• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুইন ওজা-ভাগ্য কলিতা-আশা বৰাৰ বিৰুদ্ধে গোচৰ, মাটি কিনা-বেচাত জালিয়াতিৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 24, 2019 6:44 pm
Land scandal: FIR filed against Bhagya Kalita, Asha Bora and BJP leader Queen Ojah

গ্ৰীনৱুদ ৰিছ’ৰ্ট। ছবি সৌজন্য-- গ্ৰীনৱুদ ৰিছ’ৰ্ট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী মাটি জালিয়াতিৰে নামজাৰি কৰি কিনা-বেচা কৰাৰ অভিযোগেৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু ব্যৱসায়ী ভাগ্য কলিতা আৰু আশা বৰাৰ বিৰুদ্ধে দিচপুৰ থানাত এটা গোচৰ ৰুজু হৈছে।

আৰ টি আই কৰ্মী দুলাল বৰাৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/৪৬৮/৪৭১/৪০৬/৪২০ ধাৰাত তিনিওজনৰ বিৰুদ্ধে গোচৰ (নং ১০৩১/১৯) ৰুজু কৰা হৈছে।

Apply Now

কামৰূপ (মহানগৰ) জিলাৰ বেলতলা মৌজাৰ অন্তৰ্গত ২নং খানাপাৰাত থকা গ্ৰীণউড ৰিজ’ৰ্টক সাঙোৰ খাই থকা দাগ নম্বৰ ১৮২, ১৮৩, ১৮৪, ১৮৫, ১৮৯ আৰু পট্টা নং ৫৯, ৫৮, ৫৭, ৭৯ৰ ভূমিখিনি চৰকাৰী মাটি, ৰিজ’ৰ্টখনৰ “স্বত্ত্বাধিকাৰী” ব্যৱসায়ী ভাগ্য কলিতা বুলি উল্লেখ কৰি দুলাল বৰাৰ এজাহাৰ।

বৰাই দাখিল কৰা তথ্য অনুসৰি উক্ত ভূমিৰ পুৰণি পট্টা নম্বৰ ৩ আৰু পুৰণি দাগ নম্বৰ ২৯ আৰু ৩০ৰ মুঠ ৬ বিঘা মাটি দানসূত্ৰে ১৯৯২ চনৰ ২৫ আগষ্টত মাধৱ ৰাম বৰা আৰু আশা বৰাৰ নামত নামজাৰি কৰা হয়।

উক্ত ভূমিৰ বিপৰীতে ২০০৬ চনৰ ৩ মাৰ্চৰ দিনা পূৰ্বৰ কামৰূপ জিলা চিনিয়ৰ চাব ৰেজিষ্টাৰ নথি মতে ১৯৮৫ চনৰ আগৰ কোনো ৰেকৰ্ড উক্ত ভূমিৰ বিপৰীতে নাই। অৰ্থাৎ উক্ত ভূমি চৰকাৰী ভূমি, বৰাৰ দাবী।

অভিযোগকাৰী বৰাৰ প্ৰশ্ন, কিন্তু যদি এই ভূমি চৰকাৰী, তেন্তে ইয়াক আশা বৰা আৰু হেমৰাজ বৰাৰ নামত আবণ্টন দিয়া হ’ল কেনেকৈ?

‘বেলতলা মৌজাৰ খানাপাৰা ননেক গাঁৱৰ পুৰণি পট্টা নম্বৰ ৩(নতুন ৩১) আৰু পুৰণি দাগ নম্বৰ ২৯ (নতুন ১৭৩) মুঠ ১৮৭.২৫ এৰিয়া ভূমি কিহৰ ভিত্তিত আশা বৰা আৰ হেমৰাজ বৰাৰ নামত আবন্টন দিলে সেয়া সন্দেহৰ আৱৰ্তত।‘, এজাহাৰত উল্লেখ বৰাৰ।

বৰাই প্ৰশ্ন ‘অসম চৰকাৰৰ ভূমি আইন অনুসৰি ৰাজ্যৰ কোনো স্থানতেই যদি কোনো ব্যক্তিৰ পিতৃৰ নামত ভূমি নাথাকিলে আৰু দাৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি হ’লেহে চৰকাৰী ভূমি সৰ্বাধিক ২ কঠা আবন্টন দিয়া হয়। কিন্তু এইক্ষেত্ৰত দাৰিদ্ৰ সীমাৰেখাৰ ওপৰত বসবাস কৰা ব্যক্তিৰ নামত কেনেদৰে লেণ্ড এডভাইজৰি কমিটিৰ অনুমোদন নোহোৱাকৈ নামজাৰি হ’ল সেয়া বুজা নগ’ল। উক্ত ভূমিৰ বিপৰীতে পূৰ্বৰ কোনো ৰেকৰ্ড নোপোৱাকৈ কিহৰ ভিত্তিত উক্ত ভূমি সকলো দায়ৰ পৰা মুক্ত বুলি উল্লেখ কৰিলে?’

বৰাই দাখিল কৰা তথ্য মতে ৯৯ বছৰৰ বাবে আশা বৰাই লীজত লোৱা ভূমিখিনি ১৩ বছৰ হওঁতেই ২০০৬ চনত নিজৰ নামত নামজাৰি কৰি ল’লে। আৰু তাৰ পাছতে মাটিখিনি কুইন ওজা আৰু ভাগ্য কলিতাক বিক্ৰী কৰিলে।

’মুঠ মাটিৰ পৰিমাণ ১৯ বিঘা ২ কঠা ১৬ লেচা। ইয়াৰে কুইন ওজাই ক্ৰয় কৰে প্ৰায় ৬ বিঘা মাটি।’, নৰ্থ ইষ্ট নাওৰ আগত বৰাই এইদৰে কয়।

আকৌ নামজাৰি কৰাৰ লগে লগে মাটিখিনি বিক্ৰী কৰাক লৈয়ো বৰাই প্ৰশ্ন উত্থাপন কৰিছে।

‘যেতিয়া চি কে দাস ৰাজহ বিভাগৰ আয়ুক্ত সচিব আছিল, তেতিয়া এক নিয়ম কৰা হৈছিল যে যদি চৰকাৰী মাটি কাৰোবাৰ নামত আবন্টন দিয়া হয়, তেন্তে ১০ বছৰলৈ মাটিখিনি কাকো বিক্ৰী কৰিব নোৱাৰে। তেনে পৰিপ্ৰেক্ষিতত আশা বৰাই নামজাৰি কৰিয়েই লগে লগে কুইন ওজা আৰু ভাগ্য কলিতাক ২০০৬ চনতে বিক্ৰী কৰি তেওঁলোকৰ নামত নামজাৰি কেনেকৈ কৰিলে?’, দুলাল বৰাৰ প্ৰশ্ন।

গোটেই প্ৰক্ৰিয়াটোতে ব্যাপক দুৰ্নীতি আৰু দালালি হোৱাৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মীজনে।

‘আশা বৰা কুইন ওজাৰ নবৌৱেক। কুইন ওজা হ’ল ৰাধা বৰা নামৰ মাটিৰ দালালজনৰ জীয়ৰী। বৰ্তমানো ৰাধা বৰাৰ আদালতত গোচৰ চলি আছে। মাটিৰ দালালি জন্মগত।‘, নৰ্থ ইষ্ট নাওৰ আগত বৰাৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd