত নিৰ্বাচনত বড়ো-অনাবড়োৰ ভোট বিভাজনেৰে সাংসদ হিচাপে নিৰ্বাচিত হোৱা নৱ কুমাৰ শৰণীয়াই নিজকে নিৰাপত্তা দিব নোৱাৰে। তেওঁ অনাবড়ো সকলক কি দৰে নিৰাপত্তা প্ৰদান কৰিব? আলফাৰ পৰা অহা নৱ কুমাৰ শৰণীয়াই তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ নিৰ্বাচন খেলিবলৈ আহিছে। গতিকে নৱ কুমাৰ শৰণীয়াৰ নিজৰেই নিৰাপত্তা নোহোৱা হৈছে।‘

নাঙলৰ ছবিত প্ৰমিলা ৰাণী ব্ৰহ্মক ভোট দিবলৈ ৰাইজক আহ্বান জনাই শৰ্মাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে।

আনহাতে সভাত  অংশগ্ৰহণ কৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নৱ কুমাৰ শৰণীয়া আৰু ইউ জি ব্ৰহ্মক ক্ষুৰধাৰ সমালোচনা কৰে। ‘ইউ জি ব্ৰহ্মৰ কোনো কাম নাই’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘ইউ জি ব্ৰহ্মই আগতেও নিৰ্বাচন জিকা নাই আৰু এইবাৰো জিকিব নোৱাৰে।‘ ইপিনে নৱ শৰণীয়াক সমালোচনা কৰি মহিলাৰীয়ে কয়, ‘নৱ শৰণীয়াক ৰাইজে এতিয়া আৰু আঁকোৱালি নলয়। বিগত পাঁচ বছৰে সাংসদ হিচাপে নৱ কুমাৰ শৰণীয়াই উন্নয়নৰ এটা কামো কৰিব নোৱাৰিলে।‘

সভাত ৰাজসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু তামলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়েও বক্তব্য ৰাখে। আজি উক্ত সভাত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, বি টি চিৰ কার্যবাহী সদস্য দেবেন বড়ো, এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীকে ধৰি কেইবাগৰাকী বিজেপি আৰু বি পি এফ নেতা উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd