• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহুভিত্তিক বিষয়ৰ অৱতাৰণা : কিছু প্ৰশ্ন

“জাতীয় স্বাৰ্থতে আমি বিহুৰ লগতে আমাৰ সমূহ সাংস্কৃতিক সম্পদৰ সেই সেই মূল বৈশিষ্ট্যবোৰ ধৰি ৰাখিব লাগিব”

শিৱজিত দত্ত by শিৱজিত দত্ত
May 15, 2019 12:53 pm
ফাট বিহুত নাচনি

ফাট বিহুত নাচনি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি সম্প্ৰতি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিদ্ধান্ত লৈছে যে ২০২০ বৰ্ষৰপৰা কাৰ্যকৰী হোৱাকৈ “বিহু” সম্পৰ্কীয় এটি পাঠ্যবিষয় আৰম্ভ কৰা হ’ব। বিষয়টো ঐচ্ছিক বিষয় হিচাপে থাকিব আৰু কোৱা হৈছে যে বিহু বিজতৰীয়া হ’ব ধৰাৰ আজিৰ উদ্বেগময় পৰিস্থিতিত ইয়ে নতুন প্ৰজন্মক বিহুৰ আচল ৰূপৰ সৈতে পৰিচিত কৰাৰ লগতে জাতীয় সাংস্কৃতিক চেতনাকো মজবুত কৰাত সহায় কৰিব।

এইকথা ঠিক যে তাহানিৰ যিখন কৃষিভিত্তিক সমাজৰ নিৰ্যাসৰূপে বিহু সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশ ঘটিছিল, সেইখন সমাজ আজি আৰু বৰ্তি থকা নাই। আজিৰ অৰ্ধ-ঔপনিবেশিক আৰু অৰ্ধ-পুঁজিবাদী বিশ্বায়নী পৰিস্থিতিৰ ক্ৰীড়নক হৈ পৰা অসমৰ সমাজ-জীৱন তাহানিৰ সেই পৰিবেশৰ পৰা বহু দূৰ আঁতৰি আহিল। এতেকে বিহুও তাহানিৰ অবিকৃত ৰূপতে থাকি যাব বুলি ভবাটো এক দুৰাশা। কিছু কিছু পৰিৱৰ্তন মানি ল’বই লাগিব। কিন্তু, এইকথাও ঠিক যে বিশ্বায়নী পুঁজিবাদ নামৰ কালাপাহাৰটোৱে সকলো থলুৱা সংস্কৃতিকে ভাঙি চূৰ-মাৰ কৰি পেলাব খোজে। সেয়ে পৰিস্থিতি-ভিত্তিক পৰিৱৰ্তনৰ নামত যদি কোনো এক সংস্কৃতি বা সাংস্কৃতিক সমলৰ সমুদায় বুনিয়াদ উৰি যাবলৈ দিয়া হয়, তেন্তে তাৰ ‘সুকীয়া’ বুলি কোনো বৈশিষ্ট্য বাছি নাথাকিব আৰু তাৰ আলমত টিকি থকা ‘জাতীয় চৰিত্ৰ’ও হতবল হৈ পৰিব। দুৱাৰ-খিৰিকী খুলি পৰিৱৰ্তনৰ মুকলি বতাহ সোমাবলৈ দিয়া এটা কথা আৰু হু-হুৱাই অহা ধুমুহাক ঘৰৰ চৌবেৰ উৰাই নিবলৈ দিয়া আন এটা কথা। জাতীয় স্বাৰ্থতে আমি বিহুৰ লগতে আমাৰ সমূহ সাংস্কৃতিক সম্পদৰ সেই সেই মূল বৈশিষ্ট্যবোৰ ধৰি ৰাখিব লাগিব যিবোৰ আমাৰ আজিৰ আধুনিক পৰিস্থিতি-সাপেক্ষ প্ৰয়োজনবোৰৰ বিৰুদ্ধে নাযায়।

Apply Now

সেইফালৰ পৰা সংসদৰ সিদ্ধান্তক আদৰণি জনাব লাগিব। কিন্তু, দুটা প্ৰশ্ন আমি কৰিব খোজোঁ। প্ৰথম প্ৰশ্নটো এই যে যদিহে অসমৰ নৱ-প্ৰজন্মক অসমৰ সংস্কৃতিৰ অবিকৃত ৰূপৰ ওচৰ চপাই অনাৰ লক্ষ্যেৰেই এই সিদ্ধান্ত লোৱা হৈছে, তেন্তে কেৱল বিহুৰ ভিত্তিতেই এটা পাঠ্যবিষয় প্ৰস্তুত কৰিব খোজা কিয়? সকলো সচেতন অসমীয়াই বুজে যে আমাৰ নৱপ্ৰজন্ম আমাৰ নিজস্ব ইতিহাস, ভূগোল আৰু সংস্কৃতিৰ পৰা ক্ৰমাগতভাৱে আঁতৰি গৈ আছে বা তেওঁলোকক আঁতৰাই নি থকা হৈছে। তেওঁলোকৰ বহুতেই অসমৰ নদ-নদী, পাহাৰ, বিল আদিৰ সৈতে পৰিচিত নহয়। অসমৰ অধিবাসী ভিন ভিন জনগোষ্ঠীৰ পৰিচয়, জীৱনধাৰা আদি সম্পৰ্কে বহুতেই অৱহিত নহয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান আত্মসাৎ কৰি কেনেকৈ বাৰেৰহণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিছে তাৰ ভু-ভা বহুতেই নাপায়। ভিন ভিন জনগোষ্ঠীৰ মাজৰ মানসিক দূৰত্বৰ ইও এটা কাৰণ। গতিকে, সংসদে কেৱল বিহুৰ ভিত্তিতে এটা বিষয়ৰ অৱতাৰণা নকৰি অসমৰ ভূগোল, বুৰঞ্জী আৰু বিশেষকৈ বাৰেৰহণীয়া সংস্কৃতিৰ ভিত্তিত এটা পাঠ্যবিষয় প্ৰস্তুত কৰা হ’লে সেয়া জাতীয় জীৱনৰ বাবে অধিক ফলপ্ৰসূ হ’লহেঁতেন।

দ্বিতীয় প্ৰশ্নটো এই যে যদিহে জাতীয় জীৱনৰ স্বাৰ্থতে এনে এটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে তেন্তে বিষয়টো ঐচ্ছিক কৰিব খোজা হৈছে কিয়? বাধ্যতামূলক কিয় নকৰে? এইটো হয় বাৰু যে অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়-সমূহত কেৱল অসমীয়া ছাত্ৰ-ছাত্ৰীয়েই নপঢ়ে, আন আন জাতিৰ ছাত্ৰ-ছাত্ৰীও আছে। কিন্তু, নিজক অসমীয়া বুলি পৰিচয় দিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এনে এটা বিষয় বাধ্যতামূলক কৰাত বাধা ক’ত? ইংৰাজী যদি বাধ্যতামূলক হ’ব পাৰে, তেন্তে জাতীয়-জীৱন গঢ়াত অৰিহণা দিব পৰা বিষয় এটা কিয় ঐচ্ছিক হৈ থাকিব লাগে?

আমাৰ কথা এই যে সংসদে যদিহে এটা নতুন বিষয়ৰ যোগেদি অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াত কিছু অৰিহণা দিব বিচাৰিছে, তেন্তে তাত বিহুৰ লগতে অসমৰ বৰ্ণাঢ্য সংস্কৃতি আৰু তাৰ ইতিহাসৰো তাৎপৰ্যপূৰ্ণ উপাদান সন্নিবিষ্ট কৰক আৰু সেই বিষয়টো অসমীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰক।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইলঃ [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd