তেনেই কম দৰমহাত খাটি থকা পৌৰ কৰ্মচাৰীসকলে পাব লগীয়া মাহিলি দৰমহাকেইটাও যোৱা ২২ মাহে পোৱা নাই। ফলত তেওঁলোক সন্মুখীন হৈছে ভয়ংকৰ অৰ্থনৈতিক সংকটৰ। বাৰে বাৰে আবেদন-নিবেদন কৰিও চৰকাৰৰ পৰা উপযুক্ত সঁহাৰি লাভ কৰা নাই পৌৰ কৰ্মচাৰীসকলে। ফলত প্ৰাপ্য দৰমহা মুকলি কৰি দিয়া আৰু চাকৰি চৰকাৰী কৰণৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি পুনৰ এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই।
২৩ ডিচেম্বৰত ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত সন্থাৰ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহকত সন্থাই আন্দোলন কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰে। সন্থাটোৱে সভাপতি সুনীল কুমাৰ শৰ্মাৰ সভাপতিত্বত প্ৰায় ডেৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অহা ৩০ জানুৱাৰিৰ পৰা ১১ ফেব্রুৱাৰিলৈকে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ সিদ্ধান্ত লয়।
সাধাৰণ সম্পাদক গিয়াছ আলীয়ে সংবাদ মাধ্যমক কোৱা মতে এই আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ৩০ জানুৱাৰিত ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ অৰ্থে জনমত গঠনৰ উদ্দেশ্যে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাজ্যজুৰি বেনাৰ, প’ষ্টাৰিং আৰু প্ৰচাৰপত্ৰিকা বিতৰণ কৰিব। ১ ফেব্রুৱাৰিত পুৱা ৭ বজাৰ পৰা ২ ফেব্রুৱাৰিৰ আবেলি ৫ বজালৈ দুদিনীয়া অৱস্থান ধৰ্মঘট, ৩ ফেব্রুৱাৰিত পৌৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ দাবীত মুখ্য মন্ত্ৰী, বিত্তী মন্ত্ৰী, বিভাগীয় মন্ত্ৰীৰ লগতে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ স্থানীয় বিধায়কসকলক স্মাৰকপত্ৰ প্ৰদান কৰিব। ৪ ফেব্রুৱাৰিত সন্থাৰ অন্তৰ্গত মাণ্ডলিক সমিতিসমূহে ৰাজ্যজুৰি মাণ্ডলিক পৰ্যায়ৰ সাংগঠনিক আৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব। আনহাতে, ৭ ফেব্রুৱাৰিত পুৱা ৭ বজাৰ পৰা ১১ ফেব্রুৱাৰিৰ আবেলি ৫ বজালৈ ৰাজ্যৰ ৯৬ খন পৌৰসভা আৰু নগৰ সমিতিৰ কৰ্মচাৰীসকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব।
সন্থাটোৱে জনায় যে ইয়াৰ পিছতো যদি ৰাজ্য চৰকাৰে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে পৰৱৰ্তী দিনৰ পৰা অনিৰ্দিষ্টকালীন সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব।
উল্লেখযোগ্য যে পৌৰ কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সমাধানৰ বাবে মাজে সময়ে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
আন্দোলনৰ মাজতে যোৱা বৰ্ষৰ ৩১ জুলাইত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ আহ্বান মৰ্মে দিচপুৰ সচিবালয়ৰ কাৰ্যালয়ৰ সভাকক্ষত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিৰে এক দীঘলীয়া আলোচনা অনুষ্ঠিত হৈছিল। আলোচনাটোত মন্ত্ৰী বৰাৰ উপৰি অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, সচিব নৰেশ ঘোষ, উপ-সচিবদ্বয় সঞ্জীৱ গোহাঁই বৰুৱা, নৰসিংহ পাৱাৰ, পৌৰ প্ৰশাসন বিভাগৰ সঞ্চালক নাজৰিন আহমেদ আদিও উপস্থিত আছিল। তাত মন্ত্ৰীগৰাকীয়ে চাৰি মাহৰ ভিতৰত ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ, ষ্টাফিং পেটাৰ্ন আৰু পৌৰ কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়াকৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। তদুপৰি বন্ধ হৈ থকা দৰমহা মুকলি কৰি দিয়াৰ লগতে মাষ্টাৰৰোল, ফিক্সড পে’, চাফাই কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰা আদি সমস্যা সমাধানৰো প্ৰতিশ্ৰুতি দিছিল।
কিন্তু এই আটাইবোৰ প্ৰতিশ্ৰুতি ফোটোকাৰফেন বুলি আক্ষেপ প্ৰকাশ কৰি চৰকাৰৰ এনে ভূমিকাৰ বিৰুদ্ধে ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকল জাঙুৰ খাই উঠিছে আৰু আন্দোলনৰ বাট ল’বলৈ বাধ্য হৈছে বুলি সন্থাই জানিবলৈ দিয়ে।