• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱন-মৃত্যুৰে যুঁজিছে প্ৰতিভাৱান এজন যুৱকে : সুহৃদজনৰ অকণমান সহায়ৰ প্ৰয়োজন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 6, 2019 4:55 pm
gogoi

চিকিৎসাধীন সোমনাথ গগৈ। ফটো : ফেচবুক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলচ্চিত্ৰ জগতত কাম কৰাৰ অলেখ সপোন লৈ অধ্যয়নত ব্ৰতী হৈ থকা এজন প্ৰতিভাৱান ছাত্ৰই সম্প্ৰতি জীৱন-মৃত্যুৰে যুঁজি আছে। এক ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ছাত্ৰজন।

ছাত্ৰজন লখিমপুৰ জিলাৰ আজাদৰ সোমনাথ গগৈ। কলকাতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টিলিভিশ্যন ইনষ্টিটিউটত ছাউণ্ড ৰেক’ৰ্ডিং এণ্ড ডিজাইনিঙৰ স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি আছে সোমনাথে।

Apply Now

যোৱা ২৮ মে’ত গৃহ চহৰ লখিমপুৰতেই দুৰ্ঘটনাত পতিত হয় সোমনাথ গগৈ। তাৰ পাছৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত ভেন্টিলেশ্যনত ৰখা হৈছে মেধাৱী ছাত্ৰজনক। চিকিৎসকে জানিবলৈ দিয়া মতে তেওঁ মগজু আৰু হাঁওফাওত গুৰুতৰভাৱে আঘাত পাইছে। ইয়াৰ উপৰিও তেওঁৰ এখন ভৰিও ভাঙিছে।

index
ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত সোমনাথ গগৈ।

পিতৃহীন সোমনাথৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন হৈছে যথেষ্ট ধনৰ। যিটো বহন কৰাতো সাধাৰণভাৱে চলি থকা তেওঁৰ পৰিয়ালৰ বাবে অসম্ভৱস্বৰূপ হৈ পৰিছে। তেওঁৰ একাংশ বন্ধু-বান্ধৱীয়ে কিছু সহায় কৰিছে যদিও সেয়া পৰ্য্যাপ্ত হোৱা নাই।

সোমনাথৰ বন্ধু মহৰ্ষী কাশ্যপে নৰ্থ-ইষ্ট নাওক কয়, ‘’সোমনাথৰ স্বাস্থ্যৰ অৱস্থা সামান্য ভালৰ ফালে আহিছে যদিও চিকিৎসকে এতিয়াও তেওঁক বিপদমুক্ত বুলি কোৱা নাই। তেওঁৰ চিকিৎসাৰ ব্যয় এতিয়া বাঢ়ি আহিছে, যিটো তেওঁৰ মাতৃ আৰু পৰিয়াল বৰ্গই বহন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া কোনো লোকে যদি সহায় কৰিবলৈ আগবাঢ়ি আহে সেয়া সোমনাথৰ বাবে এক ডাঙৰ উপকাৰ হ’ব।‘’

উল্লেখ্য যে, সোমনাথে সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ ছাউণ্ড ৰেকৰ্ডিং এণ্ড ডিজাইনিঙৰ বিগত বৰ্ষৰ পৰীক্ষাত প্ৰতিষ্ঠানখনৰ ভিতৰতেই দ্বিতীয় স্থান লাভ কৰিছিল। তাৰ বাবে তেওঁ জলপানি লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ শেহতীয়াভাৱে বিদেশত অধ্যয়নৰ বাবেও নিৰ্বাচিত হৈছিল।

ইতিমধ্যে কেইবাখনো চুটি ছবিত শব্দৰ কাম কৰি নিজৰ প্ৰতিভাৰ উমান দিছিল সোমনাথে। চলচিত্ৰ ক্ষেত্ৰখনত কাম কৰাৰ বাবে মনত পুহি ৰখা হেঁপাহক এই আকস্মিক দুৰ্ঘটনাই সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত এতিয়া হেঙাৰ হৈ ঠিয় দিছে।

কোনো সদাশয় লোক বা দল-সংগঠনে যদি সোমনাথক সহায় কৰিব বিচাৰে তেনেহ’লে ৯১২৭১-১০৩১৯ নম্বৰত যোগাযোগ কৰিব পাৰে।  ইয়াৰ উপৰিও আৰ্থিকভাৱে সহায় কৰিবলৈ তেওঁৰ একাউন্ট নম্বৰ তলত দিয়া হ’ল।

ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট নম্বৰঃ 20185477528, IFSC- SBIN0015768। নাইবা 9127110319 নম্বৰত গুগুল পে’ যোগে তেওঁলৈ আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰে। কাৰোবাৰ অকনমান সহায়ে সোমনাথৰ জীৱনত আশাৰ সঞ্চাৰ কৰিব পাৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd