উত্তৰ-পূবৰ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ঠিকাভিত্তিক কয়লা মাইনিং কোম্পানী এম এছ বি জি আৰ এণ্ড ইনফা লিমিটেড নামৰ কোম্পানীটোৱে কোনো ধৰণৰ উপযুক্ত কাৰণ দাখিল নকৰাকৈ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ক’ল ইণ্ডিয়াৰ টিৰাপ কয়লা মাইনিং ক্ষেত্ৰৰ সকলো কাম-কাজ বন্ধ কৰি দিয়ে।
কোম্পানীটোৱে কাম-কাজ বন্ধ কৰি এনেদৰে হঠাৎ প্ৰায় ৩৫০ গৰাকীৰো অধিক কৰ্মচাৰীক অব্যাহতি দিয়াৰ ফলত আজি ক্ষুব্ধ কৰ্মচাৰী সকলে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ক’ল ইণ্ডিয়া তথা কৰ্মচাৰী সকলৰ সৈতে ৫ বছৰৰ বাবে চুক্তিবদ্ধ হোৱা এম এছ বি জি আৰ এণ্ড ইনফা লিমিটেড নামৰ কোম্পানীটোৱে বিগত ২৪ মে’ত এখন জাননী জাৰি কৰি আজিৰে পৰা কৰ্মচাৰী সকলক কামৰ পৰা অব্যাহতি দিয়ে।
কোম্পানীটোৱে জাৰি কৰা জাননী খননত কোনো ধৰণৰ কাৰণ উল্লেখ নকৰাকৈ হাইদৰাবাদত মুখ্যকাৰ্যালয় থকা কোম্পানীটোৱে এইদৰে কাম বন্ধ কৰি দিয়াত ৩৫০ গৰাকীৰো অধিক কৰ্মচাৰীৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে।
আনহাতে, আজি দিনৰ প্ৰায় ১১ বজাত কৰ্মচাৰী সকলে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতিৰ জৰিয়তে কোম্পানীটোৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ বাবে দাবী জনায়। কৰ্মচাৰী সকলৰ দাবীৰ পাছতেই মহকুমাধিপতিয়ে কোম্পানীটোৰ এজন উচ্চ প্ৰদস্থ বিষয়া আৰু ক্ষুব্ধ কৰ্মচাৰী সকলৰ একাংশৰ লগত দিনৰ ২.৩০ বজাত আলোচনাত মিলিত হয় যদিও কোম্পানী কৰ্তৃপক্ষই এই সমস্যাসমূহ সমাধানৰ বাবে ১১ জুনলৈ সময় বিচাৰে।
এনেদৰে হঠাৎ কয়লা মাইনিং কোম্পানীটো বন্ধ হোৱা ঘটনাক সহজ ভাৱে লব পৰা নাই কোম্পানীটোৰ কৰ্মচাৰী সকলে।