চাকিব আল হাছানৰ দৰ্শনীয় শতক আৰু লিটন দাসৰ বিস্ফোৰক ৯৪ ৰানৰ সহায়ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিশ্বকাপৰ এখন মেচত সোমবাৰে বাংলাদেশে সাত উইকেটত ঐতিহাসিক বিজয় সাব্যস্ত কৰে।
৩২২ ৰানৰ জয়ৰ লক্ষ্যৰে খেলা বাংলাদেশে মাত্ৰ ৪১.৩ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। চলিত বিশ্বকাপত বাংলাদেশৰ এয়া দ্বিতীয় জয়।
কালিৰ মেচখনত বাংলাদেশৰ জয়ত মুখ্য ভূমিকা লোৱা ষ্টাৰ অলৰাউণ্ডাৰ চাকিবে ৯৯টা বল খেলি ১২৪ ৰানত অপৰাজিত হৈ ৰয়। তেওঁ ইনিংছটো সজাই ১৬টা চাৰিৰে। আনহাতে চাকিবক যোগ্য সহযোগিতা আগবঢ়োৱা লিটনে ৬৯টা বলত বিস্ফোৰক ৯৪ ৰান কৰে। তেওঁৰ ইনিংছত ৮টা চাৰি আৰু ৪টা ছয়।
আনহাতে অপেনাৰ তামিম ইকবালেও গুৰুত্বপূৰ্ণ ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। ৱেষ্ট ইণ্ডিজৰ হৈ আন্দ্ৰে ৰাছেল আৰু অ’ছানে থমাছে এটাকৈ উইকেট লাভ কৰে।
ইয়াৰ আগেয়ে প্ৰথমে বেট ধৰি ৱেষ্ট ইণ্ডিজ নিৰ্ধাৰিত ৫০ অ’ভাৰত আঠ উইকেটৰ বিনিময়ত ৩২১ ৰান সংগ্ৰহ কৰে। মাত্ৰ চাৰি ৰানৰ বাবে শতকৰ বাবে বঞ্চিত হয় চাই হোপ। হোপৰ ৯৬ ৰানৰ ইনিংছটো চাৰিটা চাৰি আৰু এটা ছয়েৰে সজাই তুলিছিল।
হোপৰ উপৰি এভিন লিৱিছে ৭০, ছিমৰন হেটমেয়াৰে ৫০, অধিনায়ক হ’ল্ডাৰৰ বিস্ফোৰক ৩৩, নিকোলাছ পুৰানে ২৫ ৰানৰ ইনিংছ খেলে। বাংলাদেশৰ হৈ মহম্মদ ছফিউদ্দিন আৰু মুস্তাফিজুৰ ৰহমানে তিনিটাকৈ উইকেট দখল কৰাৰ লগতে চাকিব আল হাছানে দুটা উইকেট দখল কৰে।
উল্লেখ্য যে কালিৰ মেচখনত পৰাজয়ৰ লগে লগে পইণ্ট টেবুলত সাত নম্বৰত উপনীত হ’য় ৱেষ্ট ইণ্ডিজ। ৱেষ্ট ইণ্ডিজে এই পৰ্যন্ত ৫খন মেচ খেলি এখনত জয়, তিনিখনত পৰাজয় আৰু এখন মেচ ড্ৰ (বৰষুণৰ বাবে ১ পইণ্ট সংগ্ৰহ) খেলি মুঠ ৩ পইণ্ট সংগ্ৰহ কৰিছে।