বৈষম্যমূলক নীতি পৰিহাৰ কৰি পূৰ্বৰ প্ৰাদেশীকিকৰণ আইন ২০১১ৰ গণ্ডীত বিত্ত বিভাগত থকা ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশীকিকৰণ কৰাৰ দাবী উত্থাপন কৰে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।
ঐক্যমঞ্চৰ মুখ্য সম্পাদক ভূৱনেশ্বৰ লহকৰ, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে চৰকাৰক উক্ত দাবী উত্থাপন কৰে।
বিবৃতিটোত ঐক্যমঞ্চই উল্লেখ কৰে যে, নিৰ্বাচনৰ সময়ত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বৰ্তমানৰ চৰকাৰখনে ইচ্ছাকৃতভাৱে প্ৰাদেশীকিকৰণ সমস্যাটো অনিশ্চয়তাৰ পিনে ঠেলি দিছে।
ৰাজ্য চৰকাৰৰ এনে মনোভাৱৰ বাবেই পৰিৱৰ্তনকামী চৰকাৰখনৰ দিনটো ভেন্সাৰ শিক্ষানুষ্ঠানসমূহত বছৰ বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক-কৰ্মচাৰীসকলে খালী হাতেৰে অৱসৰ গ্ৰহণ কৰাৰ লগতে শিক্ষকসকলে আৰ্থিক দৈন্যতাত ভূগিব লগা হৈছে।
প্ৰাদেশীকিকৰণ বিষয়টো চৰকাৰক পুনৰ অৱগত কৰাৰ বাবে অহা ৩০ জানুৱাৰীত ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলক স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা বুলি উক্ত বিবৃতিটোত উল্লেখ কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে, প্ৰাদেশীকিকৰণ আইন ২০১১ আৰু সংশোধনী ২০১২-১৩ ৰ অধীনত বিত্ত বিভাগত থকা ২৮৮৮খন নিম্ন প্ৰাথমিক, ৩১৩৫খন উচ্চ প্ৰাথমিক, ২২৫খন উচ্চ মাধ্যমিক, ১১৪খন উচ্চতৰ মাধ্যমিক, ১০৫খন কনিষ্ঠ মহাবিদ্যালয়, ৮৫খন সংস্কৃত টোল, ২০খন ছিনিয়ৰ মাদ্ৰাছা, ১৪৩খন প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ লগতে প্ৰথম পৰ্যায়ৰ পৰা ৰৈ যোৱা ৯৬খন শিক্ষানুষ্ঠানৰ প্ৰায় ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে নিযুক্তি পত্ৰ পোৱাৰ আশাত ৰৈ আছিল যদিও বৰ্তমানৰ চৰকাৰখনে পূৰ্বৰ প্ৰাদেশীকিকৰণ আইনখন বাহাল ৰখাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
উল্লেখযোগ্য যে একেখন আইনৰ আওতাত অন্তৰ্ভুক্ত একাংশ শিক্ষক-কৰ্মচাৰীয়ে বৰ্তমানেও দা-দৰমহা লাভ কৰি আছে যদিও আন একাংশই প্ৰাদেশীকিকৰণৰ মুখ দেখিবলৈ সক্ষম নোহোৱাতো চৰকাৰখনৰ বৈষম্যমূলক নীতি বুলি উল্লেখ কৰি উক্ত নীতি পৰিহাৰ কৰি চৰকাৰখনক নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অতিশীঘ্ৰে প্ৰাদেশীকিকৰণ কাম সম্পন্ন কৰাৰ দাবী উত্থাপন কৰে ঐক্যমঞ্চই।