• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ পৰা পুনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা কম প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2019 7:22 am
23-04-19-Guwahati-Manmohan-singh-Casting-vote-1-750x375

মনমোহন সিঙৰ ফাইল ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা সুদীৰ্ঘ দিন ধৰি ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হোৱা ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ কাৰ্য্যকাল ১৪ জুনত সামৰণি পৰিব। প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ এইবাৰ অসমৰ পৰা পুনৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা কম হৈ পৰিছে।

বৰ্তমান অসমৰ দুজন ৰাজ্যসভাৰ সাংসদ ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্য্যকাল অহা ১৪ জুনত সমাপ্ত হ’ব।

অসমত তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছত এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক দল সমূহে অহা মাহত খালী হ’বলগীয়া ৰাজ্যসভাৰ আসন দুখনক লৈ ৰাজনৈতিক সমীকৰণ আৰম্ভ কৰিছে।

‘এতিয়ালৈ কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, কিন্তু ৰাজ্যসভাত আমাৰ প্ৰাৰ্থীক বিজয়ী কৰাব পৰাকৈ আমাৰ প্ৰয়োজনীয় বিধায়কৰ সংখ্যা নাই। তথাপি আমি এই সন্দৰ্ভত কাম কৰি আছো, ৰাজ্যসভাৰ খালী হ’বলগীয়া দুখন আসনৰ বাবে আমি সম্ভৱত এজন প্ৰাৰ্থীহে দিম’ কংগ্ৰেছৰ এজন জেষ্ঠ  নেতাই এনেদৰে মন্তব্য কৰে।

উল্লেখযোগ্য যে, বৰ্তমান অসম বিধান সভাৰ ১২৬ খন আসনৰ ভিতৰত বিজেপিয়ে ৬১ খন, অগপই ১৪ খন আৰু বিপিএফে ১২ খন আসন দখল কৰি আছে।গতিকে বিজেপি মিত্ৰজোটৰ আগত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ সম্ভাৱনা যথেষ্ট কম।

আনহাতে, মুখ্য বিৰোধী দল কংগ্ৰেছে ২৫ খন আৰু এ আই য়ু ডি এফে ১৩ খন আসন দখল কৰি আছে।

অসমৰ পৰা ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰা ড০ মনমোহন সিঙে ১৯৯১ চনত প্ৰথম বাৰৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ২০১৩ চনৰ ৩০ মে’ত ক্ৰমাগত পঞ্চমবাৰৰ বাবে তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

অসমৰ প্ৰাক্তন মুখ্য  মন্ত্ৰী হিতেশ্বৰ শইকীয়াই ড০ সিঙক প্ৰথম বাৰৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে সুযোগ প্ৰদান কৰিছিল আৰু মনমোহন সিঙ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ বিত্ত মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

Recent News

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd