বুধবাৰে গুৱহাটীৰ জুৰোডত সংঘটিত গ্ৰেনেড বিস্ফোৰণত ১১ জনকৈ লোক আহত হৈছিল। আহতসকলৰ ভিতৰত দুজন অৱস্থা গুৰুতৰ আছিল। ঘটনা সংঘটিত হোৱাৰ পাছতে আহত সকলক ততাতয়াকৈ হাস্পাতলত ভৰ্তি কৰা হয়।
আহতসকলৰ ভিতৰত পাঁচজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰাৰ বিপৰীতে আন ছয়জনক মহানগৰীৰ আন দুখন ব্যক্তিগত হাস্পাতালত ভৰ্তি কৰে।
জিএম চি এইচৰ অধীক্ষক ড০ ৰমেন তালুকদাৰে জানিবলৈ দিয়ে যে হাস্পাতালখনত ভৰ্তি কৰোৱা আহত পাঁচজন লোকৰ ভিতৰত চাৰিজন সুস্থ হৈ পৰাৰ পাছত বৃহস্পতিবাৰে বিয়লি হাস্পাতালৰ পৰা যাবলৈ দিয়া হয়।
আনহাতে, বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা আন এজন ব্যক্তি ফাৰদিন হাছান ৰহমানক আই চি য়ুত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে। ফাৰদিনে বিস্ফোৰণত হাত, কাণ আৰু চকুত বোয়াকৈ আঘাত পাইছিল। তদুপৰি, বৰ্তমান পেটৰ অস্ত্ৰোপচাৰ চলি থকা ফাৰদিন এতিয়াও সংকটমুক্ত হোৱা নাই।
ইপিনে, গুৱাহাটীৰ বিস্ফোৰণৰ ঘটনাৰ তদন্তত আৰক্ষীয়ে বিশেষ অগ্ৰগতি লাভ কৰিছে আৰু ঘটনাৰ সৈতে জড়িতৰ সন্দেহত দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী