• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট জিমখানাত জুবিনক দুৰ্ব্যৱহাৰ : কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ গৰিহণা

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
May 4, 2019 9:18 pm
03-05-19 Golaghat- Zubeen Garg performing Rangali Bihu (1)

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিহুত গীত পৰিৱেশনৰ সময়ত জুবিন গাৰ্গ। ফটো : য়ু বি

4.5k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহি জুবিন গাৰ্গে গোলাঘাট জিমখানা ৰিজৰ্ট কৰ্তৃপক্ষৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা ঘটনাকলৈ গোলাঘাটত এতিয়া তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সমাজে এখনে নিমন্ত্ৰণ কৰি আনি আপ্যায়ন কৰা এগৰাকী অতিথিক ৰিজৰ্ট কৰ্তৃপক্ষই বলপূৰ্বক উলিয়াই পঠিওৱা কাৰ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে তীব্ৰ গৰিহণা দিয়ে আৰু ভৱিষ্যতে কোনো শিল্পী,কলা-কুশলীক উক্ত হোটেলত থাকিবলৈ নিদিয়ে বুলি মন্তব্য কৰিছে।

উল্লেখযোগ্য যে এইবাৰ জিমখানা ৰিজৰ্টৰ স্বত্বাধিকাৰী বিজয়লক্ষ্মী বৰুৱা আৰু দেৱশ্যাম বৰুৱাই সন্মিলনৰ উদ্যোক্তাসকলক সন্মিলনলৈ আমন্ত্ৰণ জনোৱা শিল্পীগৰাকীক তেওঁলোকৰ ৰিজৰ্টত সম্পূৰ্ণ বিনামূলীয়াকৈ ৰখাৰ প্ৰস্তাৱ দিছিল আৰু সেই অনুযায়ী জুবিন গাৰ্গ উক্ত ৰিজৰ্টত আছিল। কিন্তু অনুষ্ঠানৰ অন্তত পিছদিনা জিৰণি লৈ থকা শিল্পীগৰাকীক তেওঁ নিজে ওলাই অহাৰ পূৰ্বেই জোৰকৈ কোঠা খালি কৰি ওলাই আহিবলৈ কৰ্তৃপক্ষই বাধ্য কৰে।

উক্ত কাৰ্যৰ বিৰুদ্ধে শুকুৰবাৰে নিশা শিল্পী গৰাকীয়ে সোণাৰীত অনুষ্ঠিত বিহু সন্মিলনত ক্ষোভ প্ৰকাশ কৰে। উল্লেখযোগ্য যে আজি শিল্পী গৰাকীৰ উক্ত বক্তব্য সম্বলিত ভিডিও আৰু বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে গোলাঘাটৰ অন্যান্য দল- সংগঠন আৰু সুধী সমাজেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

আনকি দুই-এক সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী জনাইছে। মনকৰিবলগীয়া যে শিল্পী গৰাকীৰ কোঠাটোক লৈ সৃষ্টি হোৱা অসুবিধা সম্পৰ্কে ৰিজৰ্ট কৰ্তৃপক্ষই বিহু কমিটিক অৱগত কৰা নাছিল।

ইপিনে এই সমগ্র ঘটনা সম্পৰ্কত জিমখানাৰ তৰফৰ পৰা দেৱশ্যাম বৰুৱাই জনোৱা মতে তেওঁলোকে এটা দিনৰ বাবে শিল্পী গৰাকীৰ থকা-খোৱাৰ সকলো দায়িত্ব লৈছিল আৰু সেই অনুসৰি সকলো সুবিধা প্ৰদান কৰিছিল। কিন্তু দ্বিতীয় দিনা অৰ্থাৎ ৩ মে’ত শিল্পী গৰাকীক দিয়া কোঠাটো গোলাঘাটত অনুষ্ঠিত হৈ থকা টেবুল টেনিছ প্ৰতিযোগিতাত যোগদান কৰিবলৈ অহা ডিব্ৰুগড়ৰ এটা পৰিয়ালে বুক কৰি থৈছিল। গতিকে উক্তদিনা প্ৰায় ২.৩০ বজাত উক্ত পৰিয়ালটোৱে আহি কোঠাটো বিচাৰে।

যিহেতু ৰিজৰ্টখনত মাত্ৰ চাৰিটা থকা কোঠাৰ ব্যৱস্থা আছে,গতিকে তেনেস্থলত উক্ত পৰিয়ালটোক ৰাখিবলৈ পৃথক কোঠা নথকাত শিল্পীগৰাকীক কোঠাটো আজৰি কৰি দিবলৈ অনুৰোধ জনোৱা হয় বুলি বৰুৱাই উল্লেখ কৰে। কিন্তু বিয়লি ৪.৩০ বজা পৰ্য্যন্ত জুবিনে কোঠাতো আজৰি কৰি দিয়াৰ বাবে কোনোধৰণৰ সঁহাৰি নজনোৱাত তেওঁক জোৰ কৰি কোঠা খালি কৰিবলৈ কোৱা হয় অন্যথা প্ৰশাসনৰ সহায় ল’ব বুলি কৰ্তৃপক্ষই উল্লেখ কৰে।

পিচে, হোটেল কৰ্তৃপক্ষই যিমানেই স্পষ্টীকৰণ নিদিয়ক কিয় অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী গৰাকীক কৰা দুৰ্ব্যৱহাৰৰ বাবে জিমখানা কৰ্তৃপক্ষক গোলাঘাটৰ ৰাইজে সদায় গৰিহণা দিব আৰু জগৰীয়া কৰিব।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd