মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোৱা ১৫ এপ্ৰিলত ঝাৰখণ্ডত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুবৰণ কৰা চি আৰ পি এফৰ বীৰ জোৱান বিশ্বজিৎ চৌহানৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত হৈ থাকি বীৰ জোৱানগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
চহিদ জোৱান গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে শ্ৰ্ধাঞ্জলি জনাই মুখ্য মন্ত্ৰী গৰাকীয়ে কয়ে যে আজি সমগ্ৰ ৰাজ্য বীৰ গৰাকীৰ দেশপ্ৰেম আৰু সাহসত গৌৰৱান্বিত।
মুখ্য মন্ত্ৰী গৰাকীয়ে বীৰ জোৱান গৰাকীৰ পিতৃ-মাতৃ ক্ৰমে কমল চৌহান আৰু ফুলকুমাৰী দেৱীৰ সৈতেও কথা পাতি সমবেদনা জ্ঞাপন কৰে। লগতে বীৰ জোৱানগৰাকীৰ পৰিয়াললৈ ২০ লাখ টকাৰ বিত্তীয় সাহায্যৰ এখন চেক প্ৰদান কৰে।
উল্লেখযোগ্য যে যোৱা ১৫ এপ্ৰিলত পুৱা প্ৰায় ৬ বজাত ঝাৰখণ্ডৰ গিৰিদিহ জিলাৰ ভেলভাঘাট অৰণ্যত বীৰ জোৱান বিশ্বজিৎ চৌহান মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল। ওদালগুৰি জিলাৰ কলাইগাঁও পুঠিমাৰী গাঁৱৰ চহিদ জোৱানগৰাকীয়ে ৪ বছৰ আগতে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীত যোগদান কৰিছিল।