ম্যানমাৰৰ চাগাইং দিভিজনৰ তা গাত বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছৰে পৰা কেইমাহমানৰ পৰা আলফা (স্বাধীন)ত আত্মসমৰ্পণৰ ঢল পৰিলক্ষিত হৈছে। ১৩ মে’ত শিৱসাগৰ জিলাৰ মাইবেলাস্থিত সেনা শিৱিৰত আলফা স্বাধীনৰ লেন্স কৰ্পৰেল ৰূপক দাস ওৰফে পদুম অসম নামৰ কেডাৰজনে আত্মসমৰ্পণ কৰে।
সেনাৰ সূত্ৰই জনোৱা মতে আলফা কেডাৰজনে শিৱসাগৰ জিলা আৰক্ষী, সেনাৰ ১৭ নং পাৰা ফিল্ড ৰেজিমেন্ট আৰু সেনাৰ চোৱাংচোৱাৰ সহযোগত আত্মসমৰ্পণ কৰে।
উল্লেখযোগ্য যে শিৱসাগৰৰ দিচাংমুখৰ জেইল গাঁৱত জন্মগ্ৰহণ কৰা ৩১ বছৰীয়া ৰূপক দাস ওৰফে পদুম অসমে ২০১০ চনত আলফাত যোগদান কৰিছিল।
আত্মসমৰ্পণৰ সময়ত আলফা কেডাৰজনে ৬টা মাৰাণাস্ত্ৰ সেনাৰ হাতত জমা দিয়ে। সেনাই পিছত আত্মসমৰ্পণকাৰী আলফা কেডাৰজনক শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে।