অতি বিপদসংকুল হৈ পৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পাৱৈ – লিডু সংযোগী ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ছোৱা । বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে এটা সপ্তাহত দুবাৰকৈ ঘন্টা ঘন্টা ধৰি জাগুণ- লিডুৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰে ।
লিডুৰ টিৰাপ কলিয়ৰীস্থ ৩১৫ নং (পূৰ্বতে ৩৮ নং) ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা ডাঙৰ ডাঙৰ গাঁতত গাড়ী বাগৰি পৰাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হয় । ৰাজ্যখনৰ এটা অতি গুৰুত্বপৃৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ পাৱৈৰ পৰা লিডু লৈ থকা ৩১৫ নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থাই সকলোকে জ্বলা-কলা খুৱাই আহিছে ।
বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। তাৰোপৰি খৰালি পথছোৱা ধূলিময় হৈ পৰে আৰু বাৰিষা ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হয়। এনে কদৰ্য অৱস্থাৰ ফলত পথচাৰী, গাড়ী চালকৰ বাবে গোটেই পথটো মৰণফাণ্ডত পৰিণত হৈছে।

উল্লেখযোগ্য যে, এই পথছোৱা পুনঃ নিৰ্মাণ আৰু পথ মেৰামতিৰ বাবে অহা ৬০ লক্ষ টকাৰ দুৰ্নীতিৰ তদন্তৰ দাবীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আজি সংস্থাই প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জৰিয়তে বাৰম্বাৰ ৰাষ্ট্ৰীয় পথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আৰু পথটি মেৰামতিৰ বাবে অহা ৬০ লক্ষ টকাৰ দুৰ্নীতিৰ তদন্তৰ দাবী জনাই অহাৰ লগতে মুখ্য মন্ত্ৰীলৈ দুবাৰকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত উদ্বেগ প্ৰকাশ কৰে সংস্থাই ।
এই সম্পৰ্কে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনৰ সৈতে সংস্থাই আলোচনাত মিলিত হৈ বিষয়টো সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনোৱাৰ প্ৰায় ২৩ দিন অতিক্ৰম কৰাৰ পাছতো সামান্যতম তৎপৰতা প্ৰদৰ্শন নকৰাত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।
ৰাষ্ট্ৰীয় পথৰ দুয়োকাষৰ নলা বন্ধ কৰি একাংশ ই ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাৰ লগতে ৰাষ্টীয় পথৰ কাষৰ জলাশয়ত বৃহৎ পকী ঘৰ সজাৰ ফলত পানী ওলাই যোৱাৰ কোনো সুবিধা নথকাত ৰাষ্ট্ৰীয় পথটো অধিক জৰাজীৰ্ণ হোৱা বুলি মতপ্ৰকাশ কৰি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই এই ধৰণৰ বে-আইনী কাৰ্যৰ বিৰুদ্ধে মহকুমা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

তদুপৰি, ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি মহকুমা প্ৰশাসনৰ মুৰব্বী সুমিত সত্তাৱনৰ এই ক্ষেত্ৰত কোনো দ্বায়িত্ব নাই নেকি বুলি সংগঠনটোৱে প্ৰশ্ন কৰে । গণতান্ত্ৰিক চৰকাৰ এখনৰ বিৰুদ্ধে সাংবাদিকে ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ দাবীত আন্দোলনত জপিয়াই পৰাৰ পাছতো চৰকাৰ , প্ৰশাসন তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি অহাটো দুৰ্ভাগ্যজনক বুলি প্ৰেছ বাৰ্তাত উল্লেখ কৰি মে’ মাহৰ ভিতৰত চৰকাৰে ৩১৫ নং ৰাষ্ট্ৰীয় পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে সংস্থাই মাৰ্ঘেৰিটাৰ বিভিন্ন অৰাজনৈতিক দল-সংগঠন তথা ৰাইজৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।
মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই বিগত সময়ছোৱাত বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা বিহু মেলা তথা অন্যান্য বিভিন্ন কাৰ্যসূচীৰ বাবে ১৩ মে’ৰ ঘোষিত কাৰ্যসূচী কিছুদিনলৈ স্থগিত ৰখা বুলি জানিবলৈ দিয়ে মুখপাত্ৰ মানস প্ৰতিম গগৈয়ে। মে’ৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে দুৰ্নীতিৰ তদন্তৰ আনুষ্ঠানিক প্ৰতিশ্ৰুতি নাপালে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে।