গুৱাহাটী মহানগৰীৰ লগত উত্তৰ পাৰক সংযোগ কৰা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু তাৰ লগে লগে যাতায়াতৰ বাবে মুকলি কৰি দিয়া হ’ব দলংখন। এই কথা উত্তৰ-পূব সীমান্ত ৰে’লৱেই জানিব দিছে।
উল্লেখ্য যে কেইবা বছৰ ধৰি দিনে নিশাই গধুৰ যান-বাহনৰ বোজা বহন কৰি অহা দলংখন যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছিল। সেয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেই মেৰামতিৰ উদ্দেশ্যে যোৱা মাৰ্চ মাহতে ৯০ দিনৰ বাবে পুৰণি শৰাইঘাট দলংখন বন্ধ কৰি দিছিল।
দলংখন বন্ধ হৈ থকাৰ ফলত শৰাইঘাটৰ নতুন দলংখনৰে যাতায়াতৰ ক্ষেত্ৰত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হৈছিল সাধাৰণ লোক। ৰাইজৰ এনে যন্ত্ৰনাৰ কথা জানিব পাৰি যোৱা ২৯ এপ্ৰিলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলং মেৰামতিৰ কাম পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে মেৰামতিৰ কাম লেহেমিয়া দেখি বিভাগীয় অভিযন্তা তথা বিষয়া সকলক ২০ জুনৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল।
মুখ্য মন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰে’লৱে কৰ্তৃপক্ষই মেৰামতিৰ কামত অধিক শ্ৰমিক নিয়োগ কৰে। যাৰ ফলত যাতায়াতৰ বাবে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে শৰাইঘাটৰ পুৰণি দলংখন।
এই সম্পৰ্কে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জানিবলৈ দি কয় যে মুখ্য মন্ত্ৰী সোণোৱালে দলংখন মেৰামতিৰ বাবে নিৰ্ধাৰণ কৰি দিছিল ২০ জুন আৰু সেই অনুসৰি ৰে’লৱে কৰ্তৃপক্ষই উক্ত তাৰিখৰ পূৰ্বে দলংখন যাতায়াতৰ উপযোগী কৰি তুলিছে।
আনহাতে মেৰামতি কৰা দলংখন বহুদিনলৈ আৰু মেৰামতিৰ প্ৰয়োজন নহ’ব বুলিও উল্লেখ কৰে জনসম্পৰ্কৰক্ষী বিষয়া ভট্টাচাৰ্যই।