একেৰাহে দুবাৰকৈ বিপৰ্যয়ৰ সন্মুখীন হ’ল কংগ্ৰেছ। ইয়াৰ পাছতেই ৰাহুল গান্ধীয়ে সভাপতি পদ ত্যাগৰ প্ৰস্তাৱ আগবঢ়ায় যদিও এই প্ৰস্তাৱত সন্মতি জনোৱা নাই কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে। কিন্তু ৰাহুল গান্ধীৰ পদত্যাগৰ প্ৰস্তাৱত সন্মতি নজনোৱাতো দলটোত গান্ধী পৰিয়ালৰ নেতৃত্ব অব্যাহত ৰখাৰ কৌশল বুলিও বহুতেই ক’ব বিচাৰে।
নিৰ্বাচনৰ ফলাফলৰ পাছতেই পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ পদত্যাগৰ বিষয়টো চৰ্চাত থকাৰ সময়তে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আগবঢ়াইছে বিপৰীত মন্তব্য। গগৈৰ মতে ‘ৰাহুল গান্ধী নহ’লে যোগ্য নেতা কোন আছে?’
সোমবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে। যি মন্তব্যত প্ৰকাশ পাইছে তৰুণ গগৈয়ে ৰাহুল গান্ধীকেই দলটোৰ নেতৃত্বত থকাটো বিচাৰে।
তৰুণ গগৈৰ মতে কংগ্ৰেছক নেতৃত্ব দিব পৰা সকলোৰে গ্ৰহণযোগ্য নেতা দলটোত নাই। দলটোৰ পৰিয়ালকেন্দ্ৰিক চৰিত্ৰক লৈ হোৱা চৰ্চা সন্দৰ্ভত গগৈয়ে কয়, ‘’পৰিয়ালকেন্দ্ৰিক বুলি নহয়, এতিয়া তেওঁলোকৰ (নেহৰু-ইন্দিৰা গান্ধীৰ পৰিয়াল) বাদে কোন আছে। সিন্ধিয়াৰ কথা ওলাইছিল, কিন্তু তেওঁ নিজেই দেখোন হাৰি থাকিল।‘’
গগৈয়ে লগতে কয়, ‘’সেই পৰিয়ালটোৰ সমান কাৰ গ্ৰহণযোগ্যতা আছে? ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী বা ৰাহুল গান্ধীৰ সমান জনপ্ৰিয়তা কোনেও অৰ্জন কৰিব পৰা নাই। মহাত্মা গান্ধীৰ পাছতেই সমগ্ৰ দেশত নেহৰু পৰিয়ালৰ সমান প্ৰভাৱ কাৰো নাই। চৰ্দাৰ বল্লভ ভাই পেটেলো আমাৰ নেতা আছিল কিন্তু তেওঁক কিমান মানুহে জানে?’’
নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত ৩৭ শতাংশ ভোট পাওতেই ছুনামি বুলি কোৱা হৈছে, কিন্তু ৰাজীৱ গান্ধীয়ে ৪৯ শতাংশ পাইছিল অৰ্থাৎ মোদীতকৈ বহুত বেছি ভোট পাইছিল। ‘’মোদীয়ে ৩৭ শতাংশ ভোট পোৱাত ছুনামি কেনেকৈ হ’ল? ভাৰতবৰ্ষৰ অধিকাংশ মানুহেই দেখোন তেওঁৰ বিৰুদ্ধে ভোট দিলে,’’-গগৈয়ে কয়।
এতিয়ালৈ লাভ কৰা ভোটৰ পৰিমানেৰে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীক নৰেন্দ্ৰ মোদীয়ে চেৰ পেলাব পৰা নাই বুলি উল্লেখ কৰি তৰুণ গগৈয়ে কয় যে মোদীক সকলোতকৈ জনপ্ৰিয় নেতা বুলি প্ৰতিষ্ঠাহে কৰিব বিচৰা হৈছে। তেওঁ লগতে প্ৰধান মন্ত্ৰী মোদীক ‘মাৰ্কেটিং এক্সপাৰ্ট’ বুলি অভিহিত কৰে।
শেহতীয়াভাৱে যোৱা ২৫ মে’ত নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক সম্পৰ্কেও জানিবলৈ দিয়ে তৰুণ গগৈয়ে। ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ শোচনীয় পৰাজয়ৰ পাছত একাংশ জ্যেষ্ঠ নেতাৰ ওপৰত এই বৈঠকতেই অসন্তুষ্টি ব্যক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।
তেওঁ লগতে কংগ্ৰেছৰ পুনৰ গঠন কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও কয়। অসমতো দলটোক পুনৰগঠন কৰি ৰাইজৰ মাজলৈ নিব লাগিব বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।