• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰিদ্ৰ অসমীয়াক বাংলাদেশী জে’লত পচিবলৈ কিয় দিছে চৰকাৰে?

অসম চৰকাৰৰ প্ৰয়োজনীয় সঁহাৰিৰ অভাৱতে ম্যাদ উকলাৰ পিছতো পোৱা নাই মুক্তি

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
May 8, 2019 9:50 pm
Missing man from Mangaldai captive in Bangladesh jail even after jail term

পৰিয়ালৰ সৈতে মুকুল হাজৰিকা, কাষত তেওঁৰ ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰ। ছবি-- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া দেশৰ অ-মুছলমান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিবলৈ ৰাষ্ট্ৰীয় সংকল্পধাৰী বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলতে বাংলাদেশী জে’লত পচিছে দৰিদ্ৰ অসমীয়া।

তাৎপৰ্য্যপূৰ্ণভাৱে, বিদেশীৰ চিন্তাত দেশী বিক্ষোভলৈ কেৰেপ নকৰা সোণোৱাল চৰকাৰৰ সঁহাৰিহীনতাৰ বাবেই ম্যাদ উকলাৰ পিছতো বাংলাদেশত বন্দী হৈ আছে মুকুল হাজৰিকা নামৰ মঙলদৈৰ ৰিক্সাচালকজন।

Apply Now

হাজৰিকাৰ নাগৰিকত্বৰ সত্যাসত্যতা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ প্ৰয়োজনীয় সঁহাৰিৰ অভাৱতে ম্যাদ উকলাৰ পিছতো তেওঁ মুক্তি পোৱা নাই, এই তথ্য বাংলাদেশত ভাৰতীয় উপ উচ্চায়ুক্ত বিশ্বদীপ দে’ই অসম চৰকাৰলৈ যোৱা ৫ মে’ত দিয়া পত্ৰ (DAC/CONS/411/03/2019)ৰ।

অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰা পত্ৰখনৰ প্ৰতিলিপি ৰাজ্যৰ মুখ্য সচিব আৰু দৰং জিলাৰ উপায়ুক্তকো দিয়া হৈছে।

বৰ্তমান বাংলাদেশৰ ফেনি জে’লত বন্দী হাজৰিকা ফুলেশ্বৰ হাজৰিকাৰ একমাত্ৰ পুত্ৰ, গাওঁ মঙ্গলদৈ আৰক্ষী থানাৰ অন্তৰ্গত হ’দাপাৰা। তিনি বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা হাজৰিকা বিবাহিত, তেওঁৰ পত্নী কাঞ্চন হাজৰিকা আৰু আছে দুই সন্তান।

এসময়ত মঙলদৈৰ জানাৰাম চৌকাত ৰিক্সা চলোৱা হাজৰিকা কি কাৰণত কেতিয়া গৈ দেশখনত বন্দী হ’ল সেই কথা জানিব পৰা হোৱা নাই। কোনো বিদ্ৰোহী গোটৰ সৈতে তেওঁৰ সম্পৰ্কৰ সম্ভাৱনাও নুই কৰিছে পিতৃ ফুলেশ্বৰ হাজৰিকাই।

পিতাকৰ মতে তেওঁ কিছু পৰিমাণে “মানসিক বিকাৰগ্ৰস্ত”। তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালে মঙলদৈ থানাত এখন এজাহাৰো দাখিল কৰিছিল।

কি কাৰণত তেওঁ নিৰুদ্দেশ হ’ল তাৰ কোনো উৱাদিহ নোপোৱা পৰিয়ালটোৱে ব্যক্তিজনৰ পৰিয়ালৰ সন্ধান কৰিবলৈ আৰক্ষী অহাৰ পিছতহে এই সন্দৰ্ভত জানিব পাৰিছে।

দৰঙৰ উপায়ুক্তই উপ উচ্চায়ুক্তৰ পত্ৰৰ পিছতে ব্যক্তিজনৰ পৰিয়ালৰ সন্ধান কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছিল।

“সি হেৰোৱা দিনা জানাৰাম চৌকালৈ সি মোৰ চাইকেলখন লৈ ওলাই গৈছিল আৰু তেতিয়াৰে পৰা চাইকেলো নাই, মানুহো নাই,” নিৰুদ্দেশৰ দিনটোৰ পিতৃৰ স্মৃতি।

এতিয়া তিনি বছৰ পিছত হাজৰিকাৰ সম্ভেদ পাই পৰিয়ালটো আনন্দিত হৈছে যদিও একেটা সময়তে বিষাদেও তেওঁলোকক আৱৰি ধৰিছে– ধন-বিত নোহোৱা তেওঁলোকৰ বাবে বাংলাদেশলৈ গৈ তেওঁক মুকলি কৰি অনাটো সম্ভৱ নহয়।

পৰিয়ালৰ একধৰণৰ একমাত্ৰ উপাৰ্জনকাৰী হাজৰিকাক যিকোনো প্ৰকাৰে মোকলাই অনাৰ ব্যৱস্থা কৰাৰ বাবে পৰিয়ালটোৱে এতিয়া চৰকাৰৰ মুখলৈকে বাট চাইছে।

মঙলদৈৰ লগতে সমগ্ৰ দৰং জিলাতে কথাটোৱে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

সোণোৱাল চৰকাৰে দৰিদ্ৰ লোকজনক মোকলাই অনাৰ ব্যৱস্থা কৰিবনে?

দৰিদ্ৰ অসমীয়াক বাংলাদেশী জে’লত পচিবলৈ কিয় দিছে চৰকাৰে?

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd