নলবাৰী নাট্য মন্দিৰত দেওবাৰে সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত সপ্তম বাৰ্ষিক ঐক্যতান বঁটা প্ৰদান অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰা হয়। সভাৰ লগত সংগতিৰাখি প্ৰকাশ কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থখন উন্মোচন কৰে সাংস্কৃতিক সাংবাদিক বিদ্যুত কুমাৰ ভূঞাই।
অসমৰ নাট্য, সাহিত্য, সংগীত, চলচিত্ৰ, সংবাদ ক্ষেত্ৰ আদিৰ লগত জড়িত হৈ সমাজৰ বাবে অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰতিবছৰে নিৰ্বাচিত কৰি ঐক্যতান বঁটা প্ৰদান কৰি অহা হৈছে। অসমৰ বিশিষ্ট সাহিত্যিক নলবাৰী ৰত্ন ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যই সভাত উপস্থিত থাকি আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰে।
সন্ধিয়া অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ৰঞ্জিত বৰ্মনে। অসম সাহিত্য সন্মিলনৰ সভাপতি বৰছন বৰুৱাই সভাখনত আদৰণি ভাষণ দিয়ে।
চলিত বৰ্ষৰ ঐক্যতান বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ক্ৰমে প্ৰস্তুতি পৰাশৰ আৰু বৰষাৰাণী বিষয়াই। শ্ৰেষ্ঠ নাট্যকাৰ আৰু শ্ৰেষ্ঠ নাট পৰিচালকৰ বঁটা লাভ কৰে ৰাজদ্বীপ আৰু তপন দাসে। শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ বঁটা অসীম গগৈ, শ্ৰেষ্ঠ খলনায়ক মুহি বৰা, শ্ৰেষ্ঠ চলচিত্ৰ ঈশ্বু, শ্ৰেষ্ঠ চলচিত্ৰ পৰিচালক অৰূপ মান্না আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা তৰালী শৰ্মালৈ আগবঢ়োৱা হয়।
আনহাতে, শ্ৰেষ্ঠ জীৱনীমূলক উপন্যাসৰ বাবে ভাস্কৰ জ্যোতি গোস্বামী, শ্ৰেষ্ঠ প্ৰবন্ধ সংকলন বিভা দেৱী, শ্ৰেষ্ঠ কাব্য সংকলন ড০ ইকবাল হছেইন, বৈদ্যুতিন মাধ্যমৰ শ্ৰেষ্ঠ সাংবাদিক সুনীল বৰা, ছপা মাধ্যমৰ শ্ৰেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকালৈ আগবঢ়োৱা হয়। তাৰোপৰি, ছ’চিয়েল মিডিয়া, শ্ৰেষ্ঠ সাংগঠক, শ্ৰেষ্ঠ সমাজকৰ্মী আদি কৰি বহুকেইটা শিতানত বঁটা এইবাৰ ভালেকেইগৰাকী ব্যক্তিক প্ৰদান কৰা হয়।