চামগুৰিৰ মালিবস্তিত ৪ জুনৰ নিশা সংঘটিত এক ঘটনাই বাৰুকৈয়ে বিপাঙত পেলালে বন বিভাগৰ বনবিষয়া-বনৰক্ষীক।
ঘটনাৰ বিৱৰণি মতে নগাঁৱৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ উদমাৰি উপ খণ্ড বন বিভাগৰ এটা দলে মালবস্তি অঞ্চলত নিশা বন্যহস্তী খেদিবলৈ গৈছিল।
ফলত বন বিভাগৰ দলটোৱে তেওঁলোকৰ এ এছ ০১ এ জি ৮৬২৯ নম্বৰৰ একমাত্ৰ বাহনখন পদৰ দাঁতিতে এৰি থৈ যাব লগীয়া হয়। ইয়াৰে সুযোগ গ্ৰহণ কৰি কোনো অচিনাক্ত দুৰ্বৃত্তই বন বিভাগৰ দলটোৱে ব্যৱহাৰ কৰা বাহনখনৰ তেলৰ টেংকী ভাঙি ডিজেলৰ লগত নিমখ মিহলি কৰি দিয়ে।
পিছত বন বিভাগৰ দলটো পুনৰ বাহনখনৰ ওচৰত আহি উপস্থিত হোৱাত তেলৰ টেংকীত নিমখ মিহলোৱা বুলি জানিব পাৰে। এই কাণ্ড কোনো অসাধু চোৰাং কাঠৰ ব্যৱসায়ীয়ে সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে।
আনহাতে এনেদৰে বন বিভাগৰ লোকৰ বাহনত ডিজেলৰ লগত নিমখ মিহলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে অঞ্চলটোত একাংশ দুৰ্বৃত্তৰ যে দপদপনি বৃদ্ধি পাইছে তাক এই কথাই প্ৰমাণ কৰিছে বুলিও একাংশ স্থানীয় ৰাইজে মন্তব্য কৰিছে।