• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজেন গোহাঁইৰ গোচৰ যৌন কেলেংকাৰিৰ বাতৰি প্ৰচাৰ কৰা চেনেলৰ বিৰুদ্ধে ||Video||

“ৰাজনৈতিক ভাবমূৰ্তি নষ্ট হ'ল; এই নিউজটোৰ বাবেই মই টিকট নাপালো”, ৰাজেন গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 24, 2019 2:27 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোচৰীয়াৰ সৈতে বুজাবুজি কৰি যৌন কেলেংকাৰিৰ গোচৰৰ পৰা মুক্তি পালেও ইতিমধ্যে ৰাজনৈতিক কেৰিয়াৰত অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱা ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাওঁ লোকসভা সমষ্টিৰ সাংসদ ৰাজেন গোহাঁই অৱশেষত খৰ্গহস্ত হৈছে সংবাদ মাধ্যমৰ ওপৰত।

মন্ত্ৰীজনে আজি কামৰূপ মহানগৰৰ চি জে এমৰ আদালতত গোচৰ ৰুজু কৰে যৌন কেলেংকাৰিটোৰ বাতৰি প্ৰচাৰ কৰা এটা বাতৰি চেনেলৰ ডি ৱাই থ্ৰী ছিক্স ফাইভৰ বিৰুদ্ধে।

লগতে পঢ়ক ধৰ্ষণৰ গোচৰ ৰুজু হ’ল ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে

গোহাঁইৰ অভিযোগ, বিশেষ অৱস্থাত থকা মহিলা-পুৰুষৰ এখন ফটোৰ সৈতে তেওঁৰ বিৰুদ্ধে যৌন কেলেংকাৰিৰ সত্যতা নথকা বাতৰি প্ৰচাৰ কৰি ভাবমূৰ্তি নষ্ট কৰিছিল বাতৰি চেনেলটোৱে।

“মোৰ ফটো লগাই মই হয় নে নহয় কোনো প্ৰমাণ নোহোৱাকৈ বাতৰি প্ৰচাৰ কৰিছে। ‘সাইলাখ ৰাজেন গোহাঁইৰ নিচিনা’ বুলি তেওঁলোকে নিজৰ ভাষ্যতে কৈছে”, বাতৰিটোৰ সৈতে প্ৰচাৰ কৰা বিশেষ ফটোখন সন্দৰ্ভত ৰাজেন গোহাঁয়ে কয়।

Rajen Gohain
আদালত চৌহদত সংবাদ মাধ্যমৰ আগত মন্তব্য ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ। ২৪ এপ্ৰিল, ২০১৯ত।

নিজৰ অধিবক্তাৰ সৈতে আদালতলৈ অহা গোহাঁয়ে বাতৰিটোক “অত্যন্ত ক্ষতিকৰ, অত্যন্ত মান হানিকৰ” (defamatory)  আখ্যা দি সংবাদ মাধ্যমৰ আগত কয়, “এই নিউজটোৰ বাবেই মই টিকট নাপালো। সামাজিকভাৱে, বন্ধু-বৰ্গৰ মাজত, ফল’ৱাৰৰ মাজত ভাবমূৰ্তি বেয়া হ’ল।”

গোহাঁয়ে Brahmaputra Tele Productions Pvt. Ltd., ডি ৱাই-থ্ৰী ছিক্স ফাইভ নামৰ টেলিভিশ্যন চেনেলটোৰ পৰিচালন সঞ্চালক দ্বীপান্বিতা জয়ছোৱাল, এডিটৰ ইন চীফ মনোজ কুমাৰ গোস্বামী আৰু চেনেলটোৰ নগাঁৱৰ স্থানীয় সংবাদদাতা তপন কুমাৰ বৰাক সাঙুৰি মানহানিৰ গোচৰটো বিচাৰৰ বাবে আদালতত দাখিল কৰিছে।

গোহাঁইৰ অধিবক্তা দেৱজিত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, “আই পি চি ২০২ -ৰ অধীনত এটা অনুসন্ধান হ’ব লাগে, সেই অনুসন্ধান চলি আছে। তাৰ অংশ হিচাপে আজি দুগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। অহা ৩ মে’ত আন দুগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰা হ’ব। সাক্ষ্য গ্ৰহণৰ অন্তত যালৈ জাননী জাৰি কৰিব লগীয়া হয়, কৰিব আদালতে।”

অধিবক্তাজনে জনোৱা মতে, ই এটা ফৌজদাৰী মানহানিৰ গোচৰ আৰু ই ভাৰতীয় দণ্ডবিধিৰ ৪৯৯/৫০০/৫০১/৩৪/৩৫-অৰ অধীনত পৰে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd